চুটি গল্প :: অপেক্ষা --- দীপাংক শৰ্ম্মা

“তেৱেঁইতো সুখী মানুহ, যাৰ দুচকুত, হাজাৰ সপোনে ভীৰ কৰি থাকে । প্ৰতিদান নিবিচাৰিবা, আনক কেৱল সহায় কৰি যোৱা । জীৱনত কি পালা, কি নাপালা এইবোৰৰ হিচাৱ পাহৰি যোৱা । দেখিবা, পৃথীৱীৰ আটাইতকৈ সুখী মানুহ জন তুমিয়েই হ’বা ।“

- কলেজ জীৱনৰ কোনোবা উদাস মুহুৰ্ত্ত্ত এনেবোৰ মিঠা মিঠা কথাৰে অৰ্নবক সান্তনা দিবলৈ যত্ন কৰিছিল তাই ।

কলেজৰ এটি স্ংগীত সন্ধিয়াত অৰ্নবে, ইগলছৰ, হোটেল কাৰ্লিফৰ্নিয়া নামৰ গীতটো, গিটাৰত বজাওতে, যেতিয়া গোটেই কলেজ অডিটৰিয়াম হাত তালিৰে, ৰজনজনাই উঠিছিল, মঞ্চত উঠি, নাচিছিল তাই ।

অৰ্নবৰ গীটাৰত কিন্ত সঁচাকৈয়ে যাদু আছে । পিছে, সি কেতিয়াবা এলাহত গীটাৰ ক্লাছলৈ নগ’লে, গালি পৰা একমাএ মানুহ জনীও আছিল তাইয়ে ।

জিয়া, জিয়া তাইৰ নাম । অৰ্নবৰ ক্লাছমেট ।

জিয়াৰ কন্ঠৰ গীত, অৰ্নবৰ গীতৰ ৰচনা, জিয়াৰ সুৰ, অৰ্নবৰ গীটাৰ । কেৱল সংগীত, আৰু সংগীত । এই সংগীতেই সিহঁতক দিছিল ভালপোৱা । এক মিঠা অনুভুতি । যাৰ, অন্য নাম প্ৰেম ।

অৰ্নবৰ বহুদিনৰ আশা ফৰেষ্ট অফিচাৰ হোৱাৰ । জংঘল তাৰ ভাল লাগে । প্ৰকৃতিৰ মাজত থাকিবৰ মন যায় তাৰ । সেয়ে কলেজত উচ্চতৰ মাধ্যমিক শেষ কৰি অৰ্নবে ক্ষেত্ৰীৰ দিমৰিয়া কলেজত বি এছ চি ফৰেস্ত্ৰী ত অনাৰ্ছ সহ এডমিচন ল’লেহি । অসমত অৱশ্যে অকল এইখনেই একমাত্ৰ কলেজ আছে, য’ত বি এছ চি ফৰেস্ত্ৰী কৰিব পাৰি । তাৰ হেনো আগলে আই এফ এছ Exam দিয়াৰ মন আছে । জিয়াৰ পিছে কলেজৰ প্ৰ্ফেছৰ হ’বৰ মন । তাই সেয়ে মাৰ্ষ্টাছ শেষ কৰি SLET, NET আদি পৰীক্ষা দিয়াৰ হে প্লেন কৰি আছে ।

“জীয়া, মোক এবাৰ ফৰেষ্ট অফিচাৰ হৈ ল’ব দিয়া, তাৰ পিছত চাবা অসমত এটাও গড় হত্যা হ’বলৈ নিদিও । সব চোৰাং চিকাৰী এটা এটাকৈ ধৰি থাকিম ।“ ৰেষ্ণ্টুৰেন্তত কফি ৰ কাপত শোহা এটা মাৰি অৰ্নবে ক’লে ।

“হ'ব নেকি, আগতে কিবা এটা খোৱাৰ অৰ্দাৰ দিয়া তাৰ পাছত তুমি চোৰাং চিকাৰী, যি ধৰা, ধৰি থাকিবা । হ’ব ।“জিয়াই ক’লে । অৰ্নবে মিচিকিয়াই হাঁহিলে ।

দিন, মাহ, বছৰ পাৰ হ’ব ধৰিলে । এসময়ত ফৰেস্ত্ৰিত এম এছ ছি পাছ কৰি অৰ্নবে ফৰেষ্ট অফিচাৰ হিচাৱে অসমৰ বন বিভাগত জইন কৰিলে । লগতে আই এফ এছ Exam ৰো তৈয়াৰি, সি কৰি থাকিল ।

জীয়াইও ওচৰৰে কলেজ এখনত লেকছাৰাৰ চাকৰি এটা পালে । আৰু এতিয়া SLET টো পাছ কৰি ল’ব পাৰিলে তাইৰো চাকৰিটো পাৰ্মানেন্ত হ’ব ।
আনহাতে, দীৰ্ঘদিনীয়া সিহতৰ মাজৰ প্ৰেমৰ সম্বধক দুয়োখন ঘৰে মানি ল’লে আৰু যোৱাকালি সিহতৰ ৰিং চিৰিমনি হৈ গ’ল । ৰিং চিৰিমনিৰ দিনাখন সিহঁতৰ কলেজৰ দিনৰ কেবাজনো বন্ধু বান্ধৱী আহিছিল । সিহঁতৰ হেচাত পৰি সেইদিনা জীয়াই এটি সুন্দৰ হিন্দী গীত গাইছিল । অৰ্নবৰ গীটাৰ আৰু জীয়াৰ কন্ঠই সেইদিনা বহুদিনৰ মুৰত যেন প্ৰাণ পাই উঠিছিল । অসমীয়া আৰু হিন্দীত এটা দুটাকৈ বহুতো গীত গাইছিল সেইদিনা জীয়াই । দুমাহৰ পিছত সিহঁতৰ বিয়াৰ দিন ঠিক কৰা হৈছে । সিহঁতৰ আধা লিখা গীতটি যেন লাহে লাহে পুৰ্নতা পাবলৈ আগবাঢ়িছে ।

দেওবাৰৰ এটি ধুনীয়া আবেলি । পছিমৰ আকাশত বেলি লাহে লাহে ল’হিয়াব ধৰিছে । ঘৰমুৱা পক্ষী জাকে বাহলৈ বুলি উৰা মাৰিছে । জিয়াই ঘৰৰ আগফালৰ ফুলনি খনত ফুৰি আছিল । এনেতে তাই, গেটৰ মুখত, বাইক এখন ৰখোৱা দেখিলে। সেয়া দেখোন অৰ্নব । গেটখন খুলি ল’ৰাল’ৰিকৈ সোমাই আহিছে ।
“জীয়া, এইজোপা লোৱা” অৰ্নবে ক’লে । “কি এইজোপা” । তাই সুধিলে । “ফুলৰ পুলি, গোলাপ ফুলৰ পুলি” । অৰ্নবে ক’লে । তাই আচৰিত হৈ কৈ গ’ল,
“লোকে প্ৰেমিকাক ধুনিয়া ধুনিয়া উপহাৰ দিয়ে, আৰু তুমি, এই আবেলি খন, মোলৈ, কৰ’বাৰ গ’ছ পুলি এটা উঠাই আনিছা । কি যে মানুহ তুমি ।“
“কি যে মানুহ মানে । মই ফৰেষ্টৰ মানুহ”, অৰ্নবে কৈ গ’ল । “ফৰেষ্টৰ মানুহ হিচাপে মই তো গছেই উপহাৰ দিম, আৰু কি দিম, হে । এই গোলাপৰ পুলিটো, সন্ধিয়া ৰুই দিলে, ভালকৈ থন ধৰি উঠিব । সেয়ে আনিছো । এই পুলিটোৰ সঁচটো ভাল, । সোন কালে ৰুই দিয়া । কেইদিন মান পাছত দেখিবা গোটেই বাৰীখন গোলাপৰ ধুনীয়া গোন্ধেৰে আমোলমোলাই থাকিব । টিভিত দেখা নাই, সকলোকো গছ ৰুবলৈ কৈয়ে থাকে । গছ পুলি ৰোৱা আৰু ধৰণী সেউজী কৰা । ল’ৰাল’ৰিকৈ কথা খিনি কৈ গোলাপৰ পুলিটো দি, সি গ’লগৈ । সন্ধিয়া হোৱাৰ আগে আগে, জিয়াই, গোলাপৰ পুলিটো ভালকৈ ৰুই দিলে ।“

নতুন অফিচত মন পচন্দৰ কাম কৰিবলৈ পাই অৰ্নবৰ খুব ফুৰ্তি । তাৰ বিভাগটোত তাৰ বহুত কাম । সি পিছে তাৰ কৰিবলগীয়া খিনি সদাই নিয়াৰিকৈ কৰি যায । তাৰ অমায়িক স্বভাৱ, আৰু কৰ্ম দক্ষতাই, লাহে লাহে, তাক অফিচৰ সকলোৰে মাজত, জনপ্ৰিয় কৰি তুলিলে ।

অফিচৰ ব্যস্ততাৰ মাজতো কিন্ত, সি সমানে, সময় দিব পাৰিছিল জীয়াক । হাজাৰ অফিচৰ কাম থাকিলেও, জীয়াৰ বাবে, তাৰ কিন্তু, সময়ৰ অভাব হোৱা নাছিল । আচলতে, কাম থাকিলেই বুলি জানো কোনোবাই, উশাহ ল’ব পাহৰি যায় । অৰ্নবৰ প্ৰটিটো উশাহতেইতো জীয়া । তাৰ জীৱনৰ সফলতাৰ প্ৰটিটো বাটতেই যেন সি অনুভব কৰে জীয়াৰ পৰশ ।

সেইদিনাও সি আনকালৰ দৰে, পুৱাই, অফিচলৈ বুলি, ওলাই গৈছিল । আজি পিছে ৰাতি, সিঁহত দুটাই এখন ফিল্ম চাব । কিবা নতুন কমেদী ছবি এখন আহিছে বোলে । বহুদিন ফিল্ম চোৱা হোৱা নাই, সেয়েহে আজি তাৰ এয়া প্লেন । সি কালিয়েই জিয়াক কৈ থৈছে ।

সন্ধিয়া নামি আহিছিল। ছয় বাজিবৰ হ’ল , পিছে অৰ্নবৰ চোন খবৰেই নাই । জীয়াৰ খং উঠিল, কি ফিল্ম চাবা আৰু আজি । জীয়াই মনতে ভোৰভোৰালে । অৰ্নবক কালি কোৱা মতে, তাই আজি কলেজৰ পৰা সোনকালে আহি, তাৰ বাবে অপেক্ষা কৰি আছে । তাৰহে খবৰ নাই । আনকালেতো সি এনে নকৰে । তাই তালৈ ফোন কৰিব ধৰিলে । কিন্তু তাৰ মবাইল বন্ধ ।” আজি আকৌ কি হ’ল, জিয়াই ভাবিলে ।

বেটেৰীৰ ছাৰ্জ শেষ হ’ল নেকি ? কি কৰিব তাই ভাবি নাপালে । সময় বোৰ বাগৰিব ধৰিলে । লাহে লাহে সাত বাজিবৰে হ’লহি । তাই কেইবাবাৰো ফোন ট্ৰাই কৰিলে , কিন্তু সেই একে উত্তৰ । মবাইল বন্ধ । তাইৰ চিন্তা লাগিল । ঘৰত মাককো কথাটো ক’লে । এইবাৰ তাই অৰ্নবৰ মাককো ফোন কৰি অৰ্নব ঘৰত আছে নেকি সুধিলে । পিছে সি তাতো নাই বোলে । আঠ বাজিবৰে হ’ল দেখোন, ক’ৰবাৰ লগৰ ল’ৰাৰ লগত আদ্দাত বহিল নেকি ? তাই ভাবিব ধৰিলে ।

সি কমচেকম, কাৰবাৰ বেলেগ এটা ম’বাইলৰ পৰা, ফোন এটাটো কৰিব পাৰে । তাইৰ অৰ্নব ইমান দায়িত্বহীনতো নাছিল
কেতিয়াও, তেনে আজি কি হ’ল । তাইৰ চিন্তা বাঢ়িবলৈ ধৰিলে ।

কি কৰো কি নকৰোকৈ তাই এতিয়া প্ৰনবকে ফোন কৰো বুলি ভাবিলে । প্ৰনব আৰু অৰ্নব অফিচত একেলগে কাম কৰে । কিন্তু প্ৰনবৰ উত্তৰ শুনি তাই অতিশয় উদ্দিগ্ন হৈ পৰিল । প্ৰনবে ক’লে অৰ্নব হেনো আজি অফিচৰ পৰা ৪ বজাতেই ওলাই গৈছে । এজন মানুহৰ লগত সি ৰঙা ৰঙৰ স্কৰপিঅ গাডী এখনত উঠি যোৱা দেখিছিল তাক । পিছে ক’ত গৈছিল, সি হেনো নাজানে । জীয়াৰ চিন্তা বাঢ়ি গ’ল ক’ত যাব পাৰে সি । এটিয়াতো ৯ বাজিবৰে হ’লহি । ইমান দেৰি খবৰ নাই, কিবা বিপদ নহ’লেহে হয়, তাই ভাবিলে ।

তাই, প্ৰনবে কোৱা কথাটো অৰ্নবৰ মাক বাপেকক জনালে আৰু সুধিলে ৰঙা ৰঙৰ স্কৰপিঅ গাডী তাহাতৰ চিনাকি কাৰবাৰ আছে নেকি । তেওলোকৰ মতে কাৰোৰে নাই । কথাটো শুনি তেওলোকো অতিশয় উদ্দিগ্ন হৈ পৰিল । কাৰ গাডী সেইখন ?

গোটেই নিশা জিয়াৰ টোপনি নাহিল, ক’তবা আছে তাইৰ অৰ্নবতো । কিবা হৈছে তাৰ । উজাগৰি নিশাটো কথমপি পাৰ কৰি এতিয়া জীয়া আৰু অৰ্নবৰ মাক দেউতাক আহি থানা পালেহি । অৰ্নবৰ মিছিং কমপ্লেইন দিবলৈ বুলি ।

অৰ্নব সন্ধানহীন হোৱা আজি চাৰি বছৰ পুৰ্ন হ’ল ।

অৰ্নবে দিয়া গোলাপৰ পুলিটো এতিয়া যথেষ্ট ডাঙৰ হৈছে । গছজোপা এতিয়া ফুলেৰে ভৰি পৰিছে । কিন্তু যোৱাৰাতিৰ বৰষুণ জাকত গোলাপৰ পাহী বহুত সৰিল । পুৱাই উঠি, জিয়াই পুলিটোৰ গুৰিটো অলপ চিকুনাই দিলে ।

অৰ্নবৰ সহৰ্কমী প্ৰনবে দেখা, সেই ৰঙা ৰঙৰ স্কৰ্পিঅ খন, আৰু সেই মানুহ জন, যাৰ লগত অৰ্নবক শেষবাৰলৈ উঠি যোৱা সি দেখিছিল, এই চাৰি বছৰে তাৰ, পুলিচে একো সম্ভেদেই উলিয়াব নোৱাৰিলে ।

অৰ্নবৰ মাক বাপেকেও সকলো ঠাই, বিচাৰি চলাথ কৰিলে, কিন্তু, তাৰ কোনো শুং-শুএই পোৱা নাই । ৰাজ্যৰ সকলো থানাতেই, তাৰ ফটো, ইতিমধ্যে বিলাই দিয়া হৈছে । তাৰ সন্ধান এতিয়াও চলি আছে ।

জিয়াৰ কিন্তু দৃঢ় বিশ্বাস, অৰ্নব আহিব । সি পুনৰ ঘুৰি আহিব তাইৰ ওচৰলৈ । তাইক এইদৰে এৰি, সি গুছি যাৱ নোৱাৰে । সিহঁতৰ জীৱনৰ, আধা লিখা গীতটি, এনেদৰে তাই, আধৰুৱা হৈ ৰ’ব নিদিয়ে । কেবাবাৰো মাক বাপেকে তাইক বেলেগৰ লগত বিয়া হৈ যোৱাৰো পৰাৰ্মশ দিছিল । তাই কিন্তু একো শুনিব নিবিছাৰে । সিহঁতৰ, ভাল পোৱা, ইমান ঠুনুকা নহয় যে, সৰু-সুৰা ধুমুহাই, তাক উৰুৱাই নিব পাৰিব ।

জিয়াই আজি সিদ্ধান্ত ললে, তাই, অপেক্ষা কৰিব । অৰ্নব ঘুৰি নহালৈকে, তাই অপেক্ষা কৰিব । এদিন নহয় এদিন, সি নিশ্চয় ঘুৰি আহিব তাইৰ কাষলৈ । তাই মাথো সেই দিনতোলৈ বাট চাই ৰৱ ।

নেজানিলো, নুবুজিলো তোমাক পাইও কিয় হেৰুৱালো……………. টেলিভিছনত, পুৱা এটি গীতৰ কলি ভাহি আহিল । পুৱা ন বাজিবৰে হ’ল । ল’ৰাল’ৰিকৈ, কলেজলৈ বুলি যাবলৈ ওলাই, তাই ভাবিলে, ঘুৰি আহোতে থানাত সোমাই, খবৰ এটা লৈ আহিব লাগিব ।

------------------------ সমাপ্ত --------------------------

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:970
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,503
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:127
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,791
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,694