গল্প :: প্ৰেম --- মন্জুষা দেৱী

গহীন গম্ভীৰ পৰিবেশ ৷ নিমাওমাও পৰিবেশে অৰ্ণৱৰ হিয়া খন আজুৰি নিব লৈছে ৷ যন্ত্ৰণাৰ উমান পাই বুকু খন উঠানমা কৰিছে তীব্ৰ গতিত ৷ বুকুৰ ভিতৰৰ ধানবনা শব্দ মাহীয়ে শুনা পাব বুলি বুকুখন জোৰকৈ ধৰিছে ৷ বৰ অসহায় আজি পৰিস্থিতিৰ ওচৰত অৰ্ণৱ ৷ নিজৰ মানসিকতাৰ ওপৰত ধিক্কাৰ জন্মিছে ৷ মাহীৰ প্ৰেম , মাহীৰ ত্যাগ,মাহীৰ মহানতাৰ সন্মুখত অৰ্ণৱ আজি তুচ্ছ ৷

অৰ্ণৱ , ধৈৰ্য্য ধৰা ৷এই সময় বিচলিত হোৱাৰ নহয় ৷ এই সাহসী ছোৱালী জনীলৈ চোৱা ৷ জীৱন যুদ্ধত হাৰিও চকুলো টুকা নাই ৷ কাৰণ তাইৰ ভিজা চকুযুৰিয়ে যে তোমাক কষ্ট দিব ৷ এইয়া তোমাৰ পত্নী তোমাৰ প্ৰেয়সীৰ প্ৰকৃত প্ৰেম ৷ তাইক হাঁহি হাঁহি বিদায় দিয়া ৷
অস্ত্ৰোপচাৰ ৰুমৰ মাহীক লৈ যোৱা হল ৷ মৃতপ্ৰায় শৰীৰ ৷ জীৱন যুদ্ধৰ এজনী সফল নায়িকা ৷ জীৱন মৃত্যুৰ আগক্ষণত ও প্ৰিয়তমৰ হাতত ধৰি শেতা হাঁহিৰে সাহস দিছে, তাইৰ হৃদয়ে যেন কব বিচাৰিছে অৰ্ণু মই আহিম সোনকালে ৷ তুমি মন বেয়া নকৰিবা ৷

. . একদম দুষ্ট দেই তুমি ৷ কিয়নো ইমান জোকাই থাকা ৷ মই কান্দিয়েই পেলাম কিন্ত ৷
মাহী ৰ এনে শিশুসুলভ কথাবোৰেই অৰ্ণৱৰ জীৱন ৰঙীয়াল হৈ আছে ৷

অৰ্ণৱ আৰু মাহী দুয়ো দুৰ্দান্ত প্ৰেমিক ৷ প্ৰেমৰ ইতিহাসৰ সুচনা কৰাৰ মন ৷ ব্যবসায়ীত নামজ্বলা অৰ্ণৱৰ পৰিয়ালৰ মানুহেও গাৱঁৰ সহজ সৰল মাহীক বোৱাৰী কৰিবলৈ কুন্ঠাবোধ কৰা নাই ৷ ব’হাগৰ সোমবাৰৰ ভাল ক্ষণ চাই হিন্দু বেদৰ মন্ৰৰ ধ্বনিৰে মুখৰিত পৰিবেশত অৰ্ণৱ আৰু মাহী এক হোৱাৰ শপত লৈছিল ৷ তুমি মোৰ মাথোঁ মোৰ ৷ তোমাৰ সকলো দুখ আজিৰ পৰা মোৰ আৰু মোৰ সকলো সুখ একান্ত ভাৱে তোমাৰ ৷ সেই দিন ধৰি মাহীয়ে নিজৰ দুখ অৰ্ণৱৰ জীৱনলৈ ভুলবশতঃ ও আনিব দিয়া নাই ৷

মাহী আমাৰ বিয়াৰ ৬টা মাহ পাৰ হওঁ হওঁ ৷ কিন্ত তুমি কিয় ?

অৰ্ণৱৰ বুকুৰ মাজত মাহী সোমাই যায় ৷ অৰ্ণু, আমাৰ প্ৰেম জানো কেতিয়াবা শাৰীৰিক আছিল ? আমি আত্মিক প্ৰেম কৰিছিলোঁ আৰু এই প্ৰেমক তেনেদৰেই জীয়াই ৰাখিবলৈ ও প্ৰতিশ্ৰুতি দিছিলোঁ ৷

মাহী আমাৰ প্ৰেম আত্মিক হয় আৰু সদায় থাকিব ৷ কিন্ত এতিয়া আমি পতি পত্নী ৷ প্ৰেমিক প্ৰেমিকা নহয় ৷ আত্মাৰ প্ৰেম নহয় বৈবাহিক জীৱনত শাৰীৰিক সম্পৰ্কেই প্ৰেমক বেছি মজবুত কৰে ৷ আমাৰ মন এক কিন্ত তোমাৰ শৰীৰ এতিয়াও মোৰ কাৰণে অচিনাকি ৷অৰ্ণৱ বিছনাৰ পৰা উঠি একে জাপে খঙতে বাহিৰলৈ ওলাই গ’ল ৷

মাহী মাথোঁ কান্দি ৰল ৷ অৰ্ণু মই দেহে মনে মাথোঁ তোমাৰ ৷ তোমাক বহুত ভাল পাওঁ বহুত ভাল পাওঁ ৷ মাহীৰ মাথা আচন্দ্ৰাই ধৰিছে তাই চিঞৰি উঠিছে অৰ্ণু ::::::::::::::::

বৰুৱা মামা মাহীৰ কি হৈছে?

মিঃ অৰ্ণৱ চলিহা আপোনাৰ ৱাইফ মোৰ ভাগিন ৷ ছোৱালী আৰু মোৰ ৰোগী হয় ৷ মই তাইৰ চিকিৎসা তাই সৰু থকাৰ পৰাই কৰি আহিছোঁ ৷

তাইৰ যেতিয়া মানসিক চাপ বেছি তাই মুৰ্চা যায় ৷ কিন্ত ডা° মামা মাহীৰ এনেকুৱা তো কোনো দিনা হোৱা নাছিল ৷

মিঃ চলিহা মাহী এজনী মানসিক ৰোগী৷

মানসিক ৰোগী ?

মানসিক ৰোগী বুলি ক’লেই সকলোৱে পাগল বুলি কয় ৷ কিন্ত মস্তিস্কৰ বহুত ৰোগ থাকে ৷ সকলো ৰোগী পাগল নহয় ৷ মাহীৰ ব্ৰেইনৰ নাৰ্ভ চিষ্টেমে কাম নকৰা হৈছে ৷ তাই বিয়াৰ পিছত যেতিয়া গম পালে তাইৰ দেহত এইডচৰ বীজাণু আছে তাই ভাগি পৰিছে ৷ মৃত্যুৰ সময়ত মাহীৰ মাকজনী য়েও তাইৰ এই বেমাৰৰ কথা কোৱা নাই ৷ মই ও ভনীয়েকৰ মোহত অন্ধ হৈ মাহীক একো জানিব দিয়া নাছিলো ৷ বিয়া হৈ তাই তোমাৰ জীৱনলৈ আন্ধাৰ নমাই অনা বুলি নিজকে মানসিক কষ্ট দি আছে ৷ তাইৰ মানসিক চাপৰ ফলত ৰুগীয়া দেহাটোত আৰু হাজাৰ টা বেমাৰৰ উৎপত্তি হৈছে আৰু মানসিক ভাৱে দুৰ্বল হোৱা বাবে তাইৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা হৈছে ৷

অৰ্ণৱৰ মুৰত যেন সৰগ সৰি পৰিছে ৷ সি এইবোৰ কি শুনিছে ৷ নিজ কানেৰে শুনা কথাবোৰ সি মানি ল’বলৈ টান পাইছে ৷ তাই মাহীৰ ওপৰত অত্যাচাৰ কৰি আহিছে ৷ আজি তাৰ বাবেই তাৰ মাহী জনী জীৱন মৃত্যুৰ লগত যুজি আছে ৷ অজানিতেই সি অপৰাধী হৈ পৰিল ৷ অৰ্ণৱ হুকহুকাই কান্দিব ল’লে ৷দুখ ক্ষোভত সি জৰ্জড়িত ৷

মিঃ চলিহা

ডা° মাতত সি ঘুৰি চালে ৷

এই কাগজত চহী কৰক ৷ বেছি দেৰি কৰিব নোৱাৰি ৷ মাহীৰ অস্ত্ৰোপচাৰৰ জোগাৰ হৈছে ৷
অৰ্ণৱৰ হাত কপিব লৈছে ৷ নিজে সি কেনেকৈ চহী কৰিব য’ত লিখা আছে তাইৰ মৃত্যুৰ বাবে ডা° নতুবা হস্পিতালৰ কৰ্তৃপক্ষ কোনো দায়ী নহ’ব৷ আজীৱন একেলগে জীয়াই থকাৰ প্ৰতিশ্ৰুতি দি সি কেনেকৈ ঠেলি পঠাব মৃত্যুৰ মুখলৈ তাইক ৷ সি ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰিব??

মিঃ চলিহা মাহীয়ে মোক এইখন ডায়েৰী আপোনাক দিব দিছিল য’ত তাই নিজৰ জীৱন বৃত্তান্ত লিখিছে ৷

চলচলীয়া চকুযুৰিয়ে ডায়েৰীৰ পাত লুটিয়াব ল’লে ৷ মাহীৰ প্ৰেম ৰ ওচৰত তাৰ জীৱন তুচ্ছ হৈ পৰিল ৷ নিজৰ চকুতেই সি বহুত তললৈ নামি আহিল ৷

অৰ্ণু মই জানো ফুলশয্যা নিশা তুমি বহুত কষ্ট পাইছিলা ৷ তাৰ পিছত প্ৰতিতো নিশা অশান্তিত পাৰ কৰিছা ৷ মই সকলো বুজোঁ সকলো জানো অৰ্ণু ৷ কিন্ত মই নিজকে তোমাৰ ওচৰত সপিব নোৱাৰিলোঁ ৷ মোৰ দেহৰ শিৰাই উপশিৰাইদি বোৱাই যোৱা এইডচৰ বীজানুৰ তোমাৰ দেহাত মই থিতাপি ল’ব দিব নোৱাৰিম ৷ মাতৃৰ গৰ্ভৰ পৰাই মই এই বেমাৰ লৈ ফুৰিছোঁ আৰু মই গ’ম পালোঁ বিয়াৰ দুদিন মান আগত যেতিয়া মই ঢলি পৰিছিলোঁ আৰু মোক হস্পিতাললৈ অনা হ’ল তেতিয়া ৷

তোমাক বহুত ভাল পাওঁ অৰ্ণু মই ৷ তুমি জীয়াই থাকিব লাগিব ৷ আমাৰ সপোনবোৰক তুমি সজাব লাগিব ৷মোক বেয়া পাই নাথাকিবা ৷অৰ্ণু তোমাক মই বহুত ভাল পাওঁ ৷ বহুত ভাল পাওঁ

মাহী ….

অৰ্ণৱ দৌৰি গৈছে ৷ইতিমধ্যে মাহীক সেউজীয়া সাজত অস্ত্ৰোপচাৰ ৰুমৰ পৰা ওলাই অনা হ’ল ৷ মাহী নহয় মাহীৰ মৃত শৰীৰ ৷

অৰ্ণব নিৰ্বিকাৰ ৷ বাকৰুদ্ধ সি ৷ চকুৰ পৰা অহৰহ পানী বৈছে একো বাধা নামানি ৷

মিঃ চলিহা মৃত্যুৰ সৈতে মাহীয়ে যুজিব নোৱাৰিলে ৷ চ’ৰী ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,797
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,032
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,300
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,019
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,668