গল্প :: ৰহস্য উদঘাটন --- অৰুণাভ কুমাৰ নাথ

আজি কেইবাদিনো ধৰি নীলক মাকে একেটা কথাকে মন্ত্ৰ পঢ়োৱাদি পঢ়ুৱাই আছে - মাহীয়েৰৰ ঘৰৰ পৰা আহগৈ ৷ মাহীয়েকৰ ঘৰলৈ যাবলৈ সি বৰ টান পাই৷ মাকৰ দৰে একেই৷ অকল কব আৰু নীল, সদায় এনেদৰেই থাকিবিনে? কিবা এটা নকৰ জানো? কিবা এটা নকৰ মানে ? নকৰাকৈটো থকা নাই৷ ইণ্টাভিউ মাৰিয়েই আছে৷ চাকৰিহে নাপায়৷ তাত তাৰ দোষ কি? চাকৰি যেনিবা তালৈ কোনোবাই থৈহে দিছে - আহ বোপাই আমাৰ ইয়াত পোষ্ট খালী তুমি সোমাই দিয়াহি৷ এইবোৰ কথাকে বায়েক ভনীয়েকে নুবুজে৷ আৰু আহিবৰ সময়ত বায়েকলৈ বুলি বস্তু এবোজা তাৰ টেটুত ওলোমাই দিয়ে তাৰ মাথাই বেয়া হৈ যায়৷

যি কি নহওক সি মাকৰ ওপৰত চৰ্ত আৰোপ কৰিলে যদি তেল ভৰাবলৈ পইচা দিয় তেতিয়া হলে ভনীয়েৰৰ ঘৰৰ পৰা আহিবগৈ পাৰো ৷ মাক সহজতে মান্তি হ'ল৷ নীলৰ মাক হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষিয়ত্ৰী৷ পেঞ্চন অৱশ্যে বৰ্তমানলৈকে হোৱা নাই৷ মাকে নীলৰ হাতত ষ্টেট বেংকৰ এটিম কাৰ্ডখন দি ক'লে - ১২ হাজাৰ আছে৷ তাৰে ৫৫০০ উলিয়াই ১০০ টকাৰ তেল ভৰাবি বাইকত৷ ঘুৰি আহোতে ৫০০০ টকা দ্বিপেনক দিবি আৰু বাকী থকাকেইটা মোৰ হাতত দিবিহি৷ নীলেও হয় অৰ্থত মুৰ দুপিয়ালে আৰু মিছন মাহীয়েকৰ ঘৰত অগ্ৰসৰ হ'ল৷

বাইকত তেল আছেই মাহীৰ ঘৰ পাই যামগৈ৷ ঘুৰি আহোতে ভৰাম সি ভাবিলে৷

বাটত পোৱা এটিমটোত সোমাই সি পইচা কেইটা উলিয়াই ললে৷ ৰিচিপটো পেলাই দিবলৈ লৈও কিবা এটা ভাবি জেপত ভৰাই থলে৷ এটিমৰ পৰা ওলাই আহি সি পুনৰ বাইক ষ্টাৰ্ট দিলে৷ কৰ্কশ বিকট শব্দৰে বাইকখনে গৰজি উঠিল৷

মাহীয়েকৰ ঘৰত উপস্থিত হৈ নীলে কুশল মংগল বতৰা ল'লে আৰু দিলে৷ মাহীয়েকে নীলক কাট মাৰিলে - আজিকালি তই ডাঙৰ মানুহ হলি অামাৰ নিচিনা ভিকহুৰ ঘৰলৈ কত আহিবি? সিও উত্তৰ দিলে এৰা ডাঙৰ মানুহ হলো, কোনেও চিনি নোপোৱা ডাঙৰ মানুহ৷ মাহীয়েকে তাক খুব মৰম কৰে৷ তাক সি একমুখে স্বীকাৰ কৰে৷ কিন্তু কথাতেই কয় নহয় চেনেহৰ চুমাই নাকতি ভাঙিলে বুলি৷ চাৰিটামান ৰঙালাওৰে সৈতে এবোজামান শাক-পাচলি যেতিয়া বস্তা এটাত ভৰাই ঘৰলৈ লৈ যাবলৈ নিৰ্দেশ দিব তাৰ মাথা গৰম হৈ যায়৷ সেইসোপা বাইকৰ পাছত বান্ধি আনি থাকোেত নিজকে বেপাৰী বেপাৰী লাগে৷ খুব লাজ লাগে তাৰ৷

মাহীয়েক চাহ কৰিবলৈ ভিতৰলৈ গ'ল৷ সি এনেয়ে জেপত হাত ভৰাই চালে৷ হাতত এটিমৰ ৰিচিপটো উঠি আহিল৷ ৰিচিপটো লিৰিকি বিদাৰি বাকী থকা টকাৰ পৰিমাণটে চালে৷ পৰিমাণটো দেখি নীল চক খাই উঠিল৷ থাকিব লাগে ৬৫০০ আছে ১৫০০ ৷ টকাবোৰ ক'লৈ গ'ল৷ মাকে উলিয়াই নিয়া নাইতু? নিয়া হলে তাক কলেহেতেন৷ কাৰ্ডটো দিওঁতেটো ১২০০০ আছিল বুলি কৈছিল৷ কি হ'ল টকাবোৰ৷ কোনোবাই উলিয়াই নিয়া নাইতু৷ আজি কালিৰ যিহে দিনকাল৷ একো কব নোৱাৰি৷ এনেতে মাহীয়েকে চাহ খাবলৈ মাতিলে৷ সি ভিতৰলৈ সোমাই গ'ল৷ চাহ খায়েই সি নৰল৷ মোৰ বৰ জৰুৰী কাম এটা আছে বুলি বাইকত জপিয়াই উঠিল৷ যান্ত্ৰিক শব্দেৰ অবোধ বাইকখনে চিঞৰি উঠিল৷ মাহীয়েকে কিবা চিঞৰিছিল যদিও সি তালৈ কাণ নিদিলে৷ এক্সিলেটৰ পকাই দিলে নীলে৷

নীল যেতিয়া ষ্টেট বেংকৰ শাখাত উপস্থিত হৈছিল তেতিয়া ঘড়ীয়ে 3:40ৰ নিৰ্দেশ দিছিল৷ কাউণ্টাৰত থকা মানুহজনক সকলো কথা বুজাই কৈ সি একাউণ্টে চেক কৰি দিবলৈ অনুৰোধ কৰিলে৷ তেওঁ একাউণ্ট নম্বৰ বিচাৰিলে৷

এটিম কাৰ্ডটোৰ জৰিয়তেই মোৰ একাউণ্টটো কিবা প্ৰকাৰে চেক কৰি দিয়ক৷

তেনেদৰে আমি চেক কৰিব নোৱাৰিম৷ একাউণ্ট নাম্বাৰটো আপোনাৰ মনত নাই নেকি?

দহ সংখ্যাৰ ম'বাইল নম্বৰ এটাকে মনত ৰাখিব নোৱাৰো ষোল্ল সংখ্যাৰ একাণ্ট নাম্বাৰ কেনেকৈ মনত ৰাখিম৷

তেনেহলে আমাৰ উপায় নাই৷

যদি আজিৰ ৰাতিৰ ভিতৰত একাউণ্টত থকা বাকী টকাকেইটাও নাইকীয়া হয় তেতিয়া কি হব৷ - অলপ উষ্মাৰে ক' লে নীলে৷ সি ম'বাইলটো উলিয়াই মাকলৈ ফোন লগালে কিন্তু ৰিং কৰি কৰি কাট খাই গ'ল৷দৰকাৰত ফোন ধৰিবলৈও মানুহ এটা নাই৷ সি ভোৰভোৰালে৷ আৰু সহানুভুতিৰ আশাত মানুহজনৰ মুখলৈ চালে৷ নীলৰ মনৰ ভাব ধৰিব পাৰি মানুহজনে ক'লে - এতিয়া 3:50৷ আপোনাৰ ঘৰ কিমান দুৰত?

- প্ৰায় দহমিনিটৰ বাট৷

-আপুনি ঘৰলৈ যাওক আৰু একাউণ্ট নাম্বাৰটো লৈ আহকগৈ৷ নীল নৰলেই ঘৰ অভিমুখে সি বাইক দৌৰালে৷

ঘৰ সোমাই দেখিলে মাক ভিতৰত নাই৷ দুবাৰমান চিঞৰাত বাৰীৰ পাছফালৰ পৰা মাত আহিল৷ সিও সেইফালেই পোনাই দিলে৷ মাকক থুলমুলকৈ সকলো বিৱৰি ক'লে আৰু ফোনটো নধৰাৰ বাবে ধমক দিলে৷

পিছে মাকৰ কথাখিনি শুনিহে তাৰ হাঁহিম নে কান্দিিম অৱস্থা হ'ল ৷ মাকে ক'লে - তোক কবলৈ পাহৰিলোৱেই পায় ৷ কালি মই 5000 টকাৰ চেক এখন লিখি দিলো ৷

মাকক সি কি কব একো ভাবি নাপালে ৷ বেংকৰ মানুহজনৰ কথা ভাৱি তাৰ মনে মনে বৰ লাজ লাগিল ৷ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,635
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,328
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:240