গল্প :: বৰষুণৰ টোপালবোৰ বিচ্ছেদৰ চকুপানী --- সত্যজিত কাকতি।

বৰষুণৰ উমান পালেই হৃদয়ে দিগ-বিদিগ হেৰুৱাই নতজানু হৈ পৰে।..!বৰষুণ বৰষুণ বৰষুণ । কিমান যে ভাল পাওঁ এই বাৰিষাক।বৰষা মোৰ সখী।হৃদয়ৰ ব্যাকুল কাতৰ
আহবানতেই এদিন এই বৰষাই মোক দি গৈছিল মোৰ ভালপোৱা,মোৰ প্ৰেম,মোৰ প্ৰেমিক অবিনাশক।সেইদিনা হয়তো বৰষুণে আমনি নকৰাহ'লে অবিনাশক কেতিয়াও লগ
নাপালোহেঁতেন।বৰষুণৰ উপদ্ৰপক বাধা দিব নোৱাৰি বাইক ৰখাই অবিনাশে আমি ৰৈ থকা যাত্ৰী জিৰণি চ'ৰাৰ সৰু ঘৰটোতে হুৰমূৰকৈ সোমাইছিলহি।আমাৰ কেইজনীৰ উপস্থিতিৰ উমান পোৱাহ'লে সি কেতিয়াও তাত প্ৰৱেশ নকৰিলেহেঁতেন।ক'ৰবাত কিবা হৈছিল নেকি ?আমাৰ ৰুমলৈ যাব পৰা এখনো গাড়ী পোৱা নাছিলো।কলেজৰ পৰা আবেলি
প্ৰায় তিনিবজাতে ওলায় আহিলোঁ।তেতিয়াৰ পৰা বৰষুণ দিয়েই আছিল।অবিনাশে তাত উপস্থিত হৈয়ে যেতিয়া আমাক দেখিছিল সাংঘাটিক অস্বস্তিকৰ অনুভৱ কৰিছিল।বেচেৰাৰ গোটেই গাটো তিতিবুৰি অৱস্থা একডম কাহিল।ঘনে ঘনে মোবাইলটোকে চাইছে আৰু পকেটত সোমোৱাই থৈছে।

সেই দোপাল পিটা বৰষুণৰ মাজতেই এক বিশেষ পৰিস্থিতিত বার্তালাপৰ সূত্রপাত ঘটি চিনাকী হোৱা অবিনাশৰ নামটোৰ সৈতে আমাৰ দেখোন কেতিয়াবাৰ পৰাই চিনাকী।মায়া,বিষ্ময়, ৰহস্য আদি ভালেকেইখন আলোচনীত নিয়মীয়াকৈ অবিনাশৰ কবিতা,গল্প পঢ়িবলৈ পাওঁ।সাংঘাটিক ৰসিক ল'ৰা সি আৰু সিমানেই আৱেগিকো।অবিনাশে তেতিয়া যোৰহাটৰ পৰা ডিব্ৰুগড়ৰ ভিতৰুৱা অঞ্চল ৰহমৰীয়াত থকা সিহঁতৰ ঘৰলৈ উভটিছিল।কবিতাপুথিৰ উন্মোচনী সভা নে কবি সন্মিলন এখনত নিমন্ত্ৰিত অথিতি হিচাপে অংশগ্ৰহণ কৰিবলৈ গৈছিল।-লাহে লাহে সন্ধিয়া নামি আহিছিল তাতে বৰষুণৰ নমনা আমনি।তেতিয়ালৈকে আমিকেইজনীয়ে অবিনাশৰ লগত কথা পাতি আছিলো।অবিনাশ আমাৰ সমবয়সৰে।ডিগ্ৰী কমপ্লিট কৰি এতিয়া সি সমাজ সেৱা,সাহিত্য-সংস্কৃতি,সংগঠন আদিবোৰক লৈয়ে ব্যস্ত।দেউতাকে গাঁৱৰে হাইস্কুল এখনৰ প্ৰধান শিক্ষক।মাক নাই ,এবছৰ পূর্বেই হার্টৰ প্ৰবলেম হোৱাৰ বাবে ঢুকাল।ভনীয়েকে ওচৰৰে কলেজ এখনত বি.কম পঢ়ি আছে।

-এটা সময়ত ডিব্ৰুগড়মুখী অট এখন পালো।গীতা বা আৰু জুৰি বহিল।লাগিল নহয়
লেঠা।মোৰ বাবে সামান্যকণো ঠাই খালি নাই।কোনোমতেই যাব নোৱাৰি।অবিনাশেই
নিজেই ক'লেহি বোলে তাৰ লগতে মই যাব পাৰিম বুলি।মই একো বাধা নিদিলো।গীতা
বা আৰু জুলিয়ে মূৰ দূপিয়াই হাঁহিৰে সহাৰি জনাই গ'লগৈ।

"ঐ অলপ সোনকালে আহিবি।আজিয়েই কথা পাতি শেষ নকৰিবি।"

বৰষুণজাক অলপ পাতল হৈছে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আমি থকা ৰুমটোলৈকে
প্ৰায় চাৰি কিঃমিঃ হ'ব।অবিনাশৰ বাইকৰ পাছফালে বহি আহোতে ভীষণ লাজ
লাগিছিল।অবিনাশে বাৰু মোক কি ভাবিছে?নাই বেয়াকৈ ভাবিবলগাতো একো নাই।গোটেই
গাটো তিতি কাপোৰবোৰ গাত লিপিত খাই লাগি ধৰিছিল।ভাগ্য ভাল অলপ আন্ধাৰ
হৈছে।আহি থাকোতে অবিনাশে সুধিযোৱা প্ৰশ্নবোৰৰ উত্তৰ দি গ'লো আৰু সি
অনর্গলভাবে নিজৰ দুখৰ বিৱৰণী কৈ গ'ল।সচাঁকৈয়ে অবিনাশৰ প্ৰতি মোৰ ভাবিব
নোৱাৰাকৈ সহানুভুতি জাগি উঠিছিল।অবিনাশৰ সৈতে চিনাকী যেন বহুযুগৰে আজি
মাথো লগ পাইছোঁ।
-কেতিয়া ৰুমৰ সন্মুখ পালোহি ক'বই নোৱাৰিলো।অবিনাশৰ মাততহে সম্বিত ঘূৰাই পালো।

-হেই প্ৰিয়ংকা, মোৰ লগত আমাৰ ঘৰলৈকে যাম বুলি ভাবিছা নেকি?

-না না।ভালকৈ যাবা।মই আহো।আকৌ লগ পাম।

- নিশ্চয়।বাই।

অবিনাশ গ'লগৈ।সি অদৃশ্য হোৱালৈকে সি যোৱাৰ ফালেই চাই থাকিলো।

বৰষুণজাক তেতিয়াও এৰা নাছিল।গীতা বা আৰু জুৰিয়ে ভাত ৰান্ধি
আছিল।বিচনাখনতে বাগৰ দিছিলোঁ।
অবিনাশ বাৰু এতিয়া ঘৰ পালেগৈ নে? কি কৰিছে বাৰু সি?ফোন নাম্বাৰটোও লোৱা
নহ'ল।টোপনি যাবলৈ চেষ্টা কৰিলো কিন্তু অবিনাশৰ চেহেৰাটো বাৰে বাৰে
দুচকুলৈ ভাহি আহিল।বৰষুণৰ ঝৰঝৰ শব্দৰ মাজতেই অবিনাশৰ মাতবোৰ ভাঁহি আহিল।
-হাঁই হাঁই হিয়াখনে কিবা এটা বিচাৰি উশৃংখলৰ সৃষ্টি কৰিছে।
টেবুলতে পৰি থকা 'মায়া'ৰ পৃষ্ঠাবোৰ লুটিয়াই গ'লো।এখন পৃষ্ঠাত অবিনাশৰ
কবিতা 'এখন হৃদয় বিচাৰোঁ' কবিতাটো নপঢ়িলোৱেই।কবিতাটোৰ শেষত উল্লেখিত
অবিনাশৰ মোবাইল নাম্বাৰটো ডাইল কৰিলোঁ।তিনিবাৰ মৰাৰ পিছতো যেতিয়া ৰিচিভ
নহ'ল মনটোত কিবা নোহোৱা-নোপজা হতাশাই আৱৰিলেহি।
"বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব"
দিক্ষুৰ এই জনপ্ৰিয় গানটো মোবাইলটোত বাজি উঠিল।অবিনাশৰ পৰা ফোন আহিছে।অলপ
সময় বাজিবলৈ দি ৰিচিভ কৰিলোঁ।নিশা তেতিয়া দহ বাজি পোন্ধৰ মিনিটমান
গৈছিল।প্ৰায় আধাঘণ্টামান অবিনাশৰ সৈতে কথা হ'লো সেইয়াৰ আৰম্ভণি।
লাহে লাহে আমাৰ ফোনৰ যোগাযোগ বাঢ়ি গৈছিল।মোবাইলটোক লৈ অলপ বেছিকৈ ব্যস্ত
হৈ পৰিছিলো।সি গভীৰভাবে কোৱা প্ৰতিটো কথায়েই হৃদয়খনত সাজ বহুৱাই
যায়।যৌৱনৰ উন্মাদনা আৰু হৃদয়খনৰ অবুজ আমনি ধৰি ৰাখিব নোৱাৰিলো।ছোৱালী
হৈয়ো ময়েই প্ৰপজ মাৰিলো তাক।মোৰ ক্ষেত্ৰত অত্যন্ত লাজকুৰীয়া স্বভাৱৰ
অবিনাশে মোৰ আচৰণত হয়তো আচৰিত হৈছিল।এসোপামান যুক্তি দাঙি ধৰিছিল
সি।কিন্তু মই তাৰ প্ৰতিটো যুক্তিয়েই প্ৰত্যাখান কৰি গৈছিলো।

এতিয়া সি মোৰ প্ৰেমত বলিয়া প্ৰেমিক।একডম পাগল ল'ৰাটো।সৰু ল'ৰাৰ দৰে আমনি
কৰি থাকে আৰু যি কয় তাক মানিবই লাগিব।কবিতা লিখা মোৰ বাবে,সপোন দেখে মোৰ
বাবে।তাৰ অভিমান বেছি।সাধাৰণ কথাতে আজিকালি সি অভিমানী হৈ পৰে।মোৰ যে
সৌভাগ্য তাক মই মোৰ প্ৰেমিক হিচাপে পালো।ল'ৰাবোৰ ভিতৰি ভিতৰি সাংঘাটিক
বদমাছ।এগৰাকী প্ৰেমিকাই সেইয়া ভালকৈয়ে জানে।

প্ৰিয়ংকাই কথাবোৰ ভাবি থাকোতেই সময়বোৰ পাৰ হৈ গৈছে।সন্ধ্যা ছয় বজাৰ আগে
আগে তাইৰ ৰুমত হাজিৰ হ'ব বুলি অবিনাশে তাইক কথা দিছিল কিন্তু এতিয়া আঠ
বাজি ত্ৰিছ মিনিট হ'লগৈ।সি এতিয়াও আহি নাপালে।প্ৰিয়ংকাই খিৰিকীৰ পর্দাখন
মেলি চহৰখনলৈ এপাক চকুফুৰালে।ধাৰাসাৰ বৰষুণৰ মাজতো চহৰখন গাড়ী মটৰৰ
কোর্হাল শব্দ,লাইটৰ পোহৰেৰে পৰিপূর্ণ হৈ আছে।ইয়াৰ মাজতে আহি আছে
প্ৰিয়ংকাৰ মনৰ মানুজন,অবিনাশ।সময়বোৰ যিমানেই পাৰ হৈ গৈছে সিমানেই
প্ৰিয়ংকাৰ বুকুত অচিনা চিন্তা এটাই থিতাপি লৈছেহি।বাৰে প্ৰতি অবিনাশলৈ
ফোন লগাই আছে।ৰিচিভ নাইকৰা।সময়বোৰ তাইৰ নাযায় নুপুৱাই যেন লাগিছে।টিভিটো
অন কৰি চেনেলবোৰ সলনি কৰি আছে হঠাতে ৰিমর্ট টিপি থকা আঙুলি কেইটা ৰৈ গ'ল।
টিভি স্ক্ৰীণৰ তলত ব্ৰেকিং নিউজ "ডিব্ৰুগড়ৰ নালিয়াপুলত এইমাত্ৰ হোৱা
মুখামুখি পথ দুর্ঘটনাত এজন বাইক আৰোহী নিহত।উক্ত বাইক আৰোহী অসমৰ জনপ্ৰিয়
কবি তথা গল্পকাৰ অবিনাশ বৰগোহাঁই বুলি চিনাক্ত।"

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,536
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,499
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:677