গল্প :: কান্দোন --- দীপ ডেকা

" বৌটি...বৌটি.....।"

নঙলামুখত পুতেকৰ মাত শুনি আঘোণী হাতত চাকিটো লৈ ল’ৰলৰালৰিকৈ ওলাই আহিল । কিন্তু ক'তা ! কোনোতো নাই ।

জপনাখন খুলি এবাৰ সোঁফালে এবাৰ বাওঁফালে তাই মনিব পৰালৈকে চাই পঠিয়ালে । নাই , কোনো নাই । এটা দীঘল হুমুনিয়াহেৰে জপনাখন মাৰি সোমাই আহিল । বাৰান্দাৰ পৰা সেউতীয়ে খুটাটোত আউজি মাক অহাৰ ফালে চাই ৰ'ল । অজানিতে যেন দুধাৰি চকুলো বৈ আহিল তাইৰ ।
"তইও যে বৌটি ! ৰমেন ককাইদেৱে বৰমাক মাতিছিল চাগে । এই বয়সত এনেকৈ দৌৰা দৌৰিখন কৰ নে ?"

আঘোণীয়ে একো নামাতাকৈ চাকিটো লৈ ভিতৰলৈ সোমাই গ'ল । সৰু সুৰা বস্তু থোৱা বাঁহৰ চাংখনৰ এটা মূৰত চাকিটো থৈ বিচনাখনত বহিল । নিতৌ হোৱাৰ দৰে আজিও এবুকু চিন্তাই বেৰি ধৰিলে তাইক । তথাপি যেন আজি কিবা বেলেগ । কিমান যে যন্ত্ৰণা ! আনকি নিজৰ মানুহটোৱেও অকালতে এৰি গৈছে তাইক । আৰু .........

সিদিনা বুধবাৰ আছিল । জোনাক ৰাতি । আঘোণীয়ে চোতালৰ আগৰ তুলসীজোপাৰ গুৰিৰ চাকিগছিলৈ চাই বহি আছিল । তেনেতে জপনাখন খুলি অনল সোমাই আহিল । আজিও সেই একেই বিৱৰ্ণ মুখখন । অসহায় নিৰুপায় ....... । সি মাকৰ কাষতে বহিল । আঘোণীয়ে পুতেকৰ মনৰ অৱস্থাতো বুজি ক'লে ,

"হ'ব দে । টুক টাক কৈ তো আমি চলিয়েই আছোঁ । ইটো সিটো কৰি থাকিম দে ।"

মাকৰ কথাখিনি শুনি সি যেন আৰু বেছি যন্ত্ৰণাহে অনুভৱ কৰিলে । যন্ত্ৰণা - মাকৰ , ভনীয়েকৰ......... আৰু তৰা ..... ? তৰা... তাৰ সপোন আশা ভৱিষ্যত ।

"চব ভুৱা । মাথোঁ ঠগ প্ৰৱঞ্চনা ! আমিবোৰ যেন জীয়াই থকাৰ যোগ্যই ন’হওঁ । আমি সিহঁতৰ পুতলা ! সম্ভ্ৰান্ত মানুহ ! সন্মানীয় মানুহ ! মুখা পিন্ধা ভদ্ৰলোক চব । আচলতে..আচলতে এইয়াই আমাৰ সমাজ । চাল্লা ..."
একে উশাহতেই যেন সি সমস্ত কথা উজাৰি দিব ! তথাপি যেন তাৰ কণ্ঠত কঠোৰতা নোহোৱা হৈ লাহে লাহে থোকা থুকি মাতৰ হৈ পৰিল কথাবোৰ .... কথাবোৰ যিমানে কৈ গ'ল আঘোণীৰ অবোধ যেন লাগিব ধৰিলে । তথাপিও তাই ভালকৈ বুজিব পাৰিলে পুতেকৰ মনৰ জুইকুৰা । এক অজান আশংকাত কঁপি উঠিল তাই ।

শনিবাৰৰ ৰাতিপুৱা । হয়তো তিনি মান বাজিছে । আঘোণী সাৰ পাই উঠিল । বিচনাখনতে ইকাতি সিকাতি কৰি চকু জাপ নিয়াব নোৱাৰাত উঠি বহিল । বেৰৰ জলঙাৰে অনুমান কৰিব পাৰিলে যে এতিয়াও ওলাই যাব পৰা জোখাৰে পোহৰ হোৱা নাই । তেনেতে তাই দুৱাৰখন আধা মেলা যেন দেখিলে । হঠাতে বুকুখন চেৰেংকৈ উঠিল । চোৰ ডকাইতে নিব লগা বহুত মূল্যৱান একো নাই যদিও এজনী গাভৰু ছোৱালীৰ মাক ৰ চিন্তা ........... ! বিচনাৰ ফালে চাই দেখে যে তাই শুই আছে । আঘোণীয়ে একো বুজিব নোৱাৰিলে । উঠি গৈ দুৱাৰখন ভালদৰে জপাই আকৌ বিচনাত উঠিল ।

"বৌটি...ককাইদেউ বিচনাত নাই ।"

-সেউতীৰ মাতত উচপ খাই উঠি বহিল আঘোণী । অনলৰ কোঠালৈ প্ৰায় দৌৰি গ'ল । যেন মুহূৰ্ততে বুজি উঠিল তাই সকলোবোৰ । সিও তাৰমানে ? গাঁৱৰ মানুহৰ মুখত বন্দুক লোৱাহঁতৰ কথাবোৰ শুনি আহিছিল । আৰু আজি ? সেই কঠোৰ বাস্তৱে তাইকো গ্ৰাস কৰিলে ! কিন্তু দোষ কাৰ ? চৰকাৰ ! সমাজ ব্যৱস্থা ! নে নিজৰ মানদণ্ডৰ কাম নহয় বুলি ভবা চিন্তা ধাৰা !
সি বহুত কথাই কৈছিল তাৰ বৌটিক ।

"বৌটি...তই একো চিন্তা নকৰিবি । মোৰ এইবাৰ চাকৰিটো খাটাং । তাৰ পিছত এটা ধুনীয়া ঘৰ সাজিম । সেউতীৰ বিয়াখনো ধুমধামকৈ পাতিব লাগিব । অ' সেউতী .... তোৰ সিজনক সাজু হ' ব কৈ দিবি ! হাঃ হাঃ হাঃ !"

আঘোণী য়ে হাঁহিব নে কান্দিব বুজিব নোৱাৰিলে ।

আৰু সেই ল'ৰাজনৰেই কথাবোৰ লাহে লাহে সলনি হ'ব ধৰিছিল ।

"বৌটি ! মই হাৰি যাম নেকি অ' ! এই সমাজখনে জীয়াই থাকিব নিদিব । মাথোঁ স্বাৰ্থ চাৰিওফালে । অকল নিজক চিনি পায় । অ' বৌটি , কেতিয়া হ'ব সপোনৰ সমাজখন য'ত কোনো দুখ-দৰিদ্ৰতা নাথাকিব ! সকলোৱে একেলগে আগুৱাই যাব ! কাৰ্লমাৰ্ক্স লেনিন জ্যোতি বসুহঁতৰ আদৰ্শই প্ৰাণ পাব ! কেতিয়া বৌটি ? "

আঘোণীয়ে একো বুজিব পৰা নাছিল । মাথোঁ জানিছিল তাইৰ অনলটোক যেন সময়ে কাঢ়ি নিলে । এটা হুমুনিয়াহ কাঢ়িছিল মাথোঁ ।

"বৌটি....বৌটি....."
- সেউতীৰ মাতত সম্বিত ঘূৰাই পালে । অতীতৰ মাজৰ পৰা ঘূৰি আহিল । কিন্তু সেইয়াই বৰ্তমান নহয় জানো !!

"বৌটি...কিমান আৰু ককাইদেউলৈ বাট চাবি ! সিহঁত বহুত দূৰলৈ গৈছে । নিজকে আৰু কিমান কষ্ট দিবি । আহ ভাত হৈছে খাওহি । ৰাতিও বহুত হ'ল ।"

বাচন থোৱা চাংখনৰ পৰা আঘোণীয়ে চাকিটো হাতত ল'লে । এনেতে অনুমান কৰিলে যে গাড়ী এখন আহি ঠিক সিহঁতৰ বাটতেই ৰৈছে । এৰা , সেইখন পুলিচৰ গাড়ী ।

"আপুনি অনল বৰুৱাৰ মাক ? থানালৈ যাব লাগিব । বডি এটা চিনাক্ত কৰিব লাগে......।"

কথাখিনি শেষ নৌহওঁতেই সেউতীয়ে হুকহুকাই কান্দি উঠিল । আৰু আঘোণী ........

একেঠাইতে তাই থৰ হৈ ৰ'ল...মাথোঁ কাণত বাৰে বাৰে বাজি উঠিল , "বৌটি ...... অ' বৌটি অ'...............।"

-সমাপ্ত

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:868
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,578
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,964
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,078
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,223
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,466