তুমি যিদিনা আঁতৰি গৈছিলা --- সঞ্জীৱ গগৈ

এৰি থৈ গৈছিলা তুমি মোক যিদিনা

অন্তৰত বাজিছিল বিষাদৰ বীণ মোৰ সিদিনা,

কান্দিছিলো সিদিনা মই হিয়া ঢাকুৰি

সমনীয়াই দিছিল সান্ত্বনা মোক বুকু উজাৰি ।

পাৰ হৈ গৈছিল একেলগে আমাৰ পাঁচোটি বসন্ত

সেইয়েহে মন মোৰ আজিও অশান্ত,

নাভাবো বুলিলেও স্মৃতিবোৰ আহি থাকে মনত

এৰি গুচি যাম ঘৰ-বাৰী কেতিয়াবা কিবা খঙত ।

মৰিয়ে থাকিব লাগিছিল জানা মই সিদিনা

যিদিনা তুমি মোক দিছিলা এবুকু যাতনা,

ভাবিব নোৱাৰো জানা মই আনৰ কথা

কাৰণ তোমাতে আছিলে মোৰ সকলো আশা ।

ফুল হৈ ফুলি মোৰ হিয়াত সুৱাস বিলাইছিলা

আঁতৰি থাকি এতিয়া কাঁইট হৈ বিন্ধিলা,

সুখৰ ৰাতিবোৰ জানা দুখৰ হৈ গ'ল

তুমি দিয়া প্ৰতিশ্ৰুতিবোৰো জহি-খহি গ'ল ।

ফেচবুকত ষ্টেটাচ দিও ভাল নালাগে

নাজানো কিয় বা,

তুমি অনলাইন নাথাকিলে...

আচলতে তুমি মোক ব্লকেই কৰিলা

গম পালো সিদিনা

যিদিনা তুমি মোক এৰিলা ।

হ'ব দিয়া পাৰিম মই থাকিব অকলে

যদিওবা কান্দিম মই নিৰৱে-গোপনে... ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,285
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,135
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,766
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,098
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,921