চুটিগল্প :: এয়াই জীৱন --- শেখৰ ভট্ৰাচাৰ্য

বিজয়ৰ পেটটোত হঠাতে খামুচি ধৰিলে । আঃ কি অসহ্যকৰ বিষ । যোৱা চাৰিদিন ধৰি সি একো খোৱা নাই । আজি এতিয়ালৈকে তেওঁ খাব পৰা নাই । কাম কৰা মিঠাইৰ দোকানখনত প্লেট এটা ভঙাৰ বাবে তাক কামৰ পৰা খেদি পঠিয়ালে মালিকজনে । কৰ্মহীন আৰু আশ্ৰয়হীন হৈ পৰিল তেওঁ । অশেষ কষ্ট কৰিও তেওঁ কাম এটা বিচাৰি নাপায় যোৱা চাৰিদিন ধৰি ফুটপাথত কটাই আছে ।

তেওঁ বাটৰ কাষৰ টেপটোলৈ গ'ল আৰু পানী অলপ পি খালে । খালি পেট পানীৰে নভৰে, পেটটো বেছিকৈ বিষায় উঠিল তাৰ । দিনকদিনে দুর্বল হৈ পৰিছে তেওঁ,কামো এটা নাই ,খোৱাৰ বাবে এটা বস্তু নাই ।

তেওঁ লাহে লাহে ৰাজপথত খোজ পেলালে । বুজিব পাৰিলে যে এয়াই বাস্তব আৰু এয়াই জীৱন । বিভিন্ন ৰঙৰ দামী গাড়ী আৰু ডাঙৰ ডাঙৰ অট্ৰালিকাই বুজায় চহৰখন কিমান অভিজাত আৰু কিমান ডাঙৰ । তাৰ সন্মুখেদি ধুনীয়া এহাল ডেকা গাভৰু পাৰ হৈ গ'ল হাতত ধৰাধৰিকৈ । ছোৱালীজনীৰ হাতত এটা দামী আইচক্ৰিম আৰু স্কীন টাৰ্চ মোবাইল এটা ।

বিজয় ওচৰৰ হোটেল এখনত সোমাই কিবা এটা খাব খুজিলে । তেওঁ ক’লে- অলপ খাদ্য আৰু বিশ্ৰামৰ প্ৰয়োজন মোৰ । গাটো অলপ ভাল হ'লেই তেওঁ অহাকালিৰ পৰা ৰাজমিস্ত্ৰীৰ কাম কৰিবলৈ যাব পাৰিব ।

হোটেলৰ মালিকজনে ক'লে-যোৱা ইয়াৰ পৰা ভিক্ষাৰী ।
মই ভিক্ষাৰী নহয় বুলি চিঞৰি খুজিও চিঞৰিব নোৱাৰিলো, গাত একেবাৰে বল নাছিল । ক’বলৈ মন আছিল যে মইও এজন ভাল ছাত্ৰ আছিলো এদিন ।

বিজয়ৰ নিজৰ ওপৰতেই ঘীন জাগিল । এইয়া জীৱন হ'লনে ? এনেকৈ জীয়াই থকাতকৈ মৰি যোৱাই শ্ৰেষ্ঠ । তেওঁ সিদ্ধান্ত ল'লে আত্মহত্যা কৰিব আজি ।

এটা বিকট শব্দ

সন্মুখেদি অহা ট্ৰাক এখনৰ আগত জপিয়াই দিলে, বিজয়ৰ চকুৰ মুদ খাই আহিল ।
প্ৰায় দুঘন্টাৰ মূৰত বিজয়ে চকু মেলিলে । সন্মুখত বয়ল কৰা কণী এটা, ব্ৰেড দুইপিচমান লৈ ধুনীয়া নার্চ এজনী ৰৈ আছে । হাতত এটা ভিটামিন চেলাইন লগোৱা আছে । ট্ৰাক চালকজন ভাল হোৱাৰ বাবে বাছি গ'ল তেওঁ । দুঠাইতমান ছাল বাকলি যোৱাৰ বাবে তাৰ বিশেষ একো ক্ষতি নহ'ল । চালকজনেই তাক চৰকাৰী হস্পিটাল লৈ আহিছিল ।

ৰাতি বিজয়ে মাংসৰে এসাজ পেট ভৰাই খালে বহুতদিনৰ মূৰত মনটো তেওঁৰ ভাল লাগিল ।

বিজয়ে ঠিক কৰিলে যিদিনা হস্পিটালৰ পৰা তাক ছুটী দিব তাৰ পাছদিনাৰ পৰাই তেওঁ ৰাজমিস্ত্ৰীৰ কাম কৰিব । আৰু এটা ভাল জীৱন যাপন কৰিব । আৰু তেতিয়ালৈকে হস্পিটালত তাৰ খাদ্য আৰু বিশ্ৰাম দুয়োটা হৈ যাব দুইদিনৰ বাবে ।
তেওঁ কালিৰ পৰা বেলেগধৰণৰ জীৱন যাপন কৰিব বুলি

চিঞৰি উঠি ক'লে যে - এয়াই জীৱন ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,818
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,776
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,696