চুটি গল্প :: আকলুৱা হৃদয়ৰ উচুপনি --- বিষ্ণু বড়া

পুৱাৰ খিৰিকীখন খুলি দিলোঁ খুব জোৰেৰে শীতল বতাহ জাকে খিৰিকীৰ আঁৰ কাপোৰখন কোবাই কোবাই সোমাই আহিল । দেহটো জঠৰ কৰি পেলালে ৷

খিৰিকীৰ লোহাৰ শলা এডালত জোৰ কৈ খামুচি ধৰিলো ।
কেই মহূৰ্ত পিছত বুকুত প্ৰচণ্ড জুৰে কোনোবাই ঠেলা এটা মাৰিলে ।
সম্বিত ঘুৰাই পাই মই ঠাইতে এপাক ঘুৰিলো........
ক'ত কোনো নাই মই সপোন দেখিলো নেকি ?

ঘড়ীটোলৈ চালোঁ পুৱাৰ সময় ৮:৪৫ হ'ল..... মই মানে খিৰিকীৰ শলা ডালতে ধৰি দুই ঘণ্টাৰো অধিক থিয় হৈয়ে থাকিলো.........

জোৰেৰে বলা শীতৰ বলিয়া বতাহ জাকে মোৰ খোলা খিৰিকীখন এবাৰ খুলিছে আকৌ এবাৰ বন্ধ কৰিছে
যেন খিৰিকীৰ "পাল্লা" দুটা কব্জাৰ পৰা খুলি পেলাব ........ খঙতে খিৰিকীখন বন্ধ কৰি দিলোঁ..........

আকৌ কোঠাটোৰ ভিতৰখন এন্ধাৰ হৈ পৰিল মই খিৰিকীৰ কাষতে থকা চকীখনত ধুপুচকৈ বহি পৰিলো

জোনাকী জনী হৈ জ্বলিছে নুমাইছে বিচনাত নিমাতে পৰি থকা মোবাইলটো.............
ব'ছে ফোন কৰি আছে আজি অফিচলৈ সোনকালে মাতিছিল

কিন্তু মই তেওঁৰ ফোনটো কটাৰ পিছ মহূৰ্ততে মই মনতে বান্ধি ল’লো আজিৰ দিনটো কোনো কামতে ব্যস্ত থাকিব নোৱাৰিম ৷ মই আজি বন্ধ কোঠাৰ মাজত অকলে কান্দিম অকলে হাঁহিম অকলে কথা পাতিম.......
এনেকৈ আকৌ মই অলপ গভীৰ হৈ পৰিলো.........

আঠ বছৰৰ আগৰ কথা মই তেতিয়া হাইস্কুলৰ শেষৰ বৰ্ষত মেট্ৰিক পৰীক্ষাৰ বাচনী পৰীক্ষাৰ শেষৰ দিনা
মই জীৱনৰ প্ৰথমবাৰৰ প্ৰেমৰ উমান পাইছিলো মাত্ৰ বিদায় বুলি জোৰেৰে মোৰ হাতত খামুচি ধৰিছিল
তাৰ বাহিৰে একোৱেই নাছিল সেইয়াই মোৰ প্ৰথম প্ৰেমৰ আৰম্ভণি আৰু অন্তিম ।

মই এতিয়া পঢ়া সামৰিলো পঢ়ি থকা অৱস্থাতে ভনীজনীয়ে কৈছিল দাদা তই চাকৰি পালে মোক একো নিদিলেও প্ৰথমটো দৰমহা টকাৰে মোক জিঞ্চ পেন্ট আৰু এটা টি চাৰ্ট দিব লাগিবৈ.......
কিন্তু তাইটো এতিয়া লোকৰ ঘৰৰ বোৱাৰী হ'ল তাই এতিয়া জানো পিন্ধিব এইবোৰ...........

মায়ে এতিয়া ঘৰৰ পৰা সদায় ফোন কৰে “সোণ তই কেতিয়া ঘৰলৈ আহিবি?”
জহা চাউল কেইটিমান উলিয়াই ৰাখিছিলো তোৰ নামত পায়স অকণমান দিম বুলি ভাবিছোঁ ৷
মাৰ আদেশ, ঘৰলৈ আহোতে মোলৈ সূতা অলপ লৈ আনিবি বহাগৰ বিহু পাবৰেই হ'ল ককাদেউতালৈ এখন দেউতালৈ এখন ভাইটিলৈ এখন গামোচা লগাব পাৰিলেই হ'ল..... ৷

মায়ে কৰা ধেমালি , তোক এইবাৰ মই নিদিলেও হ'ব তোৰ বন্ধু তিলকৰ মূখেৰে শুনিবলৈ পাইছিলো
তই বৰ ভাল ছোৱালী এজনীৰ লগত আজিকালি মোবাইলত কথা পাতিবলৈ লৈছ সেইবাবে তোৰ চাগে মোলৈ মনতে নপৰা হ'ল তই সুখী হ সোণ....... ৷

সঁচাকৈয়ে মানুহ ভেদে মানুহৰ কৰ্ম মানুহৰ সমন্ধ ভেদে মানুহৰ মনৰ ভাৱ ৷

এতিয়া মই এটি ব্যক্তিগত খণ্ডত কৰ্মৰত অৱস্থাত ৷ ভাৱিছো এইমাহতে কামটো এৰি গাঁৱলৈ যাওঁগৈ
গাঁৱতে কিবা এটি কৰি ঘৰৰ মানুহকেইটাৰ লগতে জীৱনটো পাৰ কৰিব পাৰিলেই হ'ল........... ৷

অ....... সময় দেখোন বহু হ'ল দুপৰীয়া ১২:৩৫ বাজিল ৷ ইমান দিনে পূৰ্বতে কোনোদিনে কোঠাৰ ভিতৰত সোমাই পাৰ কৰি পোৱা নাই। আজি কিয় এনেকুৱা কৰিছো মই.............. ৷

ঘুৰুক ঘুৰুক কিবা এটা শব্দ.... ৷ ব্লক কৰি ৰখা নম্বৰটো পৰা ফোন আহি আছে ৷ নম্বৰটো আনব্লক কৰি দিওঁ নেকি ?

নাই নাই নকৰোঁ ৷ নালাগে বহাগত ফুলাম গামোচা ৷ মায়ে দিয়া পুৰণি গামোচা খনেই হ’ব ৷ কাৰণ মোৰ বাবে তেওঁ নহয় ৷ কিন্তু তেওঁৰ বাবেহে মই ৷ তেওঁক মই নিজৰ কৰোঁ বাৰু কেনেকৈ ৷ তেওঁ যে সহস্ৰ মৰম এনাজৰীৰ মেৰ খাই আছে ..... ৷

এতিয়া মই মাত্ৰ নিজকে প্ৰশ্ন কৰোঁ
কিয় মিছাতে মই দুখবোৰ অন্বেষণ কৰোঁ ?

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,577
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,579
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,585
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,612
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:4,778