জোনাক --- কৰবী কুসুম প্ৰিয়া শইকীয়া

দুচকুত হাজাৰ আশাৰ তিৰবিৰণি হৈ
তুমি আহি ধৰা দিয়া
মোৰ আকলুৱা হৃদয়ত আলফুল কৈ
প্ৰাণত শান্তিৰ জিৰণি দিব পৰা
এটি কোমল অনুভৱ হৈ ।।

-

তোমাৰ সংস্পৰ্শতে ফুলি উঠে
চিনাকি - অচিনাকি ফুলবোৰ ----
তাৰ পৰাই নিগৰিত হয়
সুগন্ধিত সুবাস নমনীয়কৈ
নিজতেই নিজে মতলীয়া হওঁ মই
জোনাকৰ কোমলতাতে
সপোনৰ মালা গাঁথি
ক'বনোৱাৰাকৈয়ে পাৰ কৰোঁ
অলেখ সময় ।।
য'ত লুকাই থাকে
কৈ শেষ কৰিব নোৱাৰা
সৌন্দৰ্যৰ সচিত্ৰ আভা,,,
য'ৰ পৰা নিগৰিত হ'ব পাৰে
সুখ আৰু আনন্দৰ
প্ৰাচুৰ্যৰ বতৰা ।।

-

জোনাকতেই ৰচিত হয়
কত কবিৰ কবিতা
নতুবা ; গায়কৰ কণ্ঠৰ পৰা
বাহিৰ হয় গীতৰ সুৰৰ মধুৰতা ,,,
কোনো চিত্ৰকৰৰ যাদুকৰী স্পৰ্শতে
ৰাস্তাৰ দাঁতিত পৰি থকা আৱৰ্জনা
নতুবা ; সৰি থকা পাতখিলাইও
প্ৰাণ পাই উজ্জ্বলি উঠে
এক নতুন সৌন্দৰ্যৰে ।।

-

তোমাৰ স্পৰ্শতে নদীৰো বাঢ়ে
চিকমিকনিৰ ৰেখা
ফুটি উঠে গছ নতুবা অৰণ্যৰ
মৌন ভাষা
কাৰুণ্য বিগলিত হৃদয়বোৰেও
তোমাৰ সৈতে বিলীন কৰিব পাৰে
দুখবোৰ
য'ত অলপ সময়ৰ বাবেও
একাত্ম হয় নিজৰ সতে
অকণমান শান্তিৰে ।।

-

জোনাকতে প্ৰাণ পাই উঠে
জুৰিৰ জিৰ্ জিৰণিয়ে
অপূৰ্ব সুৰৰ সংমিশ্ৰণেৰে ।।

-

ভৰপূৰ আবেগৰ ঢল বোৱাই
কিছু শান্তিৰ জিৰণি বিলাই
গীতাৰৰ সুৰ তুলি
বাজি ৰোৱা মোৰ হৃদয়তো
গোপনে গোপনে
তুমি জোনাকে ।।

-

সঁচাকৈয়ে, তোমাৰ জ্যোতিৰ মায়া
কত যে বিস্ময়েৰে ভৰা !
ভাষাবোৰেও দেখোন হেতা-ওপৰা লগাই
প্ৰকাশৰ বাট বিচাৰি নাপাই
মুঠতে ; সকলোবোৰেই উজ্জ্বলি উঠে
তোমাৰ পৰশতে,
সচিত্ৰ আভাৰে,
স্বপ্নীল ৰঙেৰে ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,536
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,499
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:808