তোমাক লগ পোৱা সেই প্ৰথম সন্ধিয়া --- অভিনন্দন গোস্বামী

তোমাক লগ পোৱা সেই প্ৰথম সন্ধিয়া
আজিও মনত পৰে
দুচকুৰ চাৱনিৰ মাজে মাজে কত যে কথা হৈছিল আমাৰ
তোমাৰ মিঠা হাহিঁৰ আভাসত কিছু সময়ৰ বাবে হ’লেও যেন থমকি ৰৈছিল বাটৰুৱা
পার্য্যমানে চেষ্টা কৰিছিলো মই….সেই আভাসৰ পৰা নিজকে আতঁৰাই ৰখাৰ বাবে…
কিজানি বা প্ৰেমত পৰো!!
আজিও মনত পৰে
তোমাক লগ পোৱা সেই প্ৰথম সন্ধিয়া ৷

এগৰাকী ভাল গায়িকা আছিলা তুমি
যাৰ সুমধুৰ গীতৰ সুৰে আন দহজনৰ দৰে মোকো কৰিছিল বলিয়া
লতাশিল বিহুতলিত তোমাৰ শ্ব’ চাবলৈ ধপলিয়াই গৈছিলো মই
অনুভৱ কৰিছিলো দেহ-মন কপাঁই যোৱা এজাক মলয়া বতাহৰ স্পর্শ
প্ৰেমৰ এই পিছলা বাটত ভালদৰেই পিছলি পৰিছিলো মই
আজিও মনত পৰে
তোমাক লগ পোৱা সেই প্ৰথম সন্ধিয়া ৷

সূর্য্যৰ কিৰণে ধৰা স্পর্শ কৰাৰ লগে লগেই
এক নতুন সপোনক লৈ ব্যস্ত হৈ পৰো মই
Whatsapp ত তোমাৰ Good Morning মেছেজ পাবলৈ সদায় আশা কৰো
যেন দিনটোৰ কর্ম কৰিবলৈ এক নতুন উদ্যম পাওঁ
Facebook ত তোমাৰ আটকধুনীয়া Profile Picture ত হৈ পৰো বিভোৰ
অনিচ্ছা স্বতেও Log Out বুটামটোত ক্লিক্ কৰিবলৈ বাধ্য হৈ পৰো মই
তোমাৰ Good Night মেছেজ নাপালে যেন ৰাতিয়ে নুপুৱায় মোৰ
এক লক্ষ্যহীন পথিকৰ নিচিনাকৈ এনেদৰেই অব্যাহত আছিল মোৰ যাত্ৰা
আজিও মনত পৰে
তোমাক লগ পোৱা সেই প্ৰথম সন্ধিয়া ৷

ধৰাৰ বুকুলৈ যেতিয়া নামি আহে সন্ধিয়া
তৰাৰ পৃথিৱীখন চাই চাই অন্য এক সপোনৰ জগতত বুৰ যাওঁ মই
পপীয়া তৰা এটি দেখিলেই যেন তোমাকেই বিচাৰিম মই
সদায় তৰাৰ দৰেই উজ্জ্বল হৈ জিলিকি থাকা তুমি
শেষেই নহওঁক যেন মোৰ এই অবিৰত যাত্ৰা
আজিও মনত পৰে
তোমাক লগ পোৱা সেই প্ৰথম সন্ধিয়া ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,578
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,568
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:907
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,596
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,578