গল্প :: পৰিচয় --- প্ৰদীপ দাস

প্ৰদীপ দাস's picture

এক বিশেষ কায়দাৰে কেঁচিখনৰ গুৰিফালে থকা ফুটা দুটাৰ এটা ফুটাত সোঁহাতখনৰ বুঢ়া আঙুলিটো আৰু আনটো ফুটাত অনামিকা আঙুলিটো সোমোৱাই লৈ ওখ চকীখনত এজন জীৱিত মানুহক মৃত মানুহ এজনৰ দৰে বহুৱাই তেওঁৰ চাৰিওফালে ঘূৰি ঘূৰি দীঘল আৰু অসমান হৈ থকা চুলিবোৰ সমান কৰিবলৈ যেতিয়া সি চেষ্টা কৰে , সেই সময়ত তাৰ মনলৈ সামান্য ভাৱ এটাও নাহে যে সমাজত তাৰ পৰিচয় এজন নাপিত । 'কৰ্মই ধৰ্ম' বুলি কোৱা কথাষাৰিৰ আঁত ধৰি এটা যন্ত্ৰৰ দৰে সি কেৱল কৰি যায় নিজৰ কাম । এনেকুৱা সময়তে কেতিয়াবা হাতত কম সময় থকা ব্যস্ত মানুহ এজন আহি ওলাইহি আৰু তালৈ চাই প্ৰশ্ন কৰে -

: ভাইটি , হ'বনে এতিয়া ? আৰু কেইজন আছে ?

: দুজন ।

- মানুহজনলৈ নোচোৱাকৈয়ে চিৰাচৰিত উত্তৰটো দি সি হাতৰ কেঁচিখন ওখ চকীখনত বহি থকা মানুহজনৰ মূৰৰ ওপৰত এৰি দিয়ে ।

দৈনিক বিশ-পঁচিশজন মানুহৰ আগমন ঘটা তাৰ চেলুনখনৈ কেতিয়াবা দুই- এজন নতুন গ্ৰাহক আহে । তিনি আলিটোৰ আশে-পাশে প্ৰায় তিনি কিলোমিটাৰ ধৰি অন্য চেলুন নথকাৰ বাবে তাৰ চেলুনৰ দুৱাৰমুখ মানুহৰ ভিৰত সদায় গমগমীয়া হৈ থাকে ।চেলুনখনৰ সন্মুখত পাৰি দিয়া দীঘল বেঞ্চিখনত চুলি বা ডাঢ়ি খুৰাবলৈ অপেক্ষাৰত মানুহবোৰ বহি এটা সৰু-সুৰা আড্ডাও সৃষ্টি কৰে । সেই আড্ডাৰ মাজলৈ প্ৰায় তাকো আমন্ত্ৰণ জনাই । সি মাথোঁ স্বাভাৱিক উত্তৰ কেইটা দি আড্ডাৰ অন্তৰ্ভাগৰ পৰা বিৰত থাকে । তাৰ উত্তৰবোৰ সদায় একেই থাকে । - " ওঁ , হয় , আছে , নাই , হ'ব , আহক-বহক ... ।"

বচ ,এইকেইটা শব্দ আজি ছটা বছৰে অনেক মানুহক কৈ কৈ তাৰ যেন মুখস্থ হৈ গৈছে ।

পুৱা ন বজাত চেলুন খুলি , সন্ধ্যা ছয় বজাত বন্ধ কৰি দিনটোৰ উপাৰ্জনখিনি পকেটত সুমুৱাই তিনি আলিটোৰ কাষতে বহা দৈনিক বজাৰ খনৰ পৰা লাগতিয়াল বস্তু দুপদ মান লৈ কেতিয়াবা খোজকাঢ়ি অথবা কেতিয়াবা পুৰণি চাইকেলখনত উঠি যেতিয়া সি ঘৰমুৱা হয় , সেই সময়ত তাৰ ভাৰাক্ৰান্ত মনলৈ এটা কথা সঘনাই আহে - আজি সমাজত তাৰ পৰিচয় এজন নাপিত ! কিন্তু মাক দেউতাকৰ নিস্পাপ মুখদুখন , পত্নীৰ আকলুৱা মৰম আৰু তাৰ সদ্যজাত কেচুৱাটোৰ মুখৰ হাঁহিটো দুচকুত ভাঁহি উঠাৰ লগে লগে মনৰ সকলো হতাশা নিমিষতে যেন ছাৰখাৰ হৈ যায় ।সমাজৰ স'তে নিজক তুলনা কৰিবলৈ যোৱা মানেই যে সি এই প্ৰাণীকেইটাৰ সেৱাৰ পৰা বঞ্চিত হ'ব ।এটা অকৰ্মণ্য পুত্ৰ অথবা স্বামীৰ লাঞ্ছণা ভোগ কৰি থকাটো কিমান পৰিতাপৰ আৰু লজ্জাজনক কথা , সেয়া সি তেতিয়াই অনুভৱ কৰিছিল যেতিয়া জীৱনৰ ছন্দ বিচাৰি হাবাথুৰি খায় ফুৰিছিল ।

সৰু মোনাটোত টিফিন বক্সটো ভৰাই , চেলুনৰ দৰ্জাখনত ডাঙৰ তলাটো ওলমাই তিনি আলিটোৰ দক্ষিণ দিশত অৱস্থিত দৈনিক বজাৰখনৰ ফালে সি ৰাওনা হ'ল । সন্ধ্যাৰ সময় । অলপ সময় ইফালে-সিফালে চাই বেপাৰী দুজনমানৰ পৰা দৰ দাম নকৰাকৈ প্ৰয়োজনীয় শাক-পাচলি কেইটামান লৈ সি ঘৰলৈ আহিবলৈ সাজু হ'ল । আজি ঘৰৰ পৰা আহোঁতে সি চাইকেল অনা নাছিল । গতিকে এতিয়া খোজকাঢ়িয়ে ঘৰলৈ যাব লাগিব । মনতে ভাবিলে সি ।

তিনি আলিটোৰ পৰা তাৰ ঘৰলৈ মাত্ৰ ৫০০ মিটাৰ বাট । সন্ধ্যা সময়ত অলপমান খোজকাঢ়ি অৱশ্যে বেয়া নালাগে । দিনটো প্ৰায় জঠৰ হৈ থকা শৰীৰটোলৈ খোজকাঢ়িলে কিছু সতেজতাও আহে । আনহাতে পাৰ হৈ যোৱা দিনটোৰ কিছুমান কথা বিশ্লেষণ কৰি আহি থাকোতে কেতিয়া যে ঘৰ পাইহি সি ধৰিবই নোৱাৰে ।কেতিয়াবা এনেকুৱা মূহুৰ্তবোৰত তাৰ মানসপটত অতীতৰ কথা কিছুমানে ওন্দুলি দিয়ে । সেইটো অতীত , যিটো অতীতত তাৰ আশা আৰু স্বপ্নবোৰ বিস্তৃত আকাশৰ সমান বহল আছিল অথবা যিটো অতীতে তাক অভিজ্ঞ কৰি তুলিছিল যে - জীৱনটো কেৱল আশা আৰু স্বপ্নক লৈয়ে পূৰ্ণাংগ নহয় । স্বপ্নৰ বোকোচাত উঠি মানুহে জীৱনটো যিমান ৰঙীন দেখে বাস্তৱত মলীনতাই ভৰপূৰ জীৱনৰ ৰং । সেই মলিনতাক আঁতৰাবলৈ মানুহে বহুত শ্ৰম আৰু ধৈৰ্য ধৰিবলগীয়া হয় ।

এছাটি মৃদু বতাহে তাৰ সৰ্বাংগ চুই গ'ল । শীতকালৰ বতাহ । সেই বতাহ ছাটিয়ে যেন সূদূৰ অতীতৰ দৃশ্যাংশ তাৰ মানস পৰ্দাত প্ৰতিফলিত কৰি তুলিছে ।

হাইস্কুলত পঢ়ি থকা সময়ৰ কথা । অসমীয়া বিষয় শিক্ষক সদানন্দ শইকীয়াই এদিন সিহঁতক নিজৰ জীৱনৰ লক্ষ্যৰ ওপৰত ৰচনা লিখিবলৈ দিছিল । সি আৰু তাৰ সহপাঠি সুসান্তই দেশ প্ৰতিৰক্ষা বাহিনীত যোগদান কৰাৰ কথা লিখিছিল । কেৱল লিখাই নহয় সৰুৰে পৰা সি মনত আৰ্মি হোৱাৰ সপোন এটাও পুহি ৰাখিছিল । কিন্তু তাৰ সপোন পূৰ্ণ নহ'ল অথচ সুসান্ত এদিন নিজৰ লক্ষ্যত উপনীত হ'ল । সৰুৰে পৰা একেখন কাঁহীতে ভাত খোৱা , একেলগে খেলি, ওমলি ডাঙৰ হোৱা সুসান্তৰ লগত এদিন তাৰ সকলো সম্পৰ্ক শেষ হৈছিল । তেতিয়া সি হায়াৰ ছেকেণ্ডাৰীত পঢ়ি আছিল । ইয়াৰ একমাত্ৰ কাৰণ স্বৰূপে সিহঁতৰ মাজত থিয় হৈছিল সুসান্তৰ ভগ্নী কৰবী ।

প্ৰেমৰ সাগৰখন যিমান বহল সিমান গভীৰও । যি সেই গভীৰতাত ডুব যায় , তাৰ পৰা উঠিবলৈ সাধ্য নাই ।কৰবীৰ প্ৰেমৰ সাগৰত ডুব গৈ সি মৰমৰ মৌ পান কৰিবলৈ সমৰ্থ হৈছিল সঁচা কিন্তু হেৰুৱাব লগা হৈছিল তাৰ একালৰ প্ৰিয়বন্ধু সুসান্তক । আৰু ক্ৰমান্বয়ে তাৰ জীৱনৰ ৰঙো যেন সলনি হবলৈ ধৰিছিল । সিহঁতৰ সম্পৰ্কৰ কথা অৱগত হোৱাৰ পিছত সুসান্তই মাত্ৰ তাক এষাৰ কথাই কৈছিল -

: তই মোৰ বন্ধু । কিন্তু বন্ধুৱে যেতিয়া বন্ধুৰ ভনীয়েকক নিজৰ ভনী হিচাপে গ্ৰহণ কিব নোৱাৰে , সেই বন্ধুত্বৰ কোনো অৰ্থ নাথাকে... ।

কথাষাৰ কৈ সুসান্ত তাৰ ওচৰৰ পৰা আঁতৰি গৈছিল । সুসান্তৰ যুক্তিৰ প্ৰত্যুত্তৰ সি একো দিব পৰা নাছিল । নিজকে স্বাৰ্থপৰ যেন লাগিছিল তাৰ । সি যেন বন্ধুত্বৰ নামত এক কলংক । যাৰ মৰ্যাদা ৰাখিবলৈ সি অসমৰ্থ হ'ল । বিশ্লেষণ কৰিবলৈ বাধ্য হৈছিল সি - কোন শ্ৰেষ্ঠ ? প্ৰেম নে বন্ধুত্ব ? এপাচি শাকত এটা জালুকৰ জ্বালা নথকাৰ দৰে তাৰ অপৰিসীম ভাৱনাৰ ওচৰত সেই প্ৰশ্নৰ সমিধান নাছিল । সমিধান দিছিল কৰবীয়ে -

: যৌৱনত প্ৰথম খোজ দিয়ে তোক লগ পালো । এতিয়া তই মোক উজুটি খোৱাই এৰি যাব ওলাইছ ! জীৱনত বন্ধু বহুত পোৱা যায় । কিন্তু ভালপোৱা মাথোঁ এবাৰেই আহে আৰু মোৰ ভালপোৱা কেৱল তই । মই তোৰ বাহিৰে আনক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো নিৰ্বানদা ।

কৰবীৰ সজল দুচকুৰ পাৰ ভেদি বৈ অহা চকুলোৱে তাৰ মনৰ সমস্ত ভাৱনা যেন ধুই নিকা কৰি দিছিল । আলফুলে তাইক সাৱতি লৈ সি প্ৰতিশ্ৰুতি দিছিল -
: তই সদায়ে মোৰ হৈয়ে থাকিবি কৰবী । কেতিয়াও তোক মই আনৰ হ'বলৈ নিদো । মোৰ বিশ্বাস আমাৰ ভালপোৱা যদি সঁচা আৰু পবিত্ৰ হয় মোৰ বন্ধুত্ব এদিন নিশ্চয় ঘূৰি আহিব ।

কথাষাৰ কৈ এটা তপত চুমা আঁকি দিছিল সি তাইৰ ওঁঠত ।

একেখন গাঁৱতে আছিল সিহঁতৰ ঘৰ । মাত্ৰ ৰাস্তাটোৰ ইপাৰ-সিপাৰ । হায়াৰ ছেকেণ্ডাৰী চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়তে সুসান্তাই বি.এছ.এফ. ত সুবিধা পাই গুছি গৈছিল দেশ প্ৰতিৰক্ষাৰ কামত আৰু সি থাকি গৈছিল অকলশৰীয়া হৈ । সুসান্তৰ সংগহীনতাত তাৰ যদিও কষ্ট হৈছিল কৰবীৰ মৰমে সকলো পাহৰাই ৰাখিছিল ।

সময় বাগৰিছিল । ইতিমধ্যে কৰবীয়ে মেট্ৰিক পাছ কৰি কলেজত এডনিশ্যন লৈছিল । হায়াৰ ছেকেণ্ডাৰী পাছ কৰি এটা বছৰ ডিগ্ৰীত পঢ়াৰ সময়তে তাৰ ককায়েক নৰিয়াত পৰিল । বৃদ্ধ পিতৃ আৰু তাতকৈ দুবছৰৰ সৰু ভায়েকৰ ওপৰত ভেজা দি তাৰ আৰু পঢ়িবলৈ মন নগ'ল । পঢ়াৰ ইচ্ছাক সিমানতে বিসৰ্জন দি সি ঘৰৰ দায়িত্ব কান্ধপাতি ল'বলৈ অগ্ৰসৰ হ'ল ।

কিন্তু সি এতিয়া কৰিব কি ? ক'ৰপৰা আৰাম্ভ কৰিব জীৱনৰ আচল যাত্ৰা ? সি যেন আহি জীৱনৰ শূন্য প্ৰান্তত উপস্থিত হ'ল । এই শূন্যতাৰ প্ৰান্ত বিন্দুৰ পৰা জীৱনৰ সৰল ৰেখাডাল অংকন কৰিবলৈ তাৰ হাতত নাই ৰং তুলিকা । উকা কেনভাচ এখন সন্মুখত লৈ ৰঙৰ অভাৱত হামিয়াই-হিকটিয়াই থকা কোনো চিত্ৰকৰৰ দৰেই তাৰ অৱস্থা হ'ল শোচনীয় ।

দুটা বছৰ বেকাৰ হৈ ঘৰত সময় অতিবাহিত হোৱাৰ পিছত এদিন হঠাৎ দেউতাকৰ হৃদয়বিদাৰক কথা এষাৰ আহি তাৰ কানত পৰিল ।

:মতা ম'হ এটা পুহিলেও খেতিৰ দিনত সহায় হয়। কিন্তু তোৰ দৰে এটা মতা মানুহক পুহি মই কি আশা কৰিব পাৰোঁ... ।

মাত্ৰ এষাৰ কথা । কিন্ত এই এষাৰ কথাই তাৰ জীৱনৰ লক্ষ্য , আশা-আকাংক্ষা সকলো নিমিষতে যেন সলনি কৰি দিলে । কলেজলৈ নিয়া সৰু বেগটোত দুযোৰ কাপোৰ ভৰাই ৰাতিটো সীমাহীন কথাৰে নিজৰ স'তে যুঁজি যুঁজি সি এটা সিদ্ধান্ত ল'লে আৰু পিছদিনা পুৱাই ওলাই গ'ল । যোৱাৰ আগমূহুৰ্তত মাত্ৰ কেইটামান ছেকেণ্ডৰ বাবে কৰবীক লগ কৰি এটুকুৰা কাগজ দি গ'ল -
" মই আহালৈ বাট চাবি । "

কৰবীক বিদায় জনাই প্ৰথমে সি তিতাবৰ ৰেল ষ্টেচনত উপস্থিত হ'ল । তাৰ পৰা তিনিচুকীয়া অভিমুখে যোৱা এখন যাত্ৰীবাহী ট্ৰেইনত উঠি তাৰ অলস দেহাটো ট্ৰেইনৰ ছিটত এৰি দিলে । লক্ষ্যহীন যাত্ৰা ।মনত সংকল্প - কৰবাত কিবা এটা কাম কৰিব সি , যি কামেই নহওক !

দুটা দিন ভোকে লঘোণে তিনিচুকীয়া চহৰত ঘূৰি ফুৰাৰ পাছত তৃতীয় দিনা সি গৈ এখন চেলুনৰ সন্মুখত উপস্থিত হ'ল । তাৰ শুকাই যোৱা মুখমণ্ডল আৰু জধলা মূৰ দেখি চেলুনৰ নাপিতজন আগবাঢ়ি আহিল আৰু চকীখনত বহিবলৈ ইংগিত দিলে । সি কোনো উত্তৰ নিদি মৌন হৈ চেলুনৰ সন্মুখৰ বেঞ্চিখনত বহিল । নাপিতজনে তাক বহু সময় ধৰি লক্ষ্য কৰি আছিল । কিন্তু তালৈ তাৰ কোনো ভ্ৰূক্ষেপ নাছিল ।নাপিতটোৱে তাক সুধিলে -: ক'ত যাবা ?

: নাজানো ।

নাপিতটোলৈ নোচুৱাকৈয়ে সি উত্তৰ দিলে । তাৰ কথা শুনি নাপিতটো বোধহয় আচৰিত হ'ল । গ্ৰাহকৰ অনুপস্থিতিত তাৰ লগত কথা পাতি সময় ব্যয় কৰাৰ মানসেৰে তেওঁ বেঞ্চিখনত বহিছিল । কিছুসময় তাক নিৰীক্ষণ কৰি তেওঁ পুনৰ সুধিলে -

: তোমাৰ ঘৰ ?

সি নাপিতটোৰ মুখলৈ চালে । উত্তৰৰ পৰিৱৰ্তে সি ওলোটাই প্ৰশ্ন কৰিলে -

: মোক কাম লাগে । পোৱা যাব ?

তাৰ কথা শুনি নাপিতটো খন্তেক ৰ'ল । তাৰপিছত কলে -

: চুলি কাটিব পাৰিবা ?

: হুঁ ।

নাপিতটোৰ কথা শুনি সি নজনাকৈয়ে এটা হুমূনিয়াহ বাগৰি গ'ল তাৰ নাকেৰে । থৰ হৈ পৰিল চকু । জঠৰ যেন হৈ পৰিল শৰীৰ । চুলি কাটিব সি ? নাপিত হ'ব ? পাৰিবনে সি এনে কৰিব ? পাৰিব জানো সি ইয়াক জীৱনৰ সম্বল স্বৰূপে গ্ৰহণ কৰিব ? অযুত প্ৰশ্নই তাৰ মস্তিস্ক উতলাই তুলিলে । কিন্তু , মাত্ৰ কেইটামান মূহুৰ্ত । হঠাৎ সি বহাৰ পৰা উঠি থিয় হ'ল আৰু নাপিতটোলৈ চাই ক'লে-
: ও । পাৰিম ...।

: ... সেইটো নিৰ্বান নহয় নে ?

আগফালৰ পৰা ভাঁহি অহা কাৰোবাৰ মাতত তাৰ তন্ময়তা ভাগিল । কিন্তু আন্ধাৰত কোন ধৰিব নোৱাৰিলে । অতীতৰ প্ৰতিছবিখন তাৰ মনৰ পৰ্দাৰ ভাঙি থানবান হৈ গ'ল । ওচৰ চাপি লক্ষ্য কৰিলে সিহঁতৰ গাৱঁৰে এজন মানুহ । মানুহজন তাৰ কাষ চাপি আহি ক'লে -

: তই ৰাতিপুৱা আমাৰ ঘৰত সোমাই যাবিচোন । আমাৰ সৰু ল'ৰাটোৰ চুলিকিডাল কাটিব লাগে অ' ।

: হ'ব ।

মানুহজনক খুব চমুকৈ উত্তৰটো দি সি আকৌ খোজ ল'লে । বাহিৰত নিয়ৰ পৰিছে । শৰীৰটোৰ লগতে তাৰ মনটোৱে যেন নিয়ৰে সেমেকাই তুলিছে । খোজৰ গতি বঢ়াৰ লগে লগে তাৰ মনলৈ আকৌ অতীতৰ প্ৰতিছবিখন আহি ধৰা দিলেহি । জোৰ কৰিও আজি সেই অতীতৰ কথাবোৰ সি মনৰ পৰা আঁতৰাই পঠাব পৰা নাই ।

সুদীৰ্ঘ তেৰ মাহৰ পাছত সি যেতিয়া তিনিচুকীয়াৰ পৰা ঘৰলৈ উভতিছিল তেতিয়া তাৰ মত অনেক কথা, অনেক প্ৰশ্নই উন্দুলি দিছিল । জীৱনত কম মূলধনেৰে উপাৰ্জন কৰিব পৰা বিদ্যা এটা সি শিকিলে সঁচা ,কিন্তু তাৰ এই বিদ্যাক ঘৰখনে , সমাজখনে আদৰি ল'বনে ? সিহঁতৰ সমাজত অসমীয়া ল'ৰাই হাজিৰা কৰি সংসাৰ চলোৱাৰ বহুত উদাহৰণ আছে কিন্তু এইখন সমাজত আজি পৰ্যন্ত কোনেও নাপিত কৰাৰ নজিৰ নাই । পাৰিবজানো সি তাৰ এই ৰূপক সমাজৰ আগত দাঙি ধৰিব ? আৰু কৰবী ? তাই জানো কেতিয়াবা তাক নাপিত ৰূপত কল্পনা কৰিছে ? যেতিয়া তাই কেতিয়াও নভবা তাৰ ৰূপটো দেখিব , পাৰিব জানো তাক গ্ৰহণ কৰিব ?সীমাহীন প্ৰশ্ন আৰু ভাৱনাই তিনিচুকীয়াৰ পৰা তিতাবৰলৈ অহা সমগ্ৰ বাটছোৱা তাৰ মনটো ভাৰাক্ৰান্ত কৰি তুলিলে । অন্তিমত মনৰ ভিতৰতে সি এটাই সিদ্ধান্ত ল'লে যে - লজ্জাই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ অভিশাপ । এই লজ্জাক প্ৰত্যাহ্বানস্বৰূপে লৈ সি আগুৱাই যাব । ইয়াৰোপৰি কৰ্মৰ সৰু বৰ নাই । সি জানে ইয়াৰ বাবে লাগিব অসীম ধৈৰ্য আৰু সাহস । ইতিমধ্যে এই তেৰটা মাহ সি সাহসিকতাৰে বুকুত ধৈৰ্য লৈ কৰি গ'ল নিজৰ কাম যাৰ ফলস্বৰূপে আজি সি নিজৰ ভৰিত থিয় হ'ব পৰাৰ সামৰ্থ্য অৰ্জন কৰিছে আৰু ভৱিষ্যতেও তাক এই কাৰ্যত বিশ্বাসঘাতকতা নকৰে বুলি তাৰ বিশ্বাস । কথাবোৰ ভবাৰ লগে লগে তাৰ মনটো পাতল পাতল যেন লাগিল । গাড়ীৰ পৰা নামি মনৰ সমস্ত আৱেগ নেওচি আনন্দৰে সি ঘৰত প্ৰৱেশ কৰিলে ।

তেৰটা মাহৰ পিছত তাৰ উপস্থিতিয়ে ঘৰখনলৈ এক আনন্দৰ পৰিৱেশ কঢ়িয়াই আনিলে । কেইটামান দিন ঘৰখন প্ৰায় উৎসৱমুখৰ হৈ পৰিল । অৱশ্যে সেই তেৰটা মাহৰ ভিতৰত সি ঘৰৰ পৰিৱৰ্তন লক্ষ্য কৰিলে । দেউতাক আগতকৈ বৃদ্ধ হোৱা যেন অনুমান কৰিলে । মাকৰ মুখৰ হাঁহিটো ক'ৰবাত যেন ম্লান হৈ পৰিল । তাতোকৈও সি আচৰিত হৈছিল তেতিয়া, যেতিয়া দুমাহ পূৰ্বে পলোৱাই অনা ভাই বোৱাৰীয়ে তাৰ চৰণ চুইছিল । মনতে সি ভাবিছিল - কিবা এটা পৰিৱৰ্তন হ'বলৈ যেন বেছি সময়ৰ প্ৰয়োজন নাই ।

সি ঘৰলৈ অহাৰ পিছত ঠিক তৃতীয় দিনাহে কৰবীক লগ পোৱাৰ সুভাগ্য ঘটিছিল । সি পঢ়া হাইস্কুলখনৰ দাঁতিতে থকা বেলগছজোপাৰ তলত যেতিয়া তাইক লগ পাইছিল তাৰ বুকুখন সঘনে কঁপিছিল । তেৰটা মাহৰ পাছত তাৰ সংগ পায় তাইক সুখী যেন লাগিছিল । কিন্তু বহুত চেষ্টা কৰিও সি ক'ব পৰা নাছিল যে যোৱা তেৰটা মাহে সি নাপিতৰ বিদ্যা আয়ত্ব কৰি আছিল । ক'ব খুজিও আপোনা আপুনি তাৰ ওঁঠযোৰ জাপ খাই গৈছিল । উপৰুৱা কথা কিছুমান পতাৰ পিছত এটা সময়ত সি সকলো কথা তাইক বিৱৰি কৈছিল । কথাবোৰ শুনাৰ পিছত তাইৰ মুখখন গহীন হৈ পৰা সি লক্ষ্য কৰিছিল । তালৈ নোচোৱাকৈয়ে তাই ক'লে -

: পৃথিৱীত ইমানবোৰ কাম থকা স্বত্বেও তই এনেকুৱা এটা কামহে বিচাৰি পালি ?

: মই জীৱন যুঁজত বহুবাৰ হাৰিলোঁ । আৰু হাৰিব নোখোজা । তই অন্ততঃ বুজি পা কৰবী । ইয়াতকৈ আৰু ভাল কাম নিবিচাৰো ...।

তাইৰ হাতখন চেপামাৰি সি ক'লে । দৃষ্টি তাইৰ চকুত ।

: টকা পইচাই আচলতে সুখৰ কাৰণ নহয় । মানুহক জীয়াই থাকিবলৈ টকা পইচাৰ অনুপাতে এটা ষ্টেটাচ্ লাগে । নাপিত হোৱাৰ পিছত সমাজত তোৰ কিবা ষ্টেটাচ থাকিব নে ?

পাছৰ শব্দকেইটা তাই কিছু জোৰ দি ক'লে । এপাট শৰৰ দৰে তাৰ বুকু বিন্ধিলে তাইৰ কথাবোৰে । তথাপি নিজৰ দুৰ্বলতাক তাইক জানিবলৈ সুযোগ নিদি সি ক'লে -

: এই মূহুৰ্তত মোৰ কাৰণে টকাৰ প্ৰয়োজন অধিক । ষ্টেটাচৰ কথা আৰু নাভাবোঁ । মোক আৰু মোৰ বৃত্তিক সমাজে হাঁহিলেও তই অন্ততঃ মোক দুৰ্বল নকৰিবি । আজি তোৰ সহমত মোৰ একান্তই প্ৰয়োজন কৰবী ...।

একো নোকোৱাকৈ সেইদিনা কৰবী তাৰ ওচৰৰ পৰা আঁতৰি গৈছিল । জঠৰ হৈ ৰৈছিল সি বেলগছৰ ছাঁত । আবেলিৰ বেলিটো পশ্চিম দিগন্তত মাৰ যোৱাৰ দৰে তাৰ আশাবোৰ , বুকুত উৎপাদিত সপোনবোৰ তাইৰ এনে আচৰণে ম্লান কি তুলিছিল । এটা সময়ত পৰাজিত সৈনিকৰ দৰে সি খোজ পোনাইছিল ঘৰলৈ ।

দুসপ্তাহমান পাৰ হোৱাৰ পিছত তাৰ প্ৰতি ঘৰৰ মানুহবোৰৰ কৌতুহল লাহে-লাহে কমি আহিল । সি আকৌ জীৱনৰ সেই শূন্য প্ৰান্তত উপনীত হ'ল য'ৰ পৰা ইতিমধ্যে তাৰ জীৱনৰ সৰল ৰেখাডাল অংকন কৰা হৈছিল । মাক দেউতাকৰ আগত সি এটা কোম্পানীত কাম কৰাৰ কথা মিছাকৈ কৈছিল । কিন্তু এই মিছা কথাষাৰ সঁচা হৈ থকা মানেই যে সি শূন্যতাত উপঙি থাকিব লাগিব সেই কথা সি মৰ্মে মৰ্মে উপলব্ধি কৰিছিল । অৱশেষত সি সকলো চিন্তা পৰিহাৰ কৰি সমাজত তাৰ আচল স্বৰূপ উদঙাই দিবলৈ আগবাঢ়িল আৰু এদিন সকলোকে আচৰিত কৰি হাতত থকা জমা টকাৰে চকী , গ্লাছ আদি আনি ওচৰৰ তিনিআলিটোৰ এটা কোণত ' নিৰ্বান চেলুন'ৰ আধাৰশিলা স্থাপন কৰিলে । নিৰ্বান তাৰ নিজৰ নাম । তাৰ এনে কাৰ্যই ঘৰৰ পৰা ধৰি অঞ্চলটোৰ প্ৰায় মানুহক আচৰিত কৰি তুলিলে । সকলোৰে মুখত এটাই প্ৰশ্ন - " অসমীয়া ল'ৰাই চুলি কাটিব ! নাপিত হ'ব ? "

সি যেন জগতত নোহোৱা এটা কাম কৰিলে । তাৰ চেলুনলৈ যেন জনসমুদ্ৰৰ সোঁত ববলৈ ধৰিলে । চুলি কটাবলৈ নহয় , তাক চাবলৈ ...।

লাহে লাহে দিনবোৰ অতিক্ৰান্ত হোৱাৰ লগে লগে তাৰ জীৱনৰ ধৰাও যেন সলনি হৈ আহিল । অঞ্চলটোত সি এজন ভাল নপিত ৰূপে সবাৰে পৰিচিত হৈ পৰিল । এদিন স্থানীয় সংবাদদাতা এজনে তাৰ সাক্ষাৎকাৰ এটাও বাতৰি কাকতত ফটোসহ প্ৰকাশ কৰি উলিয়ালে -

" অসমীয়া ল'ৰাই কাম বিচাৰি বিদেশলৈ যায় । অথচ এইখন অসমতেই কম মূলধনেৰে অধিক লাভবান হ'ব পৰা বহুত কাম পৰি আছে । মাথোঁ অসমীয়াই নিজৰ লাজ নিবাৰণ কৰি আগবাঢ়ি গ'লেই হ'ল । তাৰেই এক সুন্দৰ নিদৰ্শন অসমীয়া যুবক নিৰ্বাণ ভড়ালী ।"

সেই দিন ধৰি সি আৰু পাছলৈ উভতি চাব লগা হোৱা নাই । ইতিমধ্যে তাৰ আৰ্থিক অৱস্থাও যথেষ্ট উন্নত হৈছিল ।কিন্তু সকলো সহজ হৈ গ'লেও কৰবীৰ ওচৰত সি সহজ হ'ব পৰা নাছিল । বেলগছৰ তলত তাৰ কথালৈ গুৰুত্ব নিদি গুছি যোৱাৰ পাছৰে পৰা তাইক আৰু সি লগ পোৱা নাছিল । তাৰ সংকল্প আছিল - যিদিনা সি নিজকে সকলো দিশৰ পৰা স্বচ্ছল বুলি ভাবিব সেইদিনাহে সি তাইৰ কাষ চাপিব ! ইতিমধ্যে তাৰ জীৱন স্বচ্ছলতাই পৰিপূৰ্ণ হৈ উঠিছিল আৰু সি তাইক লগ কৰি তাৰ সপোনবোৰ , আশাবোৰক বাস্তৱ ৰূপ দিয়াৰ কথা ভাবিছিল ।

সম্পূৰ্ণ এটা বছৰৰ পিছত সি যেতিয়া তাইক লগ কৰিছিল তাইৰ চকুত দেখিছিল কেতিয়াও নেদেখা এক আচহুৱা দৃষ্টি । ৰেষ্টুৰাঁখনৰ চুকৰ চকীখনত বহি কিছুসময় অতিবাহিত হোৱাৰ পিছত মৌন পৰিবেশটোৰ আঁত ধৰি সি কৈছিল -

: মই তোৰ বেছি সময় নলওঁ । মাত্ৰ তোৰ পৰা এটা উত্তৰ বিচাৰি আজি তোক লগ কৰাৰ প্ৰস্তাৱ দিলো ।

: ক ।

গহীন কন্ঠেৰে তাই ক'লে । লিপষ্টিক সনা ওঠঁ দুখন যেন ইখনৰ পৰা সিখন নেৰাবই । এক দৃষ্টিৰে সি কিছুসময় তাইলৈ চাই ৰ'ল । তাৰপিছত ক'ব লগা কথাখিনি মনৰ ভিতৰতে জুকিয়াই লৈ সি মুখ মেলিলে -

: এজনী ছোৱালীক খোৱাব পিন্ধাব পৰাকৈ বৰ্তমান মই স্বচ্ছল । আৰু মই ভাবোঁ মোৰ জীৱনলৈ এতিয়া যিজনী ছোৱালী আহিব , নাখায় মৰিব নালাগে ।

: তই কি ভাব ? সেইজনী ছোৱালী মই হ'ব লাগে ? - তাই ক'লে ।

: কেৱল ভবাই নহয় , মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছো । এদিনটো তয়ে কৈছিলি মানুহৰ জীৱনলৈ প্ৰেম এবাৰেই আহে । মোৰ জীৱনৰ প্ৰথম আৰু শেষ প্ৰেম তইয়ে । মই এই প্ৰেমক স্বীকৃতি দিব বিচাৰো । মই তোক একেবাৰে নিজৰ কৰিব বিচাৰোঁ কৰবী ...!

আৱেগত তাৰ কন্ঠ কঁপিছিল । বুকুত আলোড়িত হৈছিল স্পন্দনৰ জোঁৱাৰ , যেন তাইক বুকুৰ মাজত সাৱটি লৈ শুণাব সেই আলোড়িত শব্দ আৰু ওঁঠ , মুখ উপচাই দিব চুমাৰে ! কিন্তু তাৰ প্ৰস্তাৱক অসন্মান জনাই তাই বাক্যৰ বাণ এৰিছিল -

: সময় সদায়ে একে নাথাকে । যিদৰে তোৰ জীৱনৰ লক্ষ্য সলনি কৰিবলৈ বেছি সময় নালাগিল , ভালপোৱা সলনি কৰিবলৈও বেছি সময় নালাগিব । বিচাৰিলে এনেকুৱা প্ৰেম - ভালপোৱা বহুত পাবি ।

এক কঠিন সমিধান নিৰ্গত হৈছিল কৰবীৰ মুখেৰে , যিটো তাৰ কল্পনাৰো অতীত আছিল । বিব্ৰত হৈছিল সি । তথাপি পুনৰ ক'লে -

: মোৰ লক্ষ্য , মোৰ কাম - এইবোৰৰ লগত আমাৰ ভালপোৱাক কিয় তুলনা কৰিছ ? মোৰ বিশ্বাস মই আজীৱন তোক সুখত ৰাখিব পাৰিম ।

: ক্ষমা কৰিবি । মই তোৰ এই প্ৰস্তাৱ ৰক্ষা কৰিব নোৱাৰিম । সচাঁ কথা ক'বলৈ গ'লে ঘৰৰ অমতত এতিয়া পলাই যোৱাৰ ইচ্ছাও মোৰ নাই ।

কথাষাৰ কৈ মেলি থোৱা চুলিখিনি উৰুৱাই গুচি গৈছিল কৰবী । স্থানুৰ দৰে চকীখনত বহি ৰৈছিল সি । নিৰ্বিকাৰ হৈ হাতেৰে টেবুলত থকা গিলাচটো খামুচি ধৰিছিল । এক কল্পনাহীন সপোনৰ বাস্তৱ ৰূপ দি সহজেই তাৰ ওচৰৰ পৰা প্ৰস্থান কৰিছিল কৰবীয়ে । বুকুৰ কোনোবা এডুখৰ ভাগি যোৱা যেন লাগিছিল তাৰ । উপলব্ধি কৰিছিল কিমান নিষ্ঠুৰ হ'ব পাৰে মানুহ । যিখন মুখেৰে এদিন তাক নাপালে মৰি যোৱাৰ কথা কৈছিল সেই একেখন মুখেৰে তাই কৈ গ'ল সম্পূৰ্ণ বিপৰীত কথা , হৃদয় খহি চুৰমাৰ হৈ যোৱা কথা আৰু তাৰ বুকুত দি থৈ গ'ল কেতিয়াও পাহৰিব নোৱাৰা এসাগৰ যন্ত্ৰণা...।

আন্ধাৰত মনিব নোৱাৰি হঠাৎ জপনাখনত খুন্দা খাই সি অতীতৰ ভাৱনা এৰি বৰ্তমানলৈ ঘুৰি আহিল । ইতিমধ্যে সি আহি ঘৰৰ সন্মুখ পালেহি । জপনাখন খুলি সি চোতালত প্ৰৱেশ কৰিলে । তাৰ অজানিতে দুচকু ভেদি বৈ অহা চকুলোৰ উমান সি অনুভৱ কৰিলে । লগতে অনুমান কৰিলে বুকুখনত অহৰহ স্পন্দিত হৈ থকা ধপধপনিটো ।

জীৱনৰ বাটেৰে আগুৱাই যাওঁতে যেনেকৈ সহজতে এদিন সি কৰবীক লগ পাইছিল তেনেকৈ এদিন তাই আঁতৰিও গৈছিল তাৰ জীৱনৰ পৰা । সেইবোৰ কথা সময় বাগৰাৰ লগে লগে পুৰণি হৈ গ'লেও তাৰ মনোজগতত সদায় বৰ্তমান । সেয়ে পুনৰবাৰ কথাবোৰ তাৰ মনলৈ অহাত সি বাধা দিব নোৱাৰিলে ।

সেইদিনা চুলি উৰুৱাই কৰবী আঁতৰি যোৱাৰ পিছত তাৰ বুকুৰ অৰ্দ্ধাংশ জহি পমি চিৰাচিৰ হৈ গৈছিল । তাইক পাহৰি থকাটো তাৰ পক্ষে অসম্ভৱ আছিল । সি ভাবিছিল খন্তেকীয়া খং আৰু অভিমানত কৰবীয়ে তাক এনেকুৱা কথা শুনাই গ'ল । কথাবোৰ যেতিয়া তাই সুস্থিৰে ভাবিব আৰু বুজি পাব নিশ্চয় তাই তাৰ কাষলৈ উভতি আহিব । কিন্তু তেনে নহ'ল ।তাৰ মনৰ আশা মনতেই মৰহি গ'ল । তাইক লগ পোৱাৰ প্ৰায় তিনিমাহৰ পাছত কেৱল তাকেই নহয় ঘৰৰ পৰৰ সকলোকে আচৰিত কৰি সুসান্তৰ লগৰ এজনলৈ কৰবী পলাই গৈছিল ।

ধুমুহাত বিধ্বস্ত হোৱা পঁজাৰ দৰে বিধ্বস্ত হৈ পৰিছিল সি । তাৰ জীৱনক তুচ্ছ জ্ঞান কৰি , মৰমৰ নামত প্ৰহসনৰ সৃষ্টি কৰি , বুকুত এসাগৰ বেদনা ঢালি কৰবী গুচি যোৱাৰ পিছত পৃথিৱীত যে প্ৰকৃত প্ৰেমৰ কিবা অস্তিত্ব আছে তাক স্বীকাৰ কৰিবলৈ দ্বীধা জন্মিছিল তাৰ । ভাবিবলৈ বাধ্য হৈছিল সি হয়তো অসত্য আৰু প্ৰতাৰণাৰে অন্য এক নাম প্ৰেম ।

"ঘৰৰ অমতত এতিয়া পলাই যোৱাৰ ইচ্ছাও মোৰ নাই ।"

তাৰ কৰ্ণ-কুহৰত অহৰহ প্ৰতিধ্বনিত হৈছিল শেষবাৰ লগ পাওঁতে তাই কৈ যোৱা কথাষাৰ । অথচ সেই কথাষাৰৰ সম্পূৰ্ণ বিপৰীত প্ৰতিক্ৰিয়া দেখুৱাই তাই গুচি গৈছিল সুসান্তৰ লগৰ এজনৰ লগত । সি উপলব্ধি কৰিছিল - তাৰ জীৱনৰ বৃত্তিয়ে আছিল একমাত্ৰ অভিশাপ , যাৰ বাবে সি কৰবীক নিজৰ কৰিব নোৱাৰিলে । দুখ আৰু অপমানত তপ্ত হৈ পৰিছিল তাৰ চকু , যেন মৰিশালিত পৰিণত হৈ পৰিছিল তাৰ বুকু । সংকল্প লৈছিল সি - আজীৱন অকলসৰে কটাব সময় !

কিন্তু মাকৰ শুকাই যোৱা মুখ আৰু দেউতাকৰ বৃদ্ধাৱস্থাৰ কথা অনুমান কৰি , সংসাৰৰ নিয়মক উলংঘা নকৰি পৰিয়ালৰ নিৰ্দেশ আৰু পচন্দ মতে দুবছৰৰ আগেয়ে সি মায়াক নিজৰ কৰি লৈ আহিল । ইতিমধ্যে ককায়েক আৰু ভায়েকে বেলেগে ঘৰ সাজিলে । এতিয়া তাৰ সংসাৰত মাক , দেউতাক , পত্নী আৰু তাৰ ছমহীয়া কেচুৱাটো । এখন সুখৰ সংসাৰ ; এটা সুন্দৰ পৰিয়াল ।

কিন্তু অতীতৰ কথাবোৰ আৰু সমাজত তাৰ পৰিচয়ৰ কথা ভাবিলে হৃদয়ত দুখৰ উত্তাপ বাঢ়ে । তথাপি জীৱনৰ তিক্ততাক একাষৰীয়া কৰি বৰ্তমানৰ মাজেৰে সি আগুৱাই যাব খোজে ভৱিষ্যতৰ বুকুলৈ ...।

ইতিমধ্যে সি আহি বাৰাণ্ডাৰ কাষত উপস্থিত হ'ল । ভিতৰৰ পৰা কণমানি কেচুৱাটোৰ ক্ৰন্দন মিশ্ৰিত হাঁহিৰ টুকুৰা কেইটামান আহি তাৰ কাণত পৰিলেহি । সি বাৰান্দাত উঠি কেইটামান শুকান কাহ মাৰিলে । পৰ্দাখন ঠেলি ভিতৰত প্ৰবেশ কৰিবলৈ লোৱাৰ সময়তে মুখত এজোলোকা মিঠা হাঁহি আৰু কোঁছত কনমানি কেচুৱাটো লৈ তাৰ জীৱন সাৰথি মায়া আগবাঢ়ি আহিল । প্ৰথমে তাৰ মুখলৈ তাৰপিছত হাতলৈ চাই মায়াই মোনাটো ল'বৰ বাবে নিজৰ হাতখন আগবঢ়াই দিলে । হাতাশাৰ মাজতো তাৰ পেটে পেটে হাঁহি উঠিল । অতছোৱা বাট সি মোনাটো দাঙি আনিলে । মাত্ৰ দুখোজ দিলেই পাকঘৰ পায় । কিন্তু সেই দুখোজ বাট মায়াই মোনাটো নিব । যেন তাৰ কষ্ট শিথিল কৰিবলৈ মায়াৰ এয়া কিনচিৎ প্ৰয়াস । আৰু সচাঁকৈয়ে তাইৰ হাতত মোনাটো গতাই দিয়াৰ পিছত প্ৰতিদিনেই সি যেন সতেজতা অনুভৱ কৰে ।

মাকে ভিতৰৰ সিটো কোঠাৰ পৰা স্বভাৱসুলভ দৃষ্টিৰে তাৰ মুখলৈ চাই "পালিহি, হাত মুখ ধুই পাকঘৰলৈকে আহ " বুলি কৈ পুনৰ ভিতৰলৈ সোমাই গ'ল ।

মায়াক মোনাটো আগবঢ়াই দিবলৈ লওঁতেই তাইৰ কোঁছত খিলখিলাই থকা তাৰ মঙহ টুকুৰাই দুহাত মেলি তাৰ কোছঁলৈ আহিবলৈ ব্যাকুল হৈ পৰিল । মোনাটো মায়াৰ হাতত দি হেপাঁহেৰে কেচুঁৱাটো কোলাত লৈ তাইৰ কনমানি হাতদুখন মহাৰি গালে মুখে এবোজা চুমা আকি বুকুৰ মাজলৈ তাইক চপাই ললে সি।

কনমানিজনীৰ কোমল উশাহে তাৰ বুকুখন যেন জিপাল কৰি তুলিলে । এটা স্বস্তিৰ নিশ্বাস উলাই আহিল তাৰ নিশ্বাসৰ নলীৰে । পত্নী,মাতৃ আৰু সন্তানৰ এনে আচৰণে তাৰ মনোজগতত ইতিমধ্যে বৈ থকা হতাশা আৰু যন্ত্ৰণাৰ ধুমুহাজাক যেন নিঃশেষ কৰি পেলালে আৰু তাৰ পৰিৱৰ্তে তাৰ বুকুত যেন সিঁচি দিলে পুস্পাবৃত এখন নন্দন কানন ! পাকঘৰৰ জুশালত হয়তো তেতিয়া জুইৰ উম লৈ মাক আৰু দেউতাকে কিবা দৰকাৰী কথা পতাত ব্যস্ত ! (সমাপ্ত)

শেহতীয়া গল্প

মুঠ পঢ়ুৱৈ সংখ্যা: 550

পুৱা ৯ মান বজাত, বাইক খন পাৰ্ক কৰি, অজয়, ল’ৰাল’ৰিকৈ সোমাই আহিল, হস্পিতেললৈ । “PrimeCare Hospital”. চহৰৰ এখন ব্যস্ত প্ৰাইভেট হস্পিতেল । অজয়, হস্পিতেলৰ পেথ’ল’জি বিভাগৰ লেৱ টেকনিচিয়ান । আজি তাৰ পুৱাৰ ডিউটি আছিল । পিছে ঘৰৰ পৰা ওলাই কিছু দুৰ আহোতে, বাইক খনৰ টায়াৰ পাম্পছাৰ হ’ল । ইফালে ডিউটিটো পুৱা ৮ বজাতেই আৰম্ভ হয় । খৰধৰকৈ বাইকৰ, টায়াৰ Repair কৰি আহোতে আজি পলমেই হ’লহি তাৰ ।

পেচেন্টৰ লানি নিছিগা শাৰী । বহুত পেচেন্ট আজি । Attendance টো দি, ল’ৰাল’ৰিকৈ কামত ধৰিলেহি সি । PrimeCare হস্পিতেলখন, Diagnostics চেন্টাৰ হিচাৱে খুৱ নাম আছে । প্ৰথমতে PrimeCare এখন Diagnostics চেন্টাৰেই আছিলে । লাহে লাহে এতিয়া ই এখন পুৰ্নাংগ হস্পিতেল হৈ পৰিল । ইন্দ’ৰ, আউতড’ৰ, অপাৰেচন থিয়েটাৰ ইত্যাদি, সকলো বিলাক বিভাগ আছে ইয়াত আজিকালি । “এ অজয়, আহিলা । এ এই কেইটা ফটাফট entry কৰি দিয়াছোন । মোক আকৌ ড: আহুজাই মাতিছে সোনকালে, কিবা হ’ল ।“ অজয়ৰ সহকৰ্ম্মী বিশালে লেৱ টেস্ত Findings ৰ লিষ্ট এখন অজয়ক দি ল’ৰাল’ৰিকৈ ওলাই গ’ল ।

মুঠ পঢ়ুৱৈ সংখ্যা: 634

আজিও মোৰ প্ৰশ্ন হয় তাই মিছাতে ইমান ভাল পোৱা অভিনয় কৰিছিল নেকি
যদি তাই মোক ভাল পাইছিল কিয় মোক সঁচা কথা কৈ নগ’ল
কিয় মোক অকলে এৰি থৈ গ’ল
মোক কিয় লগতে লৈ নগ’ল

মই জানো তাই মোক বহুত ভাল পাইছিল
যেনেকৈ মই ভাল পাইছিলোঁ

কিন্তু ক'ত কি ভুল হ’ল
হঠাৎ এদিন ৰাতি এটা মেছেজ আহিল

*By hun*

পিছ দিনা মই ফোন কৰি কৰি ভাগৰি গ’লো
শেষত লগৰ এটাই ফোন কৰি কয়

*তাই আৰু চিৰদিনৰ বাবে নাই*

যদি তাই মোক এৰি আনৰ হ’ল হয় মই অলপো দুখ নকৰিলো হয়

যাৰ বাবে মই অকলশৰীয়া হৈ পৰিলো
নিজৰ মাজতে নিজক বন্দী কৰি.........

(বি: দ্রু: এখন সঁচা ছবি)

মুঠ পঢ়ুৱৈ সংখ্যা: 813

“কি হ’ল দুদিন ধৰি মাত-বোল নাই ?”

“ তুমি জানাই নহয় এয়াৰচেলে যে অন্তিম বিদায় লৈছে”

“জিঅ’ ছিমখন কিনি দিছিলো নহয়, ক’ল এটাতো কৰিৱ পাৰা”

“ইহ… মোৰেই গাত সকলো দোষ, কৈছিলো নহয় মই যোৱা সপ্তাহত জিঅ’ত ৩৯৯ ৰ ৰিচার্জ লাগে বুলি আৰু তেতিয়া তুমি আজি নহয় কালিলৈ বুলি কৈ আজিলৈকে ৰিচাৰ্জ কৰি দিয়াই নাই”
“হ’ৱ বাৰু, বাইকত উঠা হাটখোলাত ৰিচার্জ কৰাই দিম” – এইবুলি ৰাঘৱে বাইকখনক চেল্ফ ষ্টার্ট দিলে ।

“ আজি বাৰু ক’লৈ যাম ?” – বাইকত উঠাৰ আগতে শ্মামালীনাই প্রশ্ন কৰিলে ।

ইয়াৰ লগে-লগে ১৮০ চি.চি. ৰ পালচাৰ বাইকে নিজ গতি ল’লে আৰু ৰাঘৱেই উত্তৰ দি কৈ গ’ল-

“ ইক’মলৈ আহিছিলো, অ’ফিচৰ পার্ছেল এটা আছিল । ষ্টেট বেংক পাৰ হওঁতেই ‘দাস পোলাও’ৰ সুগন্ধ পাই তোমাক মনত পৰিল , সেহেয়ে তোমাক নিৱ আহিলো কলেজলৈকে”

“ শুনাচোন, তুমি ‘ডেলিকেচি’ লৈ নিৱ নোৱাৰা নে ?”

“ না, নহ’ৱ ; মোৰ অফিচৰ ওচৰত নিৱ নোৱাৰো তোমাক”

“ তেন্তে, ‘য়াম্মী কিচেন’ ?”

“ ডার্লিঙ, ঠাই বিছাৰি ফুৰোতেই মই বাইকৰ তেল শেষ কৰিৱ বিছৰা নাই ।গম পোৱা নিশ্চয়, ইটো সপ্তাহত দুৱাৰকৈ পেট্রোলৰ দাম বাঢ়িছে । আৰু কিমান ক’লো সদায়- সদায় তোমাক এনেদৰে নিৱলৈ অহাতকৈ তুমি পুলিচ পইণ্টলৈকে আহি যাৱা । নাই, নামানা তুমি !”

“বাৰু বাদ দিয়া, ‘দাস পোলাও’- লৈকে যাম ব’লা আৰু আগলৈ অনাহকত ওৱাটছ আপত ষ্টেটাছ নিদিবা ‘আই মিছ ইউ’ বুলি”

“বিশ্বনাথ ঘাটলৈ যাওঁ ব’লা” – ৰাঘৱে সিদ্ধান্ত সলনি কৰি ক’লে ।

আচৰিত হৈ শ্মামালীনাৰ প্রশ্ন, “ ঘাটলৈ কিয় ?”

মুঠ পঢ়ুৱৈ সংখ্যা: 726

গ্ৰুপ মিটত যাবলৈ খুব হেঁপাহ থকাৰ পিছত যাব নাপায় বৰুৱানী আৰু বৰ্মননীৰ আলোচনা ৷

বৰুৱানী: হেৰি শুনিছে বৰ্মননী, এই শৰ্মাৰ কাৰণে হৈছে সব ৷

অ বাইদেউ এথানে আইছি আহক আহক৷ মই বৰ্মননী নহয় (বৰ্মনে গুৱাহাটীলৈ আহি জিভা ঘূৰাব শিকিছে অলপমান ।)

হিচাপত তালুকদাৰনীহে৷ মানে মোৰ মানুহজন তালুকদাৰ৷ বৰুৱানীয়ে মিলমিলিয়া হাঁহিটো মাৰি কলে,

বৰুৱানী: বুইছো বাৰু৷ চুলি সৰি তালু ওলোৱা মানুহবোৰৰ উপাধি তালুকদাৰ থাকে নেকি?

বৰ্মননী: কি বুইছেহে বাইদেউ? মাচৰাজ সূতা না ধলা ৷

বৰুৱানী: হে কি কয়? বুজিছেক বুইছে কওঁ৷ বহুত শব্দয়ে সলালো গুৱাহাটীত থাকি৷ নহলে শুদ্ধকৈ অসমীয়া শব্দ নকলে মানুহে আমাক গাঁৱলীয়া কবনে নাই ?

বৰ্মননী: ভাল কথা কৈছি বাইদেউ৷ মই সিদিনা মেজত পঢ় বুলি কলো৷ ভাইটোৱে মেচ চাবা গুচি গেল৷ আপনাকো মই এটা কথা কওঁ তালুকদাৰ তপা মুৰৰ মানুহক নকয়৷ উপাধি সেইটো ৷

বৰুৱানী: অ এইটো মোৰ নলেজত নাছিল৷ পিছে কথা এটা কওঁ মিটত কিয় নগ’ল৷ মই ’গলোহয়, শৰ্মাই নামাতিলে৷ মেচেজ এটাও নিদিলে ৷

বৰ্মননী: শৰ্মাই বিয়া কৰা নাই নেকিহে? এনেহেন থৌগা আপাটো৷ তাৰ চুলিকেইডাল কি কব ? চলন্ত খান হানে পাও৷ চাইয়ে থাকো দেক প্ৰফাইলখান জুম কৰি কৰি ৷

বৰুৱানী: চাবই দিয়কচোন৷ আপোনাৰো মানুহটোৰ মূৰটো তপা না৷ সিহঁতে মিটত যাই হাঁহ খাম কলে নহয়৷ মোৰো ভয়ে লাগিল হাঁহ খাই হাগা বাইটা হব বুলি ৷ সেই ভয়তে নগ’লো ৷

বৰ্মননী: হাগা বাইটাৰ লিখিত কিহে বাইদেউ ৷

বৰুৱানী: শৰ্মাকে সুধিম ৰব৷ বিদগ্ধ পণ্ডিত অসমীয়াত ৷

বৰ্মননীঃ (দুখেৰে) আপনাৰে ভাল দেক বাইদেউ বিগদ্ধ পণ্ডিতৰ লগতো কানেকচন, মোৰ হে এইখান কপাল ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 1,091

"নাই ন’কও আগৰ বাৰৰ দৰে আধাতে আমনি পাই নুশুনিবা তুমি " কৃত্ৰিম খং দেখুৱাই নিজৰ বাগদত্তা অৰ্পনাক ক’লে প্লাৱনে, "ধেৎ কি যে কোৱা সেইদিনা ফোনত কথা পাতি থাকোতে মা আহিছিল অ’, আজি একেলগে আছো কোৱানা প্লিজ" হাতত হাত ধৰি অৰ্পনাই ক’লে ।

"শুনিবাতো ? "

" অ’ কোৱা আকৌ"

"আইতাই কৈছিল মোক কাহিনীটো বহু বছৰ আগৰ কাহিনী, মানুহ দুনুহ কম, পাহাৰৰ দাতিত থকা এক সুন্দৰ গাওঁত তেতিয়া আমাৰ ঘৰ । গাওঁখনতে আছিল ভোলা আৰু.. ..................."

ভোলাই , দুজনী ছোৱালী ইন্দু আৰু বিন্দুৰ লগত ভাত খাই ওলাই গ’ল কামলৈ । তাৰ পত্নী মিনাৰ দ্বিতীয়জনী ছোৱালীৰ জন্মৰ সময়তে মৃত্যু হৈছিল । তেতিয়াৰে পৰা দুজনী ছোৱালীক সি অতি মৰমত ডাঙৰ দীঘল কৰিছে । কেতিয়াবা পত্নী মিনাৰ স্মৃতিয়ে মনত দোলা দি যায়হি । আজি তাৰ মনত বহু কথাই পাক ঘূৰণি মাৰি আছে । ডাঙৰজনী ছোৱালী ইন্দুৰ বয়স বিয়া দিবৰ হৈছেহি, যেনে তেনে দুবেলা দুমুঠি যোগাৰ কৰিব পৰা ভোলাৰ বাবে এয়াই এতিয়া চিন্তাৰ বিষয় । কথাবিলাক ভাবি থাকোতেই সি মহাজনৰ ঘৰ পালেহি । "ভোলা ইমান দেৰিকৈ আহিছ যে, যা সোনকালে যা গৈ আজি গোটেইখিনি ধান কাটি শেষ কৰিবই লাগিব" মাত শুনাৰ লগে লগে ভোলা গুচি গ’ল পথাৰলৈ ।

চাৰিওপিনে হুৱা দুৱা লাগিল, কাম কৰি থকা অৱস্থাতে ভোলাক ঘেৰি ধৰিছে সকলোৱে । ওচৰৰ গাঁৱৰে ওজাক মাতিবলৈ দুজনমান ল'ৰা দৌৰি গ'ল । কিছু সময়ৰ পিছতে ওজা আহিল," কিছু দেৰি হোৱাৰ বাবে বচাব নোৱাৰিলো, সাপৰ বিষ মূৰ লৈকে উঠিল" । ছোৱালী দুজনীক এৰি গুচি গ’ল ভোলা । দেউতাকে অতি মৰমৰে ৰখা ছোৱালী দুজনী হ’ল ঘাট মাউৰা । সৰুজনী ছোৱালী বিন্দুৰ দায়িত্বও আহিল ইন্দুৰ ওপৰতে ।

মুঠ পঢ়ুৱৈ সংখ্যা: 864

দিনটোৰ ব্যস্ততাৰ অন্তত ঘৰলৈ বুলি বাছত উঠিল আকাশে । চিটি বাছৰ ভিৰৰ মাজতে নিজকে কেনেবাকৈ চিট এটা প্ৰদান কৰিব পাৰি আৰামত গা এৰা দিলে । "দাদা সহায় কৰক" সৰু ল’ৰা এটাৰ মাত, ল’ৰাটোলৈ এবাৰ চাই পকেটত হাত দিলে আকাশে, "এ খুচুৰা পইচা নাই দেখোন ২০ টকা এখন দিব নোৱাৰি" মনতে ভাবিলে । আশাবাদী হৈ থকা ল’ৰাটো খালী হাতে আগবাঢ়িল ।

গুৱাহাটীৰ সন্ধিয়া ট্ৰেফিক জাম, যেন বাছখনে আকাশক ঘৰত যাব দিব খোজা নাই । অলপ সময় ৰৈ বাছখনৰ পৰা নামি সৰু গলিয়েদি ঘৰলৈ খোজ দিলে আকাশে । ঠাণ্ডাৰ দিনত অহা চেঁচা বতাহজাকে জেকেটৰ চেইনডাল টানিবলৈ বাধ্য কৰালে তাক ।

অলপ দূৰ গৈয়েই সি দেখা পালে বাছত লগ পোৱা ল’ৰাটো, ৰাস্তাৰ কাষতে তম্বু এটাৰ তলত ল’ৰাটোৱে মাকলৈ বুলি মেলি দিছে ব্ৰেডৰ পেকেট এটা । কিবা এটা অদ্ভুত শক্তিয়ে টানি লৈ গ’ল তাক নিজৰ শৈশৱৰ দিনলৈ, দেউতাৰ মৃত্যুৰ পিছত জৰাজীৰ্ণ হোৱা ঘৰক কেনেবাকৈ চলাই নিছিল মাকে ।

তেওঁলোকৰ ওচৰ চাপি বহু কথাই সুধিলে সি, কেনেকৈ গৰাখহনীয়াত দিশহাৰা হোৱা পৰিয়ালটো আহিছিল নগৰত নতুন জীৱনৰ আৰম্ভণিৰ সপোন ৰচি আৰু এদিন বাছৰ এক খুন্দাত থানবান হৈছিল সেই সপোন, দেউতাৰ মৃত্যু হৈছিল জি এম চি এইচৰ এক কোঠাত পৰি পৰি, মা হৈ গৈছিল চিৰ জীৱনৰ বাবে পংগু , সকলো দায়িত্ব আহি পৰিছিল ৬ বছৰীয়া ল’ৰাটোৰ ওপৰত ।

জুলাই মাহৰ দৰে গৰম অনুভৱ কৰিলে আকাশে, বনাচৰ টকাৰে পত্নীৰ বাবে এক ফেন্সী শাৰী ল’ম বুলি ভাবা ২০০০ টকা ল’ৰাটোৰ হাতত গুজি দি, সহায়ৰ প্ৰয়োজন হ’লে ফোন কৰিব বুলি নিজৰ নম্বৰ দি জেকেটডাল হাতত লৈ আগবাঢ়িল সি ঘৰৰ পিনে ।

ল’ৰাটোৰ মুখত এক ধন্যবাদৰ হাঁহি, সেই সময়তে ক’ৰবাৰ পৰা আকাশৰ কাণত ভাঁহি আহিল ভূপেন হাজৰিকাৰ গানৰ এক কলি "মানুহে মানুহৰ বাবে অকণো কিয় নেভাবে ?"

মুঠ পঢ়ুৱৈ সংখ্যা: 1,057

আজি দেওবাৰ । শুই উঠিয়েই অনুৰাগ ব্যস্ত মোৱাইল টিপাত । এয়া নিত্য- নৈমেন্তিক নহয়, সচৰাচৰ ৰাতিৰ ওৱাটছ মেজেছবোৰক চাই লৈ ফেচবুকত যিসকলৰ জন্মদিন থাকে আটাইবোৰকে ওলগ জনাই সামৰে ; নহ’লেনো অফিচলৈ দেৰি হৈয়েই যাৱ আৰু বেংকৰ চাকৰিত দেৰি কৰা মানে দিনটোলৈ সর্বনাশী বিপদ মাতি অনা । কিন্তু আজি দেওবাৰ, ফ্রী ডে’ । “বাবা ঐ” , বাহিৰৰ পৰা মায়ে মাত লগাইছে । সম্ভৱ বৰুৱানী বৰমায়ে ভাৱিছে তেওঁৰ “ৰাজা ল’ৰা”-য়ে সাৰ পোৱা নাই । সেয়েহে অনুৰাগৰ কোঠালীৰ বন্ধ দুৱাৰৰ সন্মুখত থিয় হৈ তেওঁ আকৌ মাত লগালে, “সময় হৈছে উঠ, বেছি দেৰিলৈকে শুই থকাও ভাল নহয়” । “নাই মা, মই সাৰে আছো । ওলাইছো বাহিৰলৈ ৰ’ৱ, প্রথমতে কিছু ইম্প’র্টটেন্ট কাম শেষ কৰি লওঁ” – অনুৰাগে মালৈ উদ্দেশ্য ক’লে । পিছে কিনো ইম্প’র্টটেন্ট কাম কৰি আছিল অনুৰাগ ? আপুনিও ভাৱিছে চাগে তেনেকৈ ! সি কেৱল ফেচবুক মেচেন্জাৰতে ব্যস্ত আছিল । যোৱাটো ৰাতি ফ্রেইণ্ড ৰিকুয়েষ্ট দিছিল আৰু ৰিকুয়েষ্টটোক সহাঁৰি জনাই থোৱা আছিল । ৰাতিপুৱাই ফেচবুক অ’ন কৰিয়েই সর্বকালৰ শ্রেষ্ঠ হাহিঁ বিৰিঙিছিল অনুৰাগৰ মুখমন্ডলত । “ Hi Ishita, this is Anurag.. u can call me Baba. My mom use this nick name to call me & thank you for accept my request”, অনুৰাগে একে উশাহতে আটাইবোৰ কথা বার্তা বাকচত টাইপ কৰি পঠিয়ালে । “Hi, no need to say ‘thank u’ … Anurag is the best name to call you, because it sounds good to hear”.

মুঠ পঢ়ুৱৈ সংখ্যা: 643

ঘৰখন উদুলি-মুদুলি | ইয়াৰ কাৰণো আছিল | বৰবাপু দূৰৈত পঢ়িবলৈ যাব | ইটো-সিটো মানুহে ঠাহ খাইছে বাৰান্দা | এনেতে বাবুৱে মাত দিলে---- : আমাৰ দাদা দূৰৈত পঢ়িব যাব ; সপোন এটা বুকুচাত লৈ ; সেই সপোনটো আমি আইৰ ৰিহাৰ আঁচলত চাম | আইতাৰ জধলা চুমাৰ জিলিকনি খেপিয়াম . নিলীম দা ___ আপুনি দেৰগাঁও যাব নহয় , দাদাৰ লগতে যাব পাৰিব |

সপোনটোৱে আমনি কৰিলে | দিনে দিনে হোষ্টেলৰ জীৱন ভাল লগা নাই | বৰবাপুৰ অভিজ্ঞতা নাই | চাইকেলেৰেই ছয়-সাত কিলোমিটাৰ অহা-যোৱা কৰিছিল কলেজ...গাঁৱৰ বায়ু, পানী, মাটি, বোকা, ওচৰ-চুবুৰীয়া সোণ হেন চপৰা মনটোক কেইবাদিনো আমনি...এনেকৈয়ে নহ'ব | সপোন দেখিলেই নহ'ব | বাস্তৱত পৰিণত কৰিবই লাগিব | দুৱৰাচুকৰ স্মৃতিয়ে মাজে মাজে দোলা দিয়ে | মিলি দাদা , ভৈৰৱ ,নিলোতপল ,বণিক ,দেৱজিত ,ৰুণাণ্ডো দাদা হঁতে কিমান যে মৰম কৰিছিল | বুজাই দিছিল জীৱনৰ সংজ্ঞা | মনে মিলা সতীৰ্থ, ৰান্ধনী মূৰাৰী দাদা.. মুহূৰ্তবোৰে মনটোক জীপাল কৰিছিল |

আজি মনটো ভাল নাই | পাৰ্কত যাওঁ , গেটত নাযাওঁ | দিউ হাটো পাব লাগিব |
ভাল লাগি আছিল হোষ্টেল লাইফ | এই লাইফ...বিন্দাচ লাইফ..
সপোনটোক চিন্তালৈ , চিন্তাক কাৰ্যলৈ, নিওঁতে সত্তাটোক বুজাবই লাগিব ৷ কিছুমান ল'ৰা-ছোৱালীয়ে হোষ্টেল আহে ,নাহে. কি বিৰল অভিজ্ঞতা...অন্ত নাই.. নতুন বসন্তৰ; অন্ত নাই এজেণ্ডা | আজি বোলে - জি.এম., মেচ মিটিং,মেগাজিনৰ মিটিং,ফেচাৰ্চ, আলোচনী উন্মোচন, প্ৰতিভা সন্ধানী, ৰংঘৰৰ বিভিন্ন উন্নতমানৰ অনুষ্ঠান ,বিভাগৰ বিভিন্ন অনুষ্ঠান, কি বিৰল জগত ৷ চিনিয়ৰ দেৱদাদা, হৰি ,সমৰ ,ৰাজু ,ৰঞ্জন ,বিজয়, শিৱ ,নিৰৱ ,অসীম ,চাদ্দাম দাদাসকলৰ সান্নিধ্যই প্ৰভাৱ পেলাইছিল | এতিয়া উই অল অৱ মিচ...

মুঠ পঢ়ুৱৈ সংখ্যা: 922

“Thank you” আৰু কিছুমান বিশেষ ‘ইমোজী’ৰে মেছেজবোৰৰ ৰিপ্লাই দিয়াত ব্যস্ত থাকিলেও অতি আগ্রহৰে অপ্রত্যাশিত মেছেজৰ বাবে অপেক্ষাৰত ইসিতা । কিন্তু নাই, সেই বিশেষ ব্যক্তিগৰাকীয়ে এতিয়ালৈ “হেপ্পী বার্থডে’” বুলি ইসিতালৈ মেছেজ কৰা নাই । ধৈর্য্যৰ সীমা চেৰাই যোৱাত মোবাইলটোক বিচনাতে পেলাই থৈ ইসিতা কিছু কথা নিজৰ মন-মগজুৰ লগতে পাতিব ল’লে ।

মগজুৱে ক’লে, “অপেক্ষা কাৰ মেছেজৰ কৰিছা ? যাৰ সৈতে তুমি কিছুদিন আগতে ‘ব্রেক-আপ’ হোৱা বুলি জনাইছা” ।

মনে কৈছে, “ যিয়েই নহওঁক তাৰ জন্মদিনত মই শুভেচ্ছা জনাইছিলো, গতিকে তাৰো দায়িত্ব হয় মোক শুভেচ্ছা জনোৱা” ।

মগজু, “ কিন্তু যাৰ সৈতে তুমি সম্বন্ধহে ৰাখিৱ নুখুজা তাৰ বাবে ইমান প্রতিক্ষাৰত কিয় ?”

এইখিনিত মনে অতীতৰ কিছু কথা ৰোমন্থন কৰি লৈ নিমাত হৈ থাকিল ।

আকৌ মগজুৱে প্রশ্ন কৰিলে, “ তাৰ সৈতে কিয় সম্বন্ধ বিছিন্ন কৰিলা ?”

মনে উত্তৰ দিলে, “ সেই সম্বন্ধত মই সুখী নাছিলো আৰু যিটো সম্বন্ধত মই সুখী নাই সেই সম্বন্ধইদি কেনেকৈ আনক সুখী ৰাখিব পাৰো ?”

মগজু, “ তেন্তে তাৰ অবিহনে আজি তুমি সুখীনে ??”

আকৌ মনে মৌনতা অৱলম্বন কৰি কিছু ভাবিব ল’লে । তেনেতে চিনাকী নম্বৰৰ পৰা মেজেছ আহিল মোবাইলত । মেছেজ বক্সটো খুলি চাওঁতে লিখা আছিল, “ Hi, Please open the door ! Now, I’m on the outside” . কোনো পলম নকৰাকৈ ইসিতাই নিজ এপাৰ্টমেন্টৰ দুৱাৰ খুলি চালে । অবিশ্বাস্য, অকল্পনীয় সন্মুখত অনুৰাগ উপস্থিত আছিল । হাতত লোৱা গিফ্টৰ পেকেট ইসিতালৈ আগবঢ়াই অনুৰাগে ক’লে, “ Wish you a very happy b’day dear Ishu”. সকলো অবাস্তৱ আৰু অবান্তৰ যেন লাগিল ইসিতাক কিন্তু মাতটো দেখোন অতি চিনাকী । নহয়, এয়াই বাস্তৱ ; ইসিতাই থিৰাং কৰি ল’লে ।

মুঠ পঢ়ুৱৈ সংখ্যা: 771

খবৰটো চহৰ খনত জুইৰ দৰে বিয়পি পৰিল । মৃত্যুঞ্জয় বৰুৱাৰ হত্যা । ৰাজ্যৰ প্ৰমুখ পলিটিকেল পাৰ্টী জনমুক্তি মঞ্চৰ মুখপাত্ৰ, যুবনেতা আৰু চহৰৰ এজন প্ৰখ্যাত builder আছিল এই মৃত্যুঞ্জয় বৰুৱা ।

চহৰৰ মাজেদি বৈ যোৱা বীৰজৰা নদীৰ এখন দলংৰ কাষত তেওঁৰ গাড়ী খন ৰখাই থোৱা অবস্থাত পোৱা গৈছে । মৃতদেহ চালকৰ আসনত বহি থকা অবস্থাতেই আছে । কপালত গুলীৰ চিন স্পষ্ট । সমগ্ৰ শৰীৰ তেজেৰে ৰাঙলী । চহৰৰ সকলো নিউজ চেনেলত কেৱল মাত্ৰ এতিয়া এইটোৱে খবৰ । মাৰ্দাৰ স্পট এতিয়া পুলিছে আগুৰি ৰাখিছে । Crime Scene ৰ প্ৰটিতো খুটিনাটী টুকি ৰখাত, পুলিছ ব্যস্ত ।

মৃত্যুঞ্জয় বৰুৱা যুৱনেতা হিছাপে সকলোৰে প্ৰিয়ভাজন আছিল । অতি কম বয়সতে তেঁও কামত যথেষ্ট উন্নতি কৰিছিল । অহা সপ্তাহত তেঁওৰ বিয়া আছিল । চহৰৰ ছোৱালী হাই স্কুলৰ অধ্যক্ষৰ জীয়ৰী ৰিনকিৰ লগত । বিয়া ঘৰৰ পৰাই ঠিক কৰা হৈছিল । সকলো আয়োজন সম্পূৰ্ণ হৈছিলেই । কিন্তু হথা্ৎ মৃত্যুঞ্জয়ৰ এই হত্যাক, দুয়োখন ঘৰে, যেন বিস্বাসতেই ল’ব পৰা নাই ।

Department এ কেছটোৰ তদন্ত ইন্সপেক্তৰ বীৰেন সিংঙক অৰ্পন কৰিছে । ইতিমধ্যে এই হত্যাক লৈ ৰাজনৈতিক মহলটো Blame game আৰম্ভ হৈ গৈছে । হয়টো ই এটা পলিটিকেল মাৰ্দাৰ ।

“ছাৰ, এই লিষ্ট খন লওক ।“ জনমুক্তি মঞ্চৰ কেইজনমান লীডাৰ থানালৈ সোমাই আহিল আৰু ইন্সপেক্তৰ সিংঙক কেইজনমান মানুহৰ নাম থকা লিষ্ট এখন দি ক’লে, “আমাৰ বিৰোধী পাৰ্টিৰ দুজনমান মানুহৰ নাম দিছো ছাৰ। এওলোকৰ ওপৰত আমাৰ সন্দেহ আছে, এওলোক এই হত্যাত জড়িত থাকিব পাৰে ছাৰ ।”
ইন্সপেক্তৰে ক’লে, “থিক আছে, দিছে, ৰাখি থৈছো । এতিয়া আপোনালোক যাওক প্লিজ । আমাক তদন্ত আগবঢ়াব দিয়ক । কোনো যদি দোষী হয় ইয়াৰে, সাৰি যাব নোৱাৰে । কথা দিছো । ”

মুঠ পঢ়ুৱৈ সংখ্যা: 755

"মেঘালী ! আজি মোৰ ঘৰলৈ যোৱাত দেৰি হ'ব তোমালোক শুই যাবা" ! চিটি কলনিৰ পৰা ভাহিঁ অহা এটি কন্ঠৰ স্পষ্টিকৰণত নিশাৰ ভাত সাজ খাই শুই পৰে অধ্যৱন্ত প্ৰদীপ চলিহাৰ পত্নী মেঘালী চলিহা আৰু আঠ বছৰীয়া পুত্ৰ প্ৰান্তৰ । প্ৰদীপ চলিহা কথা আৰু কৈ শেষ কৰিব পাৰিনে, "ছেনকেচ" বেংকৰ প্ৰতিটো কামৰ গুৰু দ্বায়িত্ব তেওঁৰ ওপৰতেই।একোৰে অভাৱ নাই । অভাৱ মাথোঁ সময়ৰ ।

ড্ৰয়িং ৰুমৰ চাৰ্জ ক্ল'ক টোৱে বাৰ বজাত কোঁবালে, ঠিক তেনেটে বাজি উঠিল কলিং বেলটো । মেঘালীয়ে ভয়ে ভয়ে গৈ দুৱাৰখন খুলিলে-"ও আপুনি আহিল ! ভাত বঢ়া আছে খাই ল’ব,মই শুৱগৈ ।"

"অ’ ঠিক আছে যোৱা । "- চলিহাৰ প্ৰতুত্তৰ ।

প্ৰান্তৰ কোঠালীৰ লাইট জ্বলি থকা দেখি চলিহা তাৰ ৰুমলৈ শুমাই গ'ল, "বাবা ! তুমি শুৱা নাই ?

"নাই পাপা তোমাক এটা কথা শুধিম বুলি ৰৈ আছোঁ । "

"ঠিক আছে শুধা ।"

“তুমি এঘণ্টাত কিমান উপাৰ্জন কৰা” ?

চলিহাৰ খঙে চুলি আগ পালে । “সেয়া তোমাৰ জানিবলগীয়া বস্তু নহয় । যোৱা শুই থাকাগৈ” ।

“মই মাত্ৰ জানিব বিচাৰোঁ, প্লিজ পাপা, কোৱানা” ।

“ঠিক আছে শুনা, দৰমহাৰ হিচাপত মই এঘণ্টাত এহেজাৰ টকা উপাৰ্জন কৰোঁ” ।

চলিহা কথা শুনি প্ৰান্তৰে মনে মনে কিবা এটা হিচাপ কৰিলে ।

“পাপা, তুমি মোক পাঁচ শ টকা ধাৰলৈ দিব পাৰিবানে” ?

অগ্নিশৰ্মা চলিহাৰ খঙ দুগুণে চৰিলে । "এই ৰাতিখন ভাগৰে জুগৰে আহি ঘৰ সোমাইছোঁ । এই সময়ত মোৰ লগত কি ধেমালি কৰিবলৈ আহিছ ।" চলিহা ভাবিলে, সেই টকাৰে সি পুতলা বা কম্পিউটাৰ গেম জাতীয় কিবা এটা কিনিব ।

“তুমি এতিয়াই তোমাৰ কোঠালৈ গৈ শুই থাকাগৈ । মোৰ লগত ধেমালি নকৰিবা” ।

মুঠ পঢ়ুৱৈ সংখ্যা: 845

" বৌটি...বৌটি.....।"

নঙলামুখত পুতেকৰ মাত শুনি আঘোণী হাতত চাকিটো লৈ ল’ৰলৰালৰিকৈ ওলাই আহিল । কিন্তু ক'তা ! কোনোতো নাই ।

জপনাখন খুলি এবাৰ সোঁফালে এবাৰ বাওঁফালে তাই মনিব পৰালৈকে চাই পঠিয়ালে । নাই , কোনো নাই । এটা দীঘল হুমুনিয়াহেৰে জপনাখন মাৰি সোমাই আহিল । বাৰান্দাৰ পৰা সেউতীয়ে খুটাটোত আউজি মাক অহাৰ ফালে চাই ৰ'ল । অজানিতে যেন দুধাৰি চকুলো বৈ আহিল তাইৰ ।
"তইও যে বৌটি ! ৰমেন ককাইদেৱে বৰমাক মাতিছিল চাগে । এই বয়সত এনেকৈ দৌৰা দৌৰিখন কৰ নে ?"

আঘোণীয়ে একো নামাতাকৈ চাকিটো লৈ ভিতৰলৈ সোমাই গ'ল । সৰু সুৰা বস্তু থোৱা বাঁহৰ চাংখনৰ এটা মূৰত চাকিটো থৈ বিচনাখনত বহিল । নিতৌ হোৱাৰ দৰে আজিও এবুকু চিন্তাই বেৰি ধৰিলে তাইক । তথাপি যেন আজি কিবা বেলেগ । কিমান যে যন্ত্ৰণা ! আনকি নিজৰ মানুহটোৱেও অকালতে এৰি গৈছে তাইক । আৰু .........

সিদিনা বুধবাৰ আছিল । জোনাক ৰাতি । আঘোণীয়ে চোতালৰ আগৰ তুলসীজোপাৰ গুৰিৰ চাকিগছিলৈ চাই বহি আছিল । তেনেতে জপনাখন খুলি অনল সোমাই আহিল । আজিও সেই একেই বিৱৰ্ণ মুখখন । অসহায় নিৰুপায় ....... । সি মাকৰ কাষতে বহিল । আঘোণীয়ে পুতেকৰ মনৰ অৱস্থাতো বুজি ক'লে ,

"হ'ব দে । টুক টাক কৈ তো আমি চলিয়েই আছোঁ । ইটো সিটো কৰি থাকিম দে ।"

মাকৰ কথাখিনি শুনি সি যেন আৰু বেছি যন্ত্ৰণাহে অনুভৱ কৰিলে । যন্ত্ৰণা - মাকৰ , ভনীয়েকৰ......... আৰু তৰা ..... ? তৰা... তাৰ সপোন আশা ভৱিষ্যত ।

মুঠ পঢ়ুৱৈ সংখ্যা: 883

বিজয়ৰ পেটটোত হঠাতে খামুচি ধৰিলে । আঃ কি অসহ্যকৰ বিষ । যোৱা চাৰিদিন ধৰি সি একো খোৱা নাই । আজি এতিয়ালৈকে তেওঁ খাব পৰা নাই । কাম কৰা মিঠাইৰ দোকানখনত প্লেট এটা ভঙাৰ বাবে তাক কামৰ পৰা খেদি পঠিয়ালে মালিকজনে । কৰ্মহীন আৰু আশ্ৰয়হীন হৈ পৰিল তেওঁ । অশেষ কষ্ট কৰিও তেওঁ কাম এটা বিচাৰি নাপায় যোৱা চাৰিদিন ধৰি ফুটপাথত কটাই আছে ।

তেওঁ বাটৰ কাষৰ টেপটোলৈ গ'ল আৰু পানী অলপ পি খালে । খালি পেট পানীৰে নভৰে, পেটটো বেছিকৈ বিষায় উঠিল তাৰ । দিনকদিনে দুর্বল হৈ পৰিছে তেওঁ,কামো এটা নাই ,খোৱাৰ বাবে এটা বস্তু নাই ।

তেওঁ লাহে লাহে ৰাজপথত খোজ পেলালে । বুজিব পাৰিলে যে এয়াই বাস্তব আৰু এয়াই জীৱন । বিভিন্ন ৰঙৰ দামী গাড়ী আৰু ডাঙৰ ডাঙৰ অট্ৰালিকাই বুজায় চহৰখন কিমান অভিজাত আৰু কিমান ডাঙৰ । তাৰ সন্মুখেদি ধুনীয়া এহাল ডেকা গাভৰু পাৰ হৈ গ'ল হাতত ধৰাধৰিকৈ । ছোৱালীজনীৰ হাতত এটা দামী আইচক্ৰিম আৰু স্কীন টাৰ্চ মোবাইল এটা ।

বিজয় ওচৰৰ হোটেল এখনত সোমাই কিবা এটা খাব খুজিলে । তেওঁ ক’লে- অলপ খাদ্য আৰু বিশ্ৰামৰ প্ৰয়োজন মোৰ । গাটো অলপ ভাল হ'লেই তেওঁ অহাকালিৰ পৰা ৰাজমিস্ত্ৰীৰ কাম কৰিবলৈ যাব পাৰিব ।

হোটেলৰ মালিকজনে ক'লে-যোৱা ইয়াৰ পৰা ভিক্ষাৰী ।
মই ভিক্ষাৰী নহয় বুলি চিঞৰি খুজিও চিঞৰিব নোৱাৰিলো, গাত একেবাৰে বল নাছিল । ক’বলৈ মন আছিল যে মইও এজন ভাল ছাত্ৰ আছিলো এদিন ।

বিজয়ৰ নিজৰ ওপৰতেই ঘীন জাগিল । এইয়া জীৱন হ'লনে ? এনেকৈ জীয়াই থকাতকৈ মৰি যোৱাই শ্ৰেষ্ঠ । তেওঁ সিদ্ধান্ত ল'লে আত্মহত্যা কৰিব আজি ।

এটা বিকট শব্দ

মুঠ পঢ়ুৱৈ সংখ্যা: 887

“তেৱেঁইতো সুখী মানুহ, যাৰ দুচকুত, হাজাৰ সপোনে ভীৰ কৰি থাকে । প্ৰতিদান নিবিচাৰিবা, আনক কেৱল সহায় কৰি যোৱা । জীৱনত কি পালা, কি নাপালা এইবোৰৰ হিচাৱ পাহৰি যোৱা । দেখিবা, পৃথীৱীৰ আটাইতকৈ সুখী মানুহ জন তুমিয়েই হ’বা ।“

- কলেজ জীৱনৰ কোনোবা উদাস মুহুৰ্ত্ত্ত এনেবোৰ মিঠা মিঠা কথাৰে অৰ্নবক সান্তনা দিবলৈ যত্ন কৰিছিল তাই ।

কলেজৰ এটি স্ংগীত সন্ধিয়াত অৰ্নবে, ইগলছৰ, হোটেল কাৰ্লিফৰ্নিয়া নামৰ গীতটো, গিটাৰত বজাওতে, যেতিয়া গোটেই কলেজ অডিটৰিয়াম হাত তালিৰে, ৰজনজনাই উঠিছিল, মঞ্চত উঠি, নাচিছিল তাই ।

অৰ্নবৰ গীটাৰত কিন্ত সঁচাকৈয়ে যাদু আছে । পিছে, সি কেতিয়াবা এলাহত গীটাৰ ক্লাছলৈ নগ’লে, গালি পৰা একমাএ মানুহ জনীও আছিল তাইয়ে ।

জিয়া, জিয়া তাইৰ নাম । অৰ্নবৰ ক্লাছমেট ।

জিয়াৰ কন্ঠৰ গীত, অৰ্নবৰ গীতৰ ৰচনা, জিয়াৰ সুৰ, অৰ্নবৰ গীটাৰ । কেৱল সংগীত, আৰু সংগীত । এই সংগীতেই সিহঁতক দিছিল ভালপোৱা । এক মিঠা অনুভুতি । যাৰ, অন্য নাম প্ৰেম ।

অৰ্নবৰ বহুদিনৰ আশা ফৰেষ্ট অফিচাৰ হোৱাৰ । জংঘল তাৰ ভাল লাগে । প্ৰকৃতিৰ মাজত থাকিবৰ মন যায় তাৰ । সেয়ে কলেজত উচ্চতৰ মাধ্যমিক শেষ কৰি অৰ্নবে ক্ষেত্ৰীৰ দিমৰিয়া কলেজত বি এছ চি ফৰেস্ত্ৰী ত অনাৰ্ছ সহ এডমিচন ল’লেহি । অসমত অৱশ্যে অকল এইখনেই একমাত্ৰ কলেজ আছে, য’ত বি এছ চি ফৰেস্ত্ৰী কৰিব পাৰি । তাৰ হেনো আগলে আই এফ এছ Exam দিয়াৰ মন আছে । জিয়াৰ পিছে কলেজৰ প্ৰ্ফেছৰ হ’বৰ মন । তাই সেয়ে মাৰ্ষ্টাছ শেষ কৰি SLET, NET আদি পৰীক্ষা দিয়াৰ হে প্লেন কৰি আছে ।

“জীয়া, মোক এবাৰ ফৰেষ্ট অফিচাৰ হৈ ল’ব দিয়া, তাৰ পিছত চাবা অসমত এটাও গড় হত্যা হ’বলৈ নিদিও । সব চোৰাং চিকাৰী এটা এটাকৈ ধৰি থাকিম ।“ ৰেষ্ণ্টুৰেন্তত কফি ৰ কাপত শোহা এটা মাৰি অৰ্নবে ক’লে ।

মুঠ পঢ়ুৱৈ সংখ্যা: 776

পুৱাৰ খিৰিকীখন খুলি দিলোঁ খুব জোৰেৰে শীতল বতাহ জাকে খিৰিকীৰ আঁৰ কাপোৰখন কোবাই কোবাই সোমাই আহিল । দেহটো জঠৰ কৰি পেলালে ৷

খিৰিকীৰ লোহাৰ শলা এডালত জোৰ কৈ খামুচি ধৰিলো ।
কেই মহূৰ্ত পিছত বুকুত প্ৰচণ্ড জুৰে কোনোবাই ঠেলা এটা মাৰিলে ।
সম্বিত ঘুৰাই পাই মই ঠাইতে এপাক ঘুৰিলো........
ক'ত কোনো নাই মই সপোন দেখিলো নেকি ?

ঘড়ীটোলৈ চালোঁ পুৱাৰ সময় ৮:৪৫ হ'ল..... মই মানে খিৰিকীৰ শলা ডালতে ধৰি দুই ঘণ্টাৰো অধিক থিয় হৈয়ে থাকিলো.........

জোৰেৰে বলা শীতৰ বলিয়া বতাহ জাকে মোৰ খোলা খিৰিকীখন এবাৰ খুলিছে আকৌ এবাৰ বন্ধ কৰিছে
যেন খিৰিকীৰ "পাল্লা" দুটা কব্জাৰ পৰা খুলি পেলাব ........ খঙতে খিৰিকীখন বন্ধ কৰি দিলোঁ..........

আকৌ কোঠাটোৰ ভিতৰখন এন্ধাৰ হৈ পৰিল মই খিৰিকীৰ কাষতে থকা চকীখনত ধুপুচকৈ বহি পৰিলো

জোনাকী জনী হৈ জ্বলিছে নুমাইছে বিচনাত নিমাতে পৰি থকা মোবাইলটো.............
ব'ছে ফোন কৰি আছে আজি অফিচলৈ সোনকালে মাতিছিল

কিন্তু মই তেওঁৰ ফোনটো কটাৰ পিছ মহূৰ্ততে মই মনতে বান্ধি ল’লো আজিৰ দিনটো কোনো কামতে ব্যস্ত থাকিব নোৱাৰিম ৷ মই আজি বন্ধ কোঠাৰ মাজত অকলে কান্দিম অকলে হাঁহিম অকলে কথা পাতিম.......
এনেকৈ আকৌ মই অলপ গভীৰ হৈ পৰিলো.........

আঠ বছৰৰ আগৰ কথা মই তেতিয়া হাইস্কুলৰ শেষৰ বৰ্ষত মেট্ৰিক পৰীক্ষাৰ বাচনী পৰীক্ষাৰ শেষৰ দিনা
মই জীৱনৰ প্ৰথমবাৰৰ প্ৰেমৰ উমান পাইছিলো মাত্ৰ বিদায় বুলি জোৰেৰে মোৰ হাতত খামুচি ধৰিছিল
তাৰ বাহিৰে একোৱেই নাছিল সেইয়াই মোৰ প্ৰথম প্ৰেমৰ আৰম্ভণি আৰু অন্তিম ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
শিতান: আমাৰ গাঁও
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: প্ৰবন্ধ
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা
শিতান: কবিতা