জিলাবোৰ --- স্বপ্নালী দেৱান বৰুৱা

মিঠা কমলা খাবলৈ মন গলে
তিনিচুকীয়া জিলালৈ যাবা;
এছিয়া মহাদেশৰ প্ৰথমটো তেল
শোধননাগাৰ ডিগবৈতেই পাবা.....!!
বৰিয়লা মাছখাই ভালপালে তুমি...
ডিব্ৰুগড় জিলালৈ যাবা....;
অসমৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ কেৱল চাবুৱাতহে পাবা...!!
আহোম ৰাজত্বৰ কীৰ্ত্তিচিন্হবোৰ
শিৱসাগৰতে আছে ভৰা......
পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী
আৰু অসমৰ প্ৰথম চাহ-বাগিচা ‘চিনামৰা’
মণিৰান দেৱানে গঢ়া, যোৰহাটতেই পাবা......!!
পৃথিৱীৰ ভিতৰতেই একমাত্ৰ এশিঙীয়া গড়
গোলাঘাট জিলাতেই আছে....;
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনিয়েও পৃথিৱীক মুহি আছে........!!
নুমলীগড় শোধনাগাৰ আৰু
আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰও তাতেই দেখোন আছে !!
নগাওঁ জিলা পবিত্ৰ ভূমি
ভগৱন্ত উপজিছিলে.....;
অগৰুৰ সুগন্ধি উদ্যোগৰ খ্যাতিও
পৃথিৱী বিয়াপি আছে......!!
মৰিগাওঁ জিলাত এশিঙীয়া গড়
অবাধে বিচৰণ কৰে.....;
পবিতৰা অভয়াৰন্যৰ প্ৰাকৃতিক শুভাই
সকলোৰে মন হৰে.......!!
বানপানীৰে খেলিব বিচাৰিলে
ধেমাজিলৈ তুমি যাবা.....;
সোণেৰে ভৰা সোৱণশিৰি নদী সেই জিলাতেই পাবা...!!
লখিমপুৰ নামৰ লখিমী জিলাখন
প্ৰাচ্যুৰ্য্যেৰে ভৰা
মহাপুৰুষ মাধৱদেৰ জন্ম ইয়াতেই
“ফাট বিহুও” ইয়াতেইপাবা.....!!
কলিয়াভোমোৰা দলং পাৰ হৈ
শোণিতপুৰ জিলালৈ যাবা...
উষা অনিৰুদ্ধৰ প্ৰেমৰ কাহিনি
মুখে মুখে সুনিবলৈ পাবা....!!
সোণাই-ৰুপাই আৰু বুঢ়া চাপৰি-
অভয়াৰণ্যয়ো শুভা বিলাইছে য’ত
নামেৰি নামেৰে ৰাষ্ট্ৰীয় উদ্যানো দেখিবলৈ পাবা ত’ত........!!
দৰং জিলাৰ “পথৰুঘাটৰ ৰণ”
বুৰঞ্জী প্ৰশিদ্ধ কথা....
ৰাষ্ট্ৰীয় উদ্যান ওৰাংখনো সেই জিলাতেই পাবা....!!
ওদালগুৰিৰ ভৈৰৱকুণ্ড........
প্ৰাকৃতিক সৌন্দৰ্য্যৰ মেলা...
গ্ৰাম্য কামৰুপত বস্ত্ৰনগৰী শুৱালকুছিৰ শুভা..!!
কামৰুপ জিলাৰ মহিমা অপাৰ
কিমান নো শুনিবা.....;
কামাখ্যা, বাণেশ্ৱৰ, শুক্ৰেশ্ৱৰ,
উগ্ৰতাৰা, নৱগ্ৰহ্,বালাজি ইত্যাদি
মঠ-মন্দিৰেৰে ভৰা.......!!
পৃথিৱীৰ ক্ষুদ্ৰতম নদী-দ্বীপ উমানন্দ আৰু
ভাৰতৰ প্ৰথমখন দুখলপীয়া দলং..
শৰাইঘাট ও ইয়াতেই পাবা...!
নলবাৰী জিলাত অসমৰ ভিতৰতেই
শিক্ষিত মানুহেৰে ভৰি আছে....!!
ভঠেলি, মহোহো, ৰাস মহোতসৱ ও
ইয়াতেই প্ৰচলি আছে....!!
ৰাষ্ট্ৰীয় উদ্যান মানাহখন বৰপেটাতেই অছে ;
হাতীদাঁত আৰু কাহঁ শিল্পয়ো প্ৰসিদ্ধি লভিছে !!
ভ্ৰাম্যমান থিয়েটাৰৰ “হলিউদ” পাঠশালাও
এই জিলাতেই আছে....;
এই জিলাই অসমৰ বাণিজ্যিক ক্ষেত্ৰত গুৰুত্ব লভিছে!
বঙাইগাওঁ জিলাও অতি মনোৰম.....
প্ৰাকৃতিক শুভাৰে ভৰা ,তাম ৰঙা বিল,
কনচা বিল আৰু কয়াকুজীয়া দ্বীপৰ
সৌন্দৰ্য্য দেখিলে স্ৱৰ্গীয় আনন্দ পাবা.....!!
অসমৰ একমাত্ৰ সৈনিক স্কুলখন.....
গোৱালপাৰা জিলাতেই আছে......!
অসমী আইৰ বহু সু-সন্তান গড় লৈ ওঠিছে !!
কোকোৰাঝাৰ জিলা বি টি এ ডি ৰ সদৰ ঠাই
প্ৰকৃতিৰ ৰুপ আৰু বনজ সম্পদেৰে ভৰা....!!
গোৱালপাৰা জিলাৰ গোৱালপৰীয়া লোকগীত
পৃথিৱীত খ্যাতি লভা....!
অসম গৌৰৱ প্ৰতিমা পাণ্ডেও......
ইয়াতেই জন্ম লভা......!!
কাৰ্বি-লাংপি জলবিদ্যুত প্ৰকল্প........
কাৰ্বি আংলঙতেই আছে....!
বোকাজানৰ চিমেণ্ট কাৰখানায়ো
আৰ্থিক সহাৰি দিছে....!!
ডিমা হাছাও জিলাৰ জাতিংগা চৰায়ে
পৃথিৱীত খ্যাতি লভিছে....!!
কাছাৰ জিলা অসমৰ এখন
বাণিজ্যিক কেন্দ্ৰ ঠাই...!
কৰিমগঞ্জ জিলা আমদানি ৰপ্তানিৰ
সীমান্ত বাণিজ্য ঠাই.....!!
হাইলাকান্দিৰ হিন্দুস্থান পেপাৰ মিল
সকলোৱে চিনি পায়....!
চিৰাং জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য্যই
সকলোকে মুহিত কৰে......;
বি আৰ পি এল তেল শোধনাগাৰ
ইয়াতেই দেখোন আছে...!!
বাক্সা জিলা নদ নদীৰে ভৰা.......
অতি মনোৰম ঠাই......!
চুবুৰীয়া দেশ ভূটানলৈ.......
ইয়াৰেও যাবলৈ পায়......!!

শেহতীয়া কবিতা

মুঠ পঢ়ুৱৈ সংখ্যা: 19

মৌনতাৰ আঁৰত লুকাই আছে

হৃদয়ৰ ভাষাবোৰ

দুচকুৰ একোণত লুকাই থৈছোঁ

সংগ্ৰামবোৰ

ওঁঠৰ ভাঁজত লুকাই আছে

বিষাদবোৰ

জীৱন এনেকৈয়ে জীয়াই ৰাখিছো

জীয়াই আছো হয়তো থাকিব লাগিব ।

বিলাসী জীৱন এটা কটাবলৈ মোৰো মন যায়,

সেয়েহে দুচকুত ৰচোঁ অযুত সপোন।

কিন্তু বাস্তৱ বৰ কঠিন,

তাক পোৱাটো ইমান সহজ নহয়।

তথাপি সপোনবোৰ সচাঁ

কৰিবলৈ চেষ্টা কৰি যাম

মৃত্যুৰ ইটো পাৰে।

মুঠ পঢ়ুৱৈ সংখ্যা: 291

ওন্দোলা মুখনি দেখি
মোৰ মুখত হেৰাল হেঁপাহৰ হাঁহি
তুমি নক'লা নাই
জানিব বিচাৰো যদিও
চৰ্ত ৰাখি তোমাক বাধ্য কৰাৰ ভুলো মই নকৰোঁ
উপায়হীনভাৱে নিজকে বাৰে বাৰে প্ৰশ্ন কৰোঁ
কিয় কৰিছা তুমি আজি ইমানকৈ অভিমান?
কাৰ ভুলৰ বাবে তোমাৰ এই কঠোৰ জীৱন সংগ্ৰাম?
ফৰকাল বতৰত আকাশ ঢাকি
কজলা মেঘে নমাই যিদৰে ক'লা ক'লা অন্ধকাৰ
মই নুবুজিলোঁ কিয় মিছাতে আনক দেখুৱাই ফুৰিছা
তোমাৰ হৃদয়খনি জুইয়ে পোৰা এটুকুৰা এঙাৰ
য'ত অনুভৱ থাকিও মুঠেই ৰস নাই
উশাহ-নিশাহ থাকিও জীৱনৰ নিজস্ব কোনো দাম নাই ৷
মই হাঁহিব খুজো
কিন্তু তোমাৰ এই স্হিতিত আদিতে ভাগৰো
হাঁহিটি পাহৰো
এয়া কাৰ ভুল— তোমাৰ নে মোৰ?
ভালপোৱাত অভিমানী হোৱা
অভিমানে বঢ়াই তোলে ভালপোৱাৰ গভীৰতা
কিছু পৰিমানে হ'লেও লাগে পাৰস্পৰিক সমভাগিতা...!

সেইটি শীৰ্ষবিন্দু স্পৰ্শ কৰি তুমি দোষী নহ'বা
যি বিন্দুত অৰ্থ সদায় জীৱন ও প্ৰেম মানে মাথো ৰিক্ততা...!

মুঠ পঢ়ুৱৈ সংখ্যা: 252

কিমান বিশাল হ'ব পাৰে মৌনতাৰ পৰিধি!

মন আৰু শৰীৰ..

এই নিয়ন্ত্ৰিত দূৰত্বৰ মাজত

মনত সূৰ্যটি উদয় হয়

আৰু শৰীৰত অস্ত;

আকৌ মনত উদয়..

এই বৃত্তৰ মাজত মানি চলা হয়

সহাৱস্থান নীতি,

মাত্ৰ তাত‍ সংগীবিহীন মৌনতা।

মৌনতাৰ পৰিধি বিশাল..

মন কিম্বা শৰীৰৰ উচ্চতাই

ঢুকি নাপায় মৌনতাৰ সীমনা।

যি সীমনাত ৰাগৰ অৱস্থান-

হিমনীলৰ আঙুলিৰ পৰশত

কঁপি কঁপি বাজি উঠে জীৱনৰ

সাতোটা আক্ষেপৰ ৰাগ..

তাত মৌনতাই কাণ পাতি শুনি থাকে

অব্যক্ত অনাখৰী স্পন্দন..।

সেই ৰাগ অস্ত যায় জীৱনৰ খেলপথাৰত..

মন আৰু শৰীৰৰ তিক্ততাত

মৌনতাবোৰ হেৰাই যায় ক'ৰবাত।

জীৱনৰ চকৰীটোত লাহে লাহে

আকৌ আৰম্ভ হয় উদয়-অস্ত

মন-শৰীৰৰ উদ্ধত নৃত্য॥

মুঠ পঢ়ুৱৈ সংখ্যা: 376

অলপ পৰিশ্ৰম কৰিবলৈ শিকি আছো
অ' জানো কষ্ট হ’ব বুলি
পিছে আমিবোৰতো ছোৱালী হয়
আমাৰ জানো যন্ত্ৰনা, আৱেগ, অনুভূতি আছে ?
আমাৰ জন্মই হৈছে
আনৰ পৰিতৃপ্তিৰ বাবে
এয়া বিধিৰ লিখন,
আমি মাথো নিয়তিৰ অধীন।
জন্মৰ পাছত পিতাইয়ে সুধিলে
বেটী! তই কি হ’বি,
মাতৃয়েও সুধিছিল বেবেৰিবাং কথাবোৰ
উত্তৰ আছিল মাথো সুখী আৰু
ভাল মানুহ হোৱাৰ।
নাছিল নহয় জ্ঞান
আজিৰ পৰিৱেশ উশৃংখলতাৰ,
সুখৰ সংজ্ঞা বিচাৰি বিচাৰি
ক'ৰবাত মানুহ হোৱাৰ মানসিকতাই হেৰুৱালো
আৰু যমৰ যাতনাত
মনুষ্যত্ব কেতিয়াবাই সিপুৰী পালেগৈ।

মুঠ পঢ়ুৱৈ সংখ্যা: 224

যেতিয়া চাইবেৰিয়াৰ চৰাইজনীয়ে
হুকহুকাই কান্দে ,
যেতিয়া ইজৰাইলৰ
এজাক নিষ্পাপ শিশুয়ে কান্দে ,
যেতিয়া ব্ৰাজিলৰ অন্ধগলিৰ
প্ৰতিগৰাকী বেশ্যাই ,
কান্দো বুলি কান্দিব নোৱাৰে
তেতিয়া বাৰু তোমাৰ
চকুপানী ওলায়নে ??
নিশ্চয় নোলায় !
ওলাবই বা কিয় ,
কাৰণ
তুমি হ'লা এইখন যান্ত্ৰিক পৃথিৱীৰ
যন্ত্ৰবোৰৰ একো একোটা বুটাম ।‌
কেতিয়াবা এনে লাগে
তুমি যেন
বুটাম টিপিলেহে - কান্দিবা ।‌

মুঠ পঢ়ুৱৈ সংখ্যা: 293

জন্মদিন
এটি অতি সুখৰ দিন ৷

আহিলে মুখত হাঁহি বিৰিঙে
মায়ে জন্মৰ সেই অসহ্যকৰ যন্ত্ৰণাখিনি পাহৰে ৷

জন্মদিনৰ হিচাপ মোৰ নাথাকিবও পাৰে
মায়ে কাহানিও নাপাহৰে ৷
মোৰ প্ৰতিটো জন্মদিন
জীৱনক ভালপোৱাৰহে জন্মদিন
মা-দেউতাৰ সপোনবোৰত মই বিলীন
কাহানিবা পাৰিম জানো পূৰাব মোক ভালপোৱাৰ ঋণ ৷
জন্মদিন লাগে
হাঁহি আনন্দ আদিৰ মিঠা মিঠা ক্ষণবোৰ ধৰি ৰাখিবলে
সময়ৰ সোঁতত একালত যদি মা-দেউতাৰ দুখ-যন্ত্ৰণাবোৰ মনলৈ নাহে
ভালপোৱা যাঁচিলে যদি মনত তীক্ততাৰহে ভাব আহে
তেন্তে জন্মদিন কিয় পালন কৰিব লাগে?

প্ৰতিটো জন্মদিন
এনে এটি দিন হ'ব লাগে
ক্ৰমশঃ মা-দেউতাৰ দুখবোৰ মোচনৰ পৱিত্ৰতাৰ চিন ৷

মুঠ পঢ়ুৱৈ সংখ্যা: 273

আঘোণ আহিলেই মনত পৰে তোমালৈ
এই আঘোণতে যে তোমাৰ মোৰ ক'ত যে স্মৃতি
নৰাৰ পেঁপা বজাই লৰি ধাপৰি ফুৰাৰ পৰাই
তোমাৰ মোৰ চিনাকী
তোমাৰ জানো মনত নপৰেনে

নৰানি ফালি ফালি আমি দুয়ো দৌৰিছিলো
লুকাচুৰি, চুৱাচুই ক'ত যে খেল খেলিছিলো
আইয়ে লৈ যোৱা সুমথিৰা চকলা টেঙাৰ
ৰ'দত বহি স্বাদ লৈছিলো
এই স্মৃতিয়ে তোমাক আমনি নকৰেনে

যেতিয়াৰ পৰা তুমি লেছেৰি বুটলিবলে এৰি,
তোমাৰ আইৰ সমানে সমানে ধান দাবলৈ শিকিলা
সেই তেতিয়াৰে পৰা হেৰাই গ'লা তুমি, সময়ৰ সোঁতত
আকৌ জানো আহিবনে ঘূৰি শৈশৱতে কৰা ধেমালিবোৰ

মই আকৌ হেৰাই যাব খোজো তোমাৰ মাজত
শৈশৱতে কৰা ধেমালিবোৰ দৰে আকৌ ধেমালি কৰিব খোজো
তোমাৰ বুকুতে বিচাৰিব খোজো সৌ তাহানিৰ আনন্দবোৰ
এইবাৰ আঘোণত তুমি ঘূৰি আহিবানে

মুঠ পঢ়ুৱৈ সংখ্যা: 626

ৰে'ল ষ্টেচনৰ সেই ধুনীয়া ছোৱালীজনী
ৰৈ আছে উকি মাৰি মাৰি ৰে'লখন অহালৈ
তাইৰ হাঁহিটি মোৰ ইমানখিনি ভাল লাগে
দুখক চেপেটা কৰি সুখৰ সমাহাৰ যিদৰে কবিৰ জীৱনলৈ আনে
তাইৰ হাঁহিত ইমানখিনি তীক্ষ্মতা আছে
এন্ধাৰেও লাজতে সঘনাই ওৰণি টানে
মোৰ অনুভৱ এনে হয় তাইৰ বাবেই এই পৃথিৱীত এন্ধাৰ আঁতৰি জোনাকী সমদল নামে ৷

ৰে'লগাড়ীখন আহিল
এনে লাগিছে তাইৰ কাৰণেহে ষ্টেচনত ৰ'ব খুজিছে
তাই আৰু মই একেটি দবাত
উশাহ-নিশাহৰ চাপেও যেতিয়া জীৱনান্দৰ অনুভূতি আনে
সময়বোৰো যৌৱনা হৈ ৰাত্ৰিৰ কোলাত শুৱে ৷
মই বহা একেটি দবাত আৰু বহুতো বন্ধু আছে
সিহঁতৰো যাৰ যাৰ এখনি প্ৰেমিক হৃদয় আছে
এইটো খাটাং যে তাইৰ সেউজীয়া অনুভৱে হৃদয়ৰ ৰং তিলমান হ'লেও সলনি কৰিছে ৷
ঠিকেইতো ধুনীয়াবোৰ সকলোৰে চকুত লাগে সকলোৰে ভাল লাগে মোৰ দৰেই ৷

ৰে'লখনৰ প্ৰায়েই সম গতি আৰু তাইৰ মিঠা চাৱনি লাগি
এনে লাগিছে নিস্তব্ধতাৰ মাজতেই কৰিবলৈ লৈছো জীৱন জীয়াৰ সৰল আৱেদন
শূন্যতা ভৰি ভৰি কিয়বা নাজানো এতিয়াও অলপ আছে বাকী
জ্বলিলে প্ৰেমৰ এগছি চাকি
তাইৰ অৱদানেৰেই বিৰিঙিব ওঁঠত ও মনত মিঠা হাঁহি এটি ৷

তাইক মোৰ ভাল লাগে
জীৱনক আজি পৰ্যন্ত ভালপোৱাৰ সমানেই ৷
তাইৰ বাবে মোৰ গভীৰ এন্ধাৰ হ'বলৈ মন যাই
যাক তাই পোহৰাই সফলতাৰ সুখ পায় ৷
তাইৰ বাবে মোৰ দূৰণিৰপৰা উঁকি মাৰি অহা ৰে'লগড়ীখন হ'বহৈ মন যাই
যাৰ কোলাত উঠি তাই বিশ্ৰামেৰে গন্তব্য স্থান পায় ৷
তাইৰ বাবে মই ৰাতিৰ সুৰীয়া গীত হ'ম
তাইক টোপনি নিয়াবলৈ মই ওৰে ৰাতিটো সাৰে ৰ'ম ৷

সেই ষ্টেচনত দেখা পোৱা ছোৱালীজনীক আকৌ লগ পাবলৈ
ৰে'লগাড়ীখন হৈ মই ষ্টেচনে-ষ্টেচনে বহুখিনি আশাৰে ৰ'ম.....!

মুঠ পঢ়ুৱৈ সংখ্যা: 496

মই অসহায় কবি
তই হ'বি মোৰ প্ৰেয়সী
মোৰ জেপ উদং
নকৰিবি তই খং
নাপালে ধন
লগাবলৈ প্ৰসাধনৰ ৰং ৷

মই দুখীয়া
তথাপিও কিয় তই মিচিকিয়াই হাঁহা ?
তই লখিমী
ফুটা মোৰ ঘৰৰ চালি
বৰষুণ আহিলে নিতিতি ক'ত যাবি ?
লঘোণ মোৰটো সদায়ৰে চিনাকি
উজাগৰে নোখোৱাকৈ কটাব লাগিব
তইও দীঘলীয়া বহু ৰাতি
দুখ লাগিব হ'লে তই বেমাৰীজনী ৷

মই প্ৰেমিক
সমগ্ৰ জগতখনেই
মোৰ কাৰণে প্ৰেমৰ প্ৰতীক
তথাপিও পুষ্প বৃষ্টি
তই যে ঈশ্বৰৰ সুকীয়া সৃষ্টি;
তই বিচাৰিলে মৰমেৰে উপচাবলৈ
নালাগে মোক বসন্ত কিম্বা শীত.....!!

মুঠ পঢ়ুৱৈ সংখ্যা: 1,688

সন্ধিয়াৰ আগমনৰ এই
হেঙুলীয়া আভা কিযে
মনোমোহা
অকলশৰে বহি নিজান
মনৰ কোঠাৰীত ৰচিব
মন যায় প্ৰেমৰ কবিতা।

তুমিহীন দিন ৰাতিত
শব্দবোৰেও যেন
লুকাভাকু খেলিবলৈ
ধৰিলে কেনেকৈ লিখিম
নিজান মনৰ কোঠাৰীত
প্ৰেমৰ কবিতা।

মোৰ বিশ্বাস তুমি আহিবা...
তুমি আহিবা মোৰ
স্বপ্নমধুৰ শব্দৰ সৈতে খেলিবলৈ
তুমি আহিবা মৰমৰ বৈতৰণীত
স্নান কৰিবলৈ।

মুঠ পঢ়ুৱৈ সংখ্যা: 930

সেমেকি সেমেকি টুপ্ টুপ্ সৰিল

চকুৰ বহল পতাত এজাঁক বনৰ হৰিণী চৰিল

বুকুখনিৰ ইপাৰ-সিপাৰ সোঁমাজেদি বোৱা নিজৰাৰ দুটি পাৰ;

মাৰাং অ' মাৰাং

তিয়াঁই তিয়াঁই জুৰোৱা মোৰ তীক্ষ্ণ উত্তাপিত পৰাণ ৷

গধূলিৰ শেৱালি ফুল গোন্ধতে আমোলমোল

টোপনি নাহে কি সাজে দুকাণত বাজি আছে

সুৰৰ ছন্দে-ছন্দে তোমাৰ হাঁহি কি যে গুণগুণ গুণগুণ ৷

(বি.দ্ৰ : মাৰাং শব্দৰ অৰ্থ হ'ল বৰষুণ ৷)

মুঠ পঢ়ুৱৈ সংখ্যা: 1,904

নুবুজিলো কেতিয়াও
হয়তো নোৱাৰিলো বুজাব
অথচ দিনে নিশাই প্ৰতিপল
অহৰহ বৈ থাকে
তোমাৰেই ভাবনা হৃদয়ত ।

নিষ্ঠুৰ তুমি নে মোৰ সময় ?
তোমাৰ নিচিনাকৈ মোৰো দেহত
শিৰে শিৰে ৰক্তকণা বৈ
দেহৰ ভাজে ভাজে
দূখ ভাগৰ, শোক চিন্তাই
অহৰ্নিশে তোমাৰো বাগৰ সলায়
কিন্তু কিয় আজি ইমান দুৰ্বল মোৰ অনুভৱ
চিগো বুলিয়েই জানো চিগিব পাৰি
হৃদয়ৰ বান্ধোন !

দেখিছিলো জানা মইওঁ
তোমাৰ দুচকুতে এটি সজল সপোন
সাজিছিলো মৰমৰ ঘৰ
তুমি .... মই .... আৰু আমি .... !

সময়ে সকলো সলায়
সময়ে সকলো পাহৰায়
জীৱনৰ দিশ আজি তোমাৰ সলনি হ'ল
প্ৰেমৰ নতুন শিহৰণেৰে মন আলোকিত হ'ল
সেয়ে চাগে তুমি পাহৰিলা
ভালপোৱাৰ বহু কথা …
এনে বহু আশা, বহু সপোন
যি মোৰ বুকুতে ৰৈ গ'ল আধৰুৱা হৈ ।।

মুঠ পঢ়ুৱৈ সংখ্যা: 1,537

নীৰৱতা তাইৰ বিলাস !

নহয়..., নহয়...।

কথাৰ ছন্দেৰে মোৰ হৃদয়ৰ দলিচাত

তাই আল্পনা আঁকে ।

তাই আঁচুফুল হৈ ফুলে

জোনাকী মনৰ ঠিকনা তাই নাজানে ।

জীৱন বিলাসৰ সপোন দেখে ।

উদাস দুচকু কাজলেৰে ঢাকে।

তাইৰ বাবে মই আনমনা সপোন এটি হৈ ৰওঁ

তাই মোৰ নহয়

তথাপি তাইক ভালপাওঁ বুলি কওঁ ।।

মুঠ পঢ়ুৱৈ সংখ্যা: 11,727

পৰিস্কাৰকৈ ধুই দিবা বুলিয়েই
হিয়াখন মই তোমাক দিব বিচাৰিলোঁ
তুমি দুহাত মেলি নিজৰ বুলি ল'লা ঠিকেই
কিন্তু জানিব পাৰিলোঁ তোমাৰ হিয়াখনেই
আন কাৰোবাৰ ওচৰত বন্ধকত থোৱা আছে
হয়তো তোমাৰ প্ৰেমৰ দোকানখনত ভালপোৱাৰ ব্যৱসায়
মুদ্ৰাৰ বিনিময়ত খুব ভালেই চলে ৷
হ'ব তুমি আৰু স্পষ্টীকৰণ দিব নালাগে
তোমাৰ মিছা ভাবনাবোৰে পুৰণি যান-বাহনৰ ধোঁৱাৰ দৰে
বিষাক্ত গেছবোৰ নিগৰাই মাথো ক'লাৰে বুকু পোৰে ৷

তোমাৰ হিয়াতেই দেখোন লেতেৰা দ'মবোৰ আছে
পোক হৈ লাহে লাহে গেলিছে
তেজৰ লগত পূজ ওলাইছে
ঘিণ কৰিব নিবিচাৰিলেও
এটা অচিনা দুৰ্গন্ধ নাকত লাগি লাগি
মোৰহে অসুখ সঘনাই বাঢ়িছে
হল-হলাই বমি ওলাই বুকুখনি বিন্ধিছে ৷
তোমাক মোক নালাগে
যদি ভালপোৱাবোৰ বিনা মুদ্ৰাৰে চৰ্তবিহীনভাৱে
এখন হিয়াৰ পৰা আন এখন হিয়ালৈ অহৰহ আহে
তেনে ভালপোৱা লাগে
তেনে ভালপোৱা পাবলৈ বুকুখনে কিছুদিন লঘোণ খাটিও
আনন্দৰ মিচিকীয়া হাঁহিটি মৰাৰ অনুশীলন গঢ়ে ৷

style="display:block"
data-ad-client="ca-pub-7266255229823793"
data-ad-slot="9172966023"
data-ad-format="auto"
data-full-width-responsive="true">

মুঠ পঢ়ুৱৈ সংখ্যা: 1,978

মোৰ দোষ:::
তুমি বিচৰাৰ দৰে মই হ'ব নোৱাৰিলোঁ,
তুমি বেয়া পোৱাবোৰক মই ভালপাবলৈ শিকিলো ।

মোৰ দুখ:::
মই বিচৰাৰ দৰে তুমি হ'ব নোৱাৰিলা,
মই ভালপোৱা বোৰক তুমি ভালপাবলৈ নিশিকিলা ।

এতিয়া....
নিজৰ দুখ আৰু দোষক লৈ সুখী হ’বলৈ শিকিছোঁ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,515
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,391
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,862
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,488
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,145
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:948
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,551
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,678
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,689
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,658
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,172
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,622
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,488
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,185
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,837
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,589
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,462
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,490
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,601
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,419