চুটি গল্প :: খবৰ --- কবিৰঞ্জন দাস

দত্ত অফিচলৈ যাবলৈ ওলাইছেহে এনেতে আহিল বেয়া খবৰটো । বৰুৱাৰ লৰাটোৰ বাইক এক্সিডেন্ট হ'ল । অৱস্থা সংকট জনক । গুৱাহাটীলৈ নিছে ।
অল্পভাষী মৰমিয়াল বৰুৱাৰ দৰে লৰাটো নহল ।কলেজ যোৱাৰ লগে লগে বাইক লাগিব বুলি কিমানযে হাল্লা লগাইছিল লৰাটোৱে । অৱশেষত উপায় নাপায় বাপেকে বাইক কিনি দিব লগীয়া হৈছিল । আৰু তাৰ পৰিণতিত এই বেয়া খবৰ শুনিব লগা হ'ল ।

আজি দিনটো একো এটা মুখত দিয়া নাই বৰুৱাই । কাৰো লগত একো কথা পতা নাই । থমথমকৈ একে ঠাইতে বহি আছে । মানহটোক দেখি বৰ দুখ লাগিল দত্তৰ । হেজাৰ হলেও নিজৰেই সন্তান ।

বাইকখন কিনিবৰ বাবে বৰুৱাই কিমানযে মাথা মাৰিব লগীয়া হৈছিল । ছোৱালী জনীৰ বাবে ফিস্কড্ ডিপজিট কৰি থোৱা টকা কেইটাৰে বাইক কিনি দিছিল লৰাটোক ।লৰাটোৰ উৎপাত আৰু অশান্তি দেখি ছোৱালী জনীয়েই দেউতাকক বাইক কিনিবলৈ কৈছিল ।

এৰা সি যদি ছোৱালী হৈ জন্মিল হয় আজি এই খবৰ শুনিব লগীয়া নহল হয় । তাৰ জন্মৰ সময়ত কিমানযে আনন্দ কৰিছিল সকলোৱে । ওচৰ চুবুৰীয়াক মাছৰ টোপোলা বিলাইছিল । সকলো কথা এটা এটাকৈ দত্তৰ চকুৰ আগত ভাহি আহিল । দত্তৰ চকুয়েদি দুধাৰ চকুলো বৈ আহিল । আৰু বা কি খবৰ আহে ! এতিয়া প্ৰতীক্ষা কৰাৰ বাহিৰে আৰু বেলেগ উপায় নাই । বৰুৱাই বহাৰ পৰা উঠি গাটো তিয়াই চিধা গোঁসাই ঘৰত সোমালগৈ ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,562
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:134
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,721
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,072
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,618