গল্প :: নবীনৰ পান – দোকান --- মৃণালৰাজ কলিতা

সি দিনা আছিল বুধবাৰ ৷ ৰাতিপুৱা শুই উঠি প্ৰতিদিনাৰ দৰে নবীনে তাৰ পাণ- দোকানখন খুলিবলৈ আহিল ৷ নিজানপুৰ গাওঁৰ গধূলীবজাৰখনত নবীনৰ পাণ – দোকানখন আছে ৷ সি এই পাণ-দোকানখনেৰেই তাৰ পৰিয়ালটো পোহ – পাল দি আছে ৷ নবীনৰ আঠ বছৰ বয়সতেই দেউতাকে চিৰদিনৰ বাবে ইহলীলা সম্বোৰণ কৰিছিল ৷ এতিয়া ঘৰত সি আৰু তাৰ ৰুগীয়া মাকজনী আছে ৷ মাকে কেন্সাৰ বেমাৰত ভুগিছে ৷ চিকিৎসা কৰিবলৈ নবীনৰ হাতত টকা নাই ৷ সি যিমান পাৰে সিমানেই টকা যোগাৰ কৰিবৰ বাবে চেষ্টা কৰিওঁ সফল হ’ব পৰা নাই ৷ কাৰণ সি যিখন পাণ – দোকাণ তাত থকা বস্তুবোৰৰ ভিতৰত তামোল-পাণ,বিড়ি-চিগাৰেট , চাধা-গুটখা, কেইপেকেটমান বিস্কুত আৰু কেইটিমান চকলেটৰ বাদে আন একো নাই ৷ নবীনে সদায়ে দোকানখনৰ পৰা যিমানখিনি টকা উপাৰ্জন কৰে সেহিখিনিৰে তাৰ ঘৰখন চলাবলৈয়ো নাটনি হয় ৷ তেনে স্থলত মাকক চিকিৎসা কৰিবলৈ টকা পায় ক’ত ? নবীনে পঢ়া শুনা কৰা নাছিল যদিওঁ হিচাপ-নিকাচত কেতিয়াও ভূল হোৱা নাছিল ৷ গ্ৰাহকসকলকৰ লগত ভাল সম্পৰ্কৰ সৃষ্টি কৰিছিল ৷

নিজানপুৰত থকা গধূলী বজাৰখনত আজি সাপ্তাহিক বুধবৰীয়া বজাৰ বহিছে ৷ নবীনে আহিয়েই দোকানখন খুলি লৈ অকণমান পৰিষ্কাৰ কৰিলে আৰু ভগৱানৰ নাম লৈ ধূপ-কাঠি কেইডালমান জ্বলাই দিলে ৷ নবীনে লক্ষ্য কৰিলে তাৰ দোকানখনলৈ প্ৰায়ে অহা মি: ঋষিকেশ শৰ্মালৈ ৷ আজিও তাৰ দোকানলৈ আহিছে ৷

তেখেতৰ ইণ্ডিকাখন নবীনৰ দোকানখনৰ সন্মুখত ৰখাই নামি আহিছে ৷ মি: ঋষিকেশে সোধে –
“কি নবীন দোকানখন কেনেকুৱা চলিছে ?”
“ভালেই চলিছে খুৰাদেউ” ৷
সি মি: ঋষিকেশক আগৰে পৰা খুৰাদেউ বুলি মাতে ৷ তেখেতে তামোল এখন মূখত ভৰাই সোধে-
“তোমাৰ মাৰাই অকণমান ভাল পাইছেনে ?”
“নাই খুৰাদেউ চিকিৎসাৰ অভাৱৰ বাবে মায়ে আগতকৈ বেছি ৰুগীয়া হৈছে ৷ মইনো কি কৰিম কওঁক, অশেষ চেষ্টা কৰিওঁ টকা কেইটামান যোগাৰ কৰিব পৰা নাই ৷ এই দোকানখনেৰে কিমাননো টকা পাওঁ” ৷

নবীনৰ দুচকুৰে দুধাৰী চকুলো নিগৰি আহিল ৷ মি: ঋষিকেশে কয়-
“হ’ব দিয়া, ভগৱামনৰ ওপৰত বিশ্বাস ৰাখা, কেতিয়াবা হ’লেওঁ তোমাক সঠিক ৰাস্তা দেখুৱাব”৷

তেনেকৈ কয়েই তেখেতে হুলস্থলীয়া বজাৰখনৰ মাজলৈ সোমাই গ’ল ৷ নবীনে চিন্তাত বিমূৰ হৈ পৰিল ৷ এইবাৰ বানৰ তান্দৱ লীলাত পৰি সিহঁতৰ জুপুৰি ঘৰটোৰো আলাই-আথানি অৱস্থা ৷ বেৰৰ তলৰ মাটিখণ্ড খহি পৰিছে ৷ খেৰৰ চালিখনত সৰু সৰু ফুটা দেকা গৈছে ৷ সি ঘৰটোকে চাব নে মাককে চাব ৷

গোটেই দিনটো নোখোৱা-নোবোৱাকৈ দোকানতে পাৰ কৰি গধূলী ঘৰলৈ উভতিল ৷ সি ঘৰলৈ আহি অবাক হ’ল ৷ ঘৰৰ মজিয়া খন তেজেৰে ৰাঙলী হৈ আছে, মাকক খাবলৈ থৈ যোৱা ভাত সাজো জুহালৰ ওপৰতে আছে, বিচনাখনৰ কাপোৰবোৰ অশৃংখল হৈ তেজেৰে ৰাঙলী হৈছে ৷ মাকে লৰচৰ নকৰাকৈ শুই থকা দেকি আগুৱাই গৈ মাতিবলৈ লওঁতেই সি চিঞৰি উঠিল ৷ মা বুলি মাতিবলৈ এইখন পৃথিৱীত তাৰ মাক আৰু জীয়াই নাই ৷ সি নিৰূপায় হৈ মাকক সাবতি কান্দিবলৈ ধৰিলে ৷

এনেকৈ প্ৰায় এমাহ পাৰ হ’ল ৷ তাৰ দোকানলৈ যাবওঁ মন নোযোৱা হ’ল ৷ তথাপিওঁ পেটৰ ভাতমুঠিৰ কাৰণে নবীনে তাৰ পাণ দোকানখনলৈ যাব লগা হ’ল ৷ সি পিছদিনা ৰাতিপুৱাই দোকানলৈ বুলি ওলাল ৷ তালৈ গৈ দেখিলে তাৰ সৰু পাণ দোকানখনৰ ঠাইত ডাঙৰ হোটেল এখন বহিছে ৷ নবীনৰ লগৰ দোকানীসকলৰ মূখৰ পৰা জানিবলৈ পালে নবীনে ভাড়া লোৱা পাণ দোকানখনৰ ঘৰৰ মালিকে তাৰ পাণ দোকানখনৰ ঠাইত এই হোটেলখন বহুৱাইছে ৷ নবীনৰ দূখৰ সীমা নাইকিয়া হ’ল ৷ তাৰ জীৱিকাৰ একমাত্ৰ সম্বল পাণ দোকানখনো আজি তাৰ হাতত নাই ৷ সি নিথৰ হৈ সেইফালে চাই থাকিল ৷

“নবীন দুখ নকৰিবাম মই জানোমাৰ মৃত্যুত তুমি যিমানখিনি দুখ পাইছিলা এই পাণ দোকানখন হেৰুৱাব লগা হোৱাতো সিমানখিনিয়ে দুখ পাইছা ৷”

“আপুনিয়েইতো কৈছিল খুৰাদেউ ভগৱানে এদিন নহয় এদিন মোক ৰাস্তা দেখুৱাব ৷ কিন্তু ক’তা….?
মোৰ প্ৰতি ভগৱান ইমানেই নিষ্ঠুৰনে ?”
“ভগৱান কাৰো প্ৰতি নিষ্ঠুৰ নহয়, নিষ্ঠুৰ এই মানুহবিলাক, এই মানৱ জাতিটো”৷

মি: ঋষিকেশে নবীনক বহুত বুজাই-বৰাই তেখেতৰ ঘৰলৈ লৈ গ’ল ৷ তাক কিছুদিন সিহঁতৰ ঘৰতে ৰাখি তাৰ মতামত বুজি লৈ এখন পাণ দোকানৰ আয়োজন কৰি দিলে ৷

লাহে লাহে নবীনে তাৰ নতুন পাণ দোকানখনৰ জৰিয়তে মূল্যহীন জীৱনটো বহুমূলীয়া কৰি তুলিবলৈ ধৰিলে ৷ মি: ঋষিকেশে কোৱা কথাষাৰ মাজে সময়ে নবীনৰ মনলৈ আহে --- “ভগৱান নিষ্ঠুৰ নহয়, নিষ্ঠুৰ আমাৰ এই মানৱ জাতিটো” ৷৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,011
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,579
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,598
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,002
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,892