গল্প :: আৰ্তি --- শ্ৰী ৰাজেন দাস

ঘৰখন উদুলি-মুদুলি | ইয়াৰ কাৰণো আছিল | বৰবাপু দূৰৈত পঢ়িবলৈ যাব | ইটো-সিটো মানুহে ঠাহ খাইছে বাৰান্দা | এনেতে বাবুৱে মাত দিলে---- : আমাৰ দাদা দূৰৈত পঢ়িব যাব ; সপোন এটা বুকুচাত লৈ ; সেই সপোনটো আমি আইৰ ৰিহাৰ আঁচলত চাম | আইতাৰ জধলা চুমাৰ জিলিকনি খেপিয়াম . নিলীম দা ___ আপুনি দেৰগাঁও যাব নহয় , দাদাৰ লগতে যাব পাৰিব |

সপোনটোৱে আমনি কৰিলে | দিনে দিনে হোষ্টেলৰ জীৱন ভাল লগা নাই | বৰবাপুৰ অভিজ্ঞতা নাই | চাইকেলেৰেই ছয়-সাত কিলোমিটাৰ অহা-যোৱা কৰিছিল কলেজ...গাঁৱৰ বায়ু, পানী, মাটি, বোকা, ওচৰ-চুবুৰীয়া সোণ হেন চপৰা মনটোক কেইবাদিনো আমনি...এনেকৈয়ে নহ'ব | সপোন দেখিলেই নহ'ব | বাস্তৱত পৰিণত কৰিবই লাগিব | দুৱৰাচুকৰ স্মৃতিয়ে মাজে মাজে দোলা দিয়ে | মিলি দাদা , ভৈৰৱ ,নিলোতপল ,বণিক ,দেৱজিত ,ৰুণাণ্ডো দাদা হঁতে কিমান যে মৰম কৰিছিল | বুজাই দিছিল জীৱনৰ সংজ্ঞা | মনে মিলা সতীৰ্থ, ৰান্ধনী মূৰাৰী দাদা.. মুহূৰ্তবোৰে মনটোক জীপাল কৰিছিল |

আজি মনটো ভাল নাই | পাৰ্কত যাওঁ , গেটত নাযাওঁ | দিউ হাটো পাব লাগিব |
ভাল লাগি আছিল হোষ্টেল লাইফ | এই লাইফ...বিন্দাচ লাইফ..
সপোনটোক চিন্তালৈ , চিন্তাক কাৰ্যলৈ, নিওঁতে সত্তাটোক বুজাবই লাগিব ৷ কিছুমান ল'ৰা-ছোৱালীয়ে হোষ্টেল আহে ,নাহে. কি বিৰল অভিজ্ঞতা...অন্ত নাই.. নতুন বসন্তৰ; অন্ত নাই এজেণ্ডা | আজি বোলে - জি.এম., মেচ মিটিং,মেগাজিনৰ মিটিং,ফেচাৰ্চ, আলোচনী উন্মোচন, প্ৰতিভা সন্ধানী, ৰংঘৰৰ বিভিন্ন উন্নতমানৰ অনুষ্ঠান ,বিভাগৰ বিভিন্ন অনুষ্ঠান, কি বিৰল জগত ৷ চিনিয়ৰ দেৱদাদা, হৰি ,সমৰ ,ৰাজু ,ৰঞ্জন ,বিজয়, শিৱ ,নিৰৱ ,অসীম ,চাদ্দাম দাদাসকলৰ সান্নিধ্যই প্ৰভাৱ পেলাইছিল | এতিয়া উই অল অৱ মিচ...

বৰবাপুৰ নিজকে সিংহ আৰু নিগনি কাহিনীৰ কোনোবা এটা চৰিত্ৰৰ দৰে লাগে...| তথাপি আপত্তি শূণ্য গাঁৱলৈ উভতিম ৷ সকলোঁ কথা কম...গাঁৱৰ সকলোকে ৷ অই তই যে ফোন এটাওঁ নৰক ৷ তই ৰবট হৈ গলি নেকি, নে আধুনিক মায়াজালে কটকটীয়াকৈ বান্ধি পেলালে | চিলমিলে বুজাই ----বাপু ,ভাব সৌ পিতাৰৰ শুকান মুখখনলৈ | নিজে নাখাই তোলৈ সাঁচি ৰাখে | সেই আইতাগৰাকীয়ে তোমালৈ বুলি সদায় পূজাৰে নৈবেদ্য আগ কৰে, ভায়েৰকেইটালৈ চা, তোৰ মাতটো ফোনত শুনিবলৈ কিমান উদগ্ৰীৱ জান, ওচৰ-চুবুৰীয়াই তোৰ কি বুলি খবৰ লয় জান, ল'ৰাটো কেনেকৈ আছে ,কিবা অসুবিধা হৈছেনে ? আমাক জনাবি অসুবিধা হ’লে সামৰ্থ অনুযায়ী সহায় কৰিম, স্কুলৰ শিক্ষকসকলে তোৰ কথাওঁ কয় অ' | ইখন-সিখন গাঁৱৰ দুই এজনেও কেতিয়াবা খবৰ এটাকে লৈ যায় |

তোৰ ওপৰত আমাৰ বিশ্বাস আছে | তই তেনে নকৰিবি ৷ আৰে বাব্বা প্ৰেম, ইচ্ছা, আগ্ৰহ ,হেঁপাহ, অনুভৱ ইত্যাদি সকলোৰে থাকে অ '| কুৰিত বুঢ়ীতো আছেই | বন্ধুকৰ গুলিৰে কথা নক'বি তাত হৃদয়ৰ স্থান নাই;

কিৰিংকৈ বাজিল বৰবাপুৰ ফোন ৷ অ’ যদু, কোৱা-----ভাল তোমালোকৰ ?

আমাৰো ভাল |

দুই এদিন প্ৰব্লেম হয় | তথাপি মেনেজ হৈ যায় | সদায়টো লোকে নিদিয়ে ,হাতত নাথাকেওঁ |

মন কেতিয়াবা মৰুময় | উপায় নাই...

জীৱনটোক যাপন কৰি আছোঁ | আৰু আছে | নিজৰ মনটোকে বুজাই | বাতৰিত পোৱা টেবুলৰ তলেদি হাত সোমোৱাৰ অনুশীলন | নাই সি কৰিব নোৱাৰে | কোনোমতে পঠিওৱা কেইটামান পইচাৰে নাটে | পাৰোঁতে জানো কাৰোবাৰ লগত চিকেন, বিৰিয়ানী নোখোৱাকে থাকে | লগৰেওঁ খোৱালেওঁ নিজকে দুখ লাগে | বিষন্ন কৰে মন...সি বিশ্লেষণ কৰে | পূৰ্ববতী কালছোৱা | ভালকৈ এসাঁজ, এযোৰ, উপভোগ কৰিবলৈ পাইছিলনে... ? এতিয়াওটো একেই আছে অভাৱ...

প্ৰেমে শিকাই , যি প্ৰেম সচাঁ অন্তৰৰ পৰা আহে ৷ প্ৰেমে নামানে সীমনা ,ঠিকনাহে বিচাৰে.. কিন্তু আজিকালি প্ৰেম এখন বজাৰ | তাত দৰদাম হয় | নহয় জীয়াই থাকিব লাগিব |

মই কিবা প্ৰেমৰ কথা কলোঁ নেকি ? নাই নাই মোৰ ভুল হোৱা নাছিল | ঠিকেই আছিল | ভাবিছিলো সময়ৰ টিকনি একেই আছে | সেইমতেই ... প্ৰথমে ধন ,তাৰ পিছতহে জন | এতিয়া মোৰ শক্তি আছে | মই যুঁজিম , মোৰ সৈতে | ফেৰ মাৰিম সমকক্ষৰ | মই মোক গঢ়িম | তেতিয়াই বিচাৰিম | ইতি সেইবাবেই লিখোঁ | পিতাই-আইৰ সপোনটো দিঠক হ'বই লাগিব | কৰ্ষক হাতোৰাৰে সৈতে আগুৱাই যাবই লাগিব | ভাল -বেয়া বিচাৰ নিজা...

সি কথাবোৰ ভাবে | সদায় পুৱাই ৰাতি | বিষময় ৰাতি | আকৌ নতুন পুৱা...

মাই কথা পাতিছিল লাহে লাহে...বোপাই -- তই চিন্তা নকৰিবি ? মাত্ৰ পঢ় ৷ যি যোগাৰ কৰিব লাগে আমি আছোঁ, আছে সকলোঁ | তই নিজক বিচাৰি ল...মাৰ কথা অস্পষ্ট হয় | আৰম্ভ হয় মোৰ চিন্তনীয় অন্য এখন পৃথিৱী | বুকুত ম'বাইলটো লৈ টোপনি...| যেন সিওঁ মোক চিন্তাৰ জগতত হাত আগবঢ়াইছে এই খন হাত ! ক'ত ক'ত বুভূক্ষিত, নিস্পেষিত আৰ্তজনৰ বাবে...

এইবাৰ কথাবোৰ পাগুলিয়ালোঁ | কাইলৈৰ পৰা পৰীক্ষা | নিজক সদায় সুধিছোনে ? অনাই-বনাই আছোঁ | আজি আৰু নোৱাৰি | সময় নৰয় | সপোনেও শুব নিদিয়ে | খেদে | সময় অসময়ে | নুগুচে কৰুণ আৰ্তি...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,562
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,072
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,980