গল্প :: য়ে, চিলচিলা হে প্যাৰ কা - A SHORT LOVE STORY ! --- বসন্ত নিৰ’লা

“কি হ’ল দুদিন ধৰি মাত-বোল নাই ?”

“ তুমি জানাই নহয় এয়াৰচেলে যে অন্তিম বিদায় লৈছে”

“জিঅ’ ছিমখন কিনি দিছিলো নহয়, ক’ল এটাতো কৰিৱ পাৰা”

“ইহ… মোৰেই গাত সকলো দোষ, কৈছিলো নহয় মই যোৱা সপ্তাহত জিঅ’ত ৩৯৯ ৰ ৰিচার্জ লাগে বুলি আৰু তেতিয়া তুমি আজি নহয় কালিলৈ বুলি কৈ আজিলৈকে ৰিচাৰ্জ কৰি দিয়াই নাই”
“হ’ৱ বাৰু, বাইকত উঠা হাটখোলাত ৰিচার্জ কৰাই দিম” – এইবুলি ৰাঘৱে বাইকখনক চেল্ফ ষ্টার্ট দিলে ।

“ আজি বাৰু ক’লৈ যাম ?” – বাইকত উঠাৰ আগতে শ্মামালীনাই প্রশ্ন কৰিলে ।

ইয়াৰ লগে-লগে ১৮০ চি.চি. ৰ পালচাৰ বাইকে নিজ গতি ল’লে আৰু ৰাঘৱেই উত্তৰ দি কৈ গ’ল-

“ ইক’মলৈ আহিছিলো, অ’ফিচৰ পার্ছেল এটা আছিল । ষ্টেট বেংক পাৰ হওঁতেই ‘দাস পোলাও’ৰ সুগন্ধ পাই তোমাক মনত পৰিল , সেহেয়ে তোমাক নিৱ আহিলো কলেজলৈকে”

“ শুনাচোন, তুমি ‘ডেলিকেচি’ লৈ নিৱ নোৱাৰা নে ?”

“ না, নহ’ৱ ; মোৰ অফিচৰ ওচৰত নিৱ নোৱাৰো তোমাক”

“ তেন্তে, ‘য়াম্মী কিচেন’ ?”

“ ডার্লিঙ, ঠাই বিছাৰি ফুৰোতেই মই বাইকৰ তেল শেষ কৰিৱ বিছৰা নাই ।গম পোৱা নিশ্চয়, ইটো সপ্তাহত দুৱাৰকৈ পেট্রোলৰ দাম বাঢ়িছে । আৰু কিমান ক’লো সদায়- সদায় তোমাক এনেদৰে নিৱলৈ অহাতকৈ তুমি পুলিচ পইণ্টলৈকে আহি যাৱা । নাই, নামানা তুমি !”

“বাৰু বাদ দিয়া, ‘দাস পোলাও’- লৈকে যাম ব’লা আৰু আগলৈ অনাহকত ওৱাটছ আপত ষ্টেটাছ নিদিবা ‘আই মিছ ইউ’ বুলি”

“বিশ্বনাথ ঘাটলৈ যাওঁ ব’লা” – ৰাঘৱে সিদ্ধান্ত সলনি কৰি ক’লে ।

আচৰিত হৈ শ্মামালীনাৰ প্রশ্ন, “ ঘাটলৈ কিয় ?”

“টাউনৰ মাজত কেতিয়াওঁ নিস্তব্ধ নহয় পথবোৰ, সকলোৰেই চিনাকি বাট-পথ । ব’লা বিশ্বনাথ ঘাটলৈ গৈ বুঢ়া লোহিতৰ সৈতে সুখ-দুঃখ আৰু অনুভৱৰ কথা পাতো । আৰু ডন্ট ফ’ৰগেট, এয়া তোমাৰ সপোন আছিল”

“চিনাকি বাট-পথ হ’লে কি হ’ৱ ? আমি প্রেমহে কৰিছো….”

“ তুমি মোৰ এই কথাষাৰক ফেচবুকৰ ষ্টেটাচ বুলি ভৱাৰ ভুল নকৰিৱা । বাস্তৱিকতালৈ আহা, ৰিভ’লেচ’নেৰী এটি-টিউড ফেচবুকতে বেচ ভাল লাগে বুজিছা”

“ তুমি কেতিয়াৰ পৰা বাস্তৱিকতাৰ কথা ক’ৱ ল’লা ?”

“ মই বাস্তৱেই হয়, তোমাক ইমপ্রেছ কৰিৱলৈহে প্রথম-প্রথম আকাশৰ জোন-তৰা ছিঙি অনাৰ কথা দিছিলো”

“তুমি পাগল হৈ গৈছা ; আজিয়েই ফেচবুক ডিয়েক্টিৱেট কৰি দিয়া । ফেচবুকত তুমি কবিতা নিলিখিলেও তোমাক মই প্রেম কৰি যাম”

“ তুমিয়েও ‘দা ৱায়েৰ’ ৰ প’লিটিকেল ষ্টোৰীবোৰক ফেচবুকত শ্বেয়াৰ নকৰি কিছু ৰিলেক্স হোৱাৰ দৰকাৰ”

“ সচাকৈয়েই আমি প’লিটিক্স, চ’চাইটী, দেশ আৰু নীতি-আদর্শৰ কথা ভাৱি –ভাৱি আপোনজনক পাহৰি পেলাইছো” – শ্মামালীনাই গম্ভীৰ হৈ ক’লে ।

“ কেৱল আপোনজনক পাহৰি পেলোৱাই নহয়, নিজস্বতাক পাহৰিছো আৰু জীৱন জিনিৱলৈ পাহৰিছো” – ৰাঘৱে প্রত্ত্যুতৰত ক’লে ।

“তুমি দার্শনিক কেতিয়াৰ পৰা হ’লা ?”

“ বছ….. তোমাৰ ফেচবুক ষ্টেটাছবোৰ পঢ়ি-পঢ়িয়েই শিকি লৈছো”

শ্মামালীনা নিমাত এইবাৰ, যেন কিছু ভাৱিবলৈ যত্ন কৰিছে । এনেতে বাইকখনে বি.জি. ৰোডয়েদি আগবাঢ়ি ড্রিছট্রিক লাইব্রেৰী পাৰ কৰিছে । শ্মামালীনাৰ পৰা কোনো উত্তৰ নোপোৱাত ৰাঘৱে গুণগুনাৱ ল’লে, “য়ে….চিলচিলা হে প্যাৰ কা………”

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,503
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:127
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,589
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,764
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,688
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:952