ডাইৰী --- অংকুৰ জ্যোতি বুঢ়াগোঁহাই

মোৰ প্ৰিয়তমা ইলিজী,,

উকা কাগজৰ বুকু বোলোৱা মোৰ হাতৰ কলমটো

আজি বাৰে বাৰে থমকি ৰৈছে

বাহিৰত পাতল বৰষুণ ...............

নিশ্চয় সন্ধিয়াৰ আকাশত তৰাৰ চিকমিকনি চাই মই ভাল পাওঁ

কিন্তু কিয় ?

কাৰণ পোহৰৰ বাহিৰে আন একোয়েই শ্ৰেষ্ঠ নহয়

মৰমৰ ইলিজী,, যেতিয়া তোমাৰ লগত কথা পাতিছিলোঁ আৰু জানিছিলো

এইটোয়েই তোমাৰ সতে মোৰ অন্তিম মিলন

মোৰ হৃদয় খনিয়ে যেন এই কথা মানি নলৈ প্ৰতিবাদ কৰিছিল

এয়া যেন অন্তিম নহয়

তোমাৰ বিয়াৰ দিনা বৰষুণ জাকৰ কথা বাৰু তোমাৰ মনত আছেনে

হোমৰ জুই কুৰাও জ্বলিছিল বৰ ৰঙা হৈ

তোমাৰ উকা কপালত কোঁৱৰে, দুহাতেৰে আকিছিল ৰঙা ৰামধেনু !!

সেই সময়ত মোৰ দৃষ্টি সম্পূৰ্ণ নিরন্ধ হৈ আছিল

মই শেষ বাৰৰ বাবে চুমাৰে ওপচাই দিয়া তোমাৰ ৰঙা ওঠত ........ সেই

মন্দিৰত........ মই আৰু কেতিয়াও নোসোমাও

তুমি সুখী হোৱা,, সুখত থকা

মোৰ কথা নাভাবিবা

দুখ মোৰ পৈত্তিক সম্পত্তি

মোৰ কথা সকলোকে নকবা

ইয়াতকৈ আৰু বেছি মই একোকে লিখিব নোৱাৰিম

ইতি
তোমাৰ (????????)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,563
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,766
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,779
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:188
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523