দলিল --- হেমেন নাথ

মোৰ চকুলোৰে তিয়াব খোজো তেওঁৰ বুকু

মোৰ সুখৰ বসন্তই ছুই যাওক তেওঁৰ আকাশ

মোৰ হৃদয় মাজুলীৰ অনাঘ্ৰাত ফুল
তেওঁৰ বাবে

মোৰ নিঃসঙ্গ নিশাৰ সপোনত তেওঁৰেই চকুৰ কাজল

এনেকৈয়ে আহে বিষাদৰ বিষন্ন ঋতু
আৰু খহে হৃদয়ৰ গৰা

এয়া যে তুমিহীনতাৰ বান

আঁকিব দিয়া মোক তোমাৰ চকুত ৰামধেনু
য'ত বাহ সাজে বিষাদৰ চৰায়ে

দিগন্তলে' বিয়পা তোমাৰ সেওঁতাত
সানিব দিয়া মোক প্ৰেমৰ আবিৰ

কঙাল এই নিঃকিন বহেমিয়ান কবিৰ পঁজা

তুমি নাই
তুমি নাই

*উত্সনর্গা : মোৰ স্বপ্নৰ নাৰী অনুপমাৰ হাতত

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,486
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,008
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,544
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,394
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,774
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,698