তোমাৰ অনুভৱৰে --- ধনঞ্জয় কুৰ্মী

হীমপ্ৰিয়া
তোমাৰ অনুভৱৰে
এয়া
দুচকুত সানি লৈছোঁ
আবিৰ...

হৃদয়ত গুণ গুণাইছোঁ
ৰিমিক্স দৌল সংগীত
"তুমি হিয়াত সানিবা বুলি
থৈছোঁ মনৰ জপনা খুলি ।।"

হীমপ্ৰিয়া...
তোমাৰ অনুভৱৰে
ভুল কৰো মই...
খন্তেক পিছে পিছে
থমকি ৰওঁ...
ৰঙৰ আঁৰত
তুমি বুলি ।

হীমপ্ৰিয়া...
তোমাৰ অনুভৱৰে
ৰং উৎসৱ উৎযাপনৰ ভিৰত
সংগোপনে পান কৰিছোঁ
-নিসংগতা-

তোমাৰ অনুভৱৰে
আজি জীপাল
জানা হীমপ্ৰিয়া...
ভাৱনাৰ অনুপল
শ্বাস-প্ৰশ্বাসৰ প্ৰতিটো সোপান ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,706
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,679
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,691
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,585
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,426
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,631