গল্প :: আত্মীয়তা বনাম টকা --- ছানকুমাৰ কলিতা

"মেঘালী ! আজি মোৰ ঘৰলৈ যোৱাত দেৰি হ'ব তোমালোক শুই যাবা" ! চিটি কলনিৰ পৰা ভাহিঁ অহা এটি কন্ঠৰ স্পষ্টিকৰণত নিশাৰ ভাত সাজ খাই শুই পৰে অধ্যৱন্ত প্ৰদীপ চলিহাৰ পত্নী মেঘালী চলিহা আৰু আঠ বছৰীয়া পুত্ৰ প্ৰান্তৰ । প্ৰদীপ চলিহা কথা আৰু কৈ শেষ কৰিব পাৰিনে, "ছেনকেচ" বেংকৰ প্ৰতিটো কামৰ গুৰু দ্বায়িত্ব তেওঁৰ ওপৰতেই।একোৰে অভাৱ নাই । অভাৱ মাথোঁ সময়ৰ ।

ড্ৰয়িং ৰুমৰ চাৰ্জ ক্ল'ক টোৱে বাৰ বজাত কোঁবালে, ঠিক তেনেটে বাজি উঠিল কলিং বেলটো । মেঘালীয়ে ভয়ে ভয়ে গৈ দুৱাৰখন খুলিলে-"ও আপুনি আহিল ! ভাত বঢ়া আছে খাই ল’ব,মই শুৱগৈ ।"

"অ’ ঠিক আছে যোৱা । "- চলিহাৰ প্ৰতুত্তৰ ।

প্ৰান্তৰ কোঠালীৰ লাইট জ্বলি থকা দেখি চলিহা তাৰ ৰুমলৈ শুমাই গ'ল, "বাবা ! তুমি শুৱা নাই ?

"নাই পাপা তোমাক এটা কথা শুধিম বুলি ৰৈ আছোঁ । "

"ঠিক আছে শুধা ।"

“তুমি এঘণ্টাত কিমান উপাৰ্জন কৰা” ?

চলিহাৰ খঙে চুলি আগ পালে । “সেয়া তোমাৰ জানিবলগীয়া বস্তু নহয় । যোৱা শুই থাকাগৈ” ।

“মই মাত্ৰ জানিব বিচাৰোঁ, প্লিজ পাপা, কোৱানা” ।

“ঠিক আছে শুনা, দৰমহাৰ হিচাপত মই এঘণ্টাত এহেজাৰ টকা উপাৰ্জন কৰোঁ” ।

চলিহা কথা শুনি প্ৰান্তৰে মনে মনে কিবা এটা হিচাপ কৰিলে ।

“পাপা, তুমি মোক পাঁচ শ টকা ধাৰলৈ দিব পাৰিবানে” ?

অগ্নিশৰ্মা চলিহাৰ খঙ দুগুণে চৰিলে । "এই ৰাতিখন ভাগৰে জুগৰে আহি ঘৰ সোমাইছোঁ । এই সময়ত মোৰ লগত কি ধেমালি কৰিবলৈ আহিছ ।" চলিহা ভাবিলে, সেই টকাৰে সি পুতলা বা কম্পিউটাৰ গেম জাতীয় কিবা এটা কিনিব ।

“তুমি এতিয়াই তোমাৰ কোঠালৈ গৈ শুই থাকাগৈ । মোৰ লগত ধেমালি নকৰিবা” ।

চলিহা ধমকিত সি মাত বোল নকৰাকৈ তাৰ কোঠালৈ গৈ দুৱাৰ খন জপাই দিলে ।
মেঘালী ইতিমধ্যে শুই পৰিছিল । পোচাকজোৰ সলাই, হাত ভৰি কেইটা ধোৱাৰ পিচত চলিহাৰ মনত অলপ বেয়া লাগিল । যিয়েই হওঁক তাক তেনেকৈ ক’ব নালাগিছিল । সি মাথোন পাঁচ শ টকাহে বিচাৰিছিল । এই টকা-পইচা কাৰ কাৰণেনো উপাৰ্জন কৰিছোঁ ।

চলিহাই তাৰ দুৱাৰত টুকুৰিয়ালে, “বাবা শুই গ’লা নেকি” ?

“নাই শোৱা, সোমাই আহা পাপা”, সি চকু মোহাৰি বিচনাত বহি ক’লে ।

চলিহাই তাৰ বিচনাত বহিলে । “মোক বেয়া নাপাবা বাবা । মই তোমাক তেনেকৈ ক’ব নালাগিছিল । এয়া লোৱা তুমি বিচৰা পাঁচ শ টকা”, তাৰ হাতত নোটখন তুলি দিলে । “থেংক ইউ পাপা” বুলি সি হাঁহি মাৰি দেউতাকৰ পৰা নোটখন ল’লে । সি তাৰ গাৰুৰ তলৰ পৰা আৰু কিছুমান নোট উলিয়াই আনিলে । চলিহা দেখিলে তাৰ হাতত যথেষ্ট জমা পইচা আছে । তেওঁৰ আকৌ খং উঠিল, চিন্তা এটাই বাহঁ সাজিলে, "ইমান পইচা জমা কৰি সি কি কৰিব বিচাৰিছেঁ ।"সি টকাবোৰ হিচাপ কৰিবলৈ আৰম্ভ কৰিলে ।

“তোমাৰ হাতত ইমান টকা আছেই, আকৌ তোমাক কিয় পাঁচ শ টকা লাগে” ? তেওঁ চকু পকাই সুধিলে ।

“মোৰ হাতত যিমান খিনি লাগে সিমান খিনি টকা নাছিল, কিন্তু এতিয়া হৈ গ’ল”, সি ৰং মনেৰে ক’লে ।

“পাপা, মোৰ হাতত এতিয়া এহেজাৰ টকা আছে । এইখিনি টকা দিলে তুমি মোক তোমাৰ এঘণ্টা সময় দিবানে ? অহাকালি মোৰ জন্মদিন । তুমি অহাকালি সোনকালে আহি মোৰ আৰু মাৰ লগত একেলগে আইতা-কঁকা হতঁৰ তালৈ যাবানে ?"

তেওঁ অনুভৱ কৰিলে, অফিচৰ কামত, মোৰ কেৰিয়াৰৰ স্বাৰ্থত, সঁচাকৈয়ে সময়বোৰ পাৰ হৈ গৈ আছে, আৰু মই মোৰ মৰমৰ মানুহবোৰক সময় দিব পৰা নাই । অথচ কালি মই নাথাকিলে মোৰ অফিচত মোৰ স্থান লবলৈ আন কোনোবা এজন আহিব , কিন্তু মোৰ পৰিয়ালটোৰ কাৰণে, প্ৰান্তৰৰ কাৰণে, মেঘালীৰ কাৰণে, মোৰ জন্মদাতাঁ মাতৃ-পিতৃৰ কাৰণে মোৰ অভাৱ কোনোৱাই পূৰণ কৰিব পাৰিবনে ?

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,062
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,120
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,703
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,661