গোলাপীৰ বিয়া --- শ্ৰী ভাস্কৰ জিৎ নাথ

পুৱতী নিশাতে ফেচাৰ মাততে ফুলিল কেতেকী ফুল, নিশাৰ জোনাকে কবিতা ৰচিলে
গোটেই জগত ভুল ।

তগৰ,নাহৰ, কেতেকী আছে ফুলনিত ফুলি, গছৰ আৰত পাতৰ আৰত লাগিছে জাম জেলি ।

কইনাৰ সাজত বাগিছাৰ মাজত সজাইছে গোলাপ ফুল, ন ন ৰূপত বিয়ালৈ আহিছে ফুল
কথাৰ নিছিগে ওল ।

নাহৰে বজাইছে কাঢ়ি টেং টেং কৰি,
কেতেকীয়ে বজাইছে বেণ্ড ধেম ধেম কৰি।

ৰজনীগন্ধা আহিছে দৌৰি ককালত খুচনি মাৰি,
নাচোন এপালি দিলে ওজাৰি হিয়া মন খুলি।

জবা ফুলে ভৰালে ৰভা ঘৰ আসন শুয়নি কৰি, মদাৰ ফুলো আহিছে সাজি কাছি হাততে লৈ পেজেনটি ।

কপৌফুল আহিছে দৰাৰ ৰূপত বিহুতি লগতে লৈ, নাচোনে বাগোনে সকলো আহিছে বৰযাত্রীহৈ ।

খৰিকাজাই আহিছে বামুণৰ ৰূপত গোলাপী কপৌ বিয়াত,
কন্যা দান কৰিব কামিনি কাঞ্চনে দিব গোলাপীক ওলিয়াই ।

বাগিছাৰ শুৱনি গোলাপী জনী আজি আৰু বাগিছাত নাই,
সুগদ্ধি সুবাসেৰে সদাই পুৱাতেই আৰু নজগাই দুনাই...।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,868
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,884
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,469
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,965
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,468
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,238