ফেৰিৱালা এটাৰ দৰে
অলিয়ে গলিয়ে চিঞৰি ফুৰো
হৃদয় লাগিব ? হৃদয় ??
আহক ৰেহাই মূল্যত দিয়া হব
ৰান্ধনি বেলিটো
পশ্চিম প্ৰান্তলৈ গৈ থাকে
হৃদয় কিনা মানুহৰ
কোনো সঁহাৰি নাহে
প্ৰত্যেকজনেই ব্যস্ত থাকে
ভোগ বিলাসৰ আখৰাত
জীৱনৰ ক’লাজ চিত্ৰত
আৰু মই ?
ভৱিষ্যতহীন জোনাকী পৰুৱা হৈ
বাট এৰি অবাটে ঘুৰি ফুৰোঁ