চকুলো ( নিৰিহৰ মৃত্যুত্‌....) --- অংকুৰ জ্যোতি বুঢ়াগোঁহাই

নিৰিহ নিৰলম্বৰ তেজেৰে
আজি সেমেকা আইৰ বুকু ।
আই তোমাৰ চকুলো মই
কেনেকৈ মচো !

বতাহত শুনো বিষাদৰ গান
সন্মুখত দেখো তোমাৰ
উকা হাত

আই তোমাৰ চকুলো মই
কেনেকৈ মচো !
আঘোণৰ মেট -মৰা শস্যৰ পথাৰত
বাৰুদৰ ক'লা আঁচোৰ

আই তোমাৰ চকুলো মই
কেনেকৈ মচো !
দশোদিশে কেবল অবোধ শিশুৰ
মাতত মৃত্যুৰ চিৎকাৰ
সন্মুখত নিমিষতে গঢ়ি উঠে
তেজে ধোৱা মাটিৰ শিতান।
আই তোমাৰ চকুলো মই
কেনেকৈ মচো !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,536
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,499
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:995
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,084