জাগিবৰ হ’ল --- স্বপ্নালী দেৱান বৰুৱা

জাগিবৰ হ্’ল, জাগিবৰ হ্’ল

মানৱ জাতি আমি জাগিবৰ হ্’ল,

ভ্ৰাতৃত্ব্ বোধ হিয়াত উজ্জ্বলাই

মিলা-প্ৰীতিৰে আমি থাকিবৰ হ্’ল!!

জন্ম ল্’লো আমি খালী হাতেৰেই

মৃত্যুকো সাৱতিম আমি খালী হাতেৰেই ... ...

দামী পোছাক আমাৰ নহয় পৰিচয় ... ...

ব্যৱহাৰেই হে আমাৰ প্ৰকৃত পৰিচয়

দয়া-প্ৰেমে আমাক উচ্চ আসনত বহুৱাই

লোভ -ক্ৰোধে আমাক নিম্ণ স্থানলৈ লৈ যায়

সূখ বিচাৰি জীৱনটোত কেৱল

বস্তু গোটাওঁতেই দেহা অলস পৰে

অলস দেহাৰ ভাৰাক্ৰান্ত মনে

শান্তি বিচাৰি হাবাথুৰি খাই ফুৰে!!

জাগিবৰ হ্’ল, জাগিবৰ হ্’ল

মানৱ জাতি আমি জাগিবৰ হ্’ল

সীমিত বস্তুৰেই নিজক সূখী ৰাখি

মানৱতাৰ গীত গাবলৈ হ’ল !!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:868
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,578
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,223
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,964
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,078
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,466