দায়-দোষ নধৰিবি আই মই বেলি হৈ পোহৰ বিলাম --- কিশোৰ বড়ো

( যাৰ গৰ্ভত জন্ম হ’লোঁ,যাৰ আঁচলত ধৰি গতিশীলতা পালোঁ,
যাৰ হাতত ধৰি জীৱনৰ কুঁহিপাঠ শিকিলোঁ, তেওঁ মোৰ আই ।
আইৰ হাতত কবিতাটি শ্রদ্ধাৰে অৰ্পণ কৰিলোঁ । )

আইয়ে মোলৈ চেলফোনত খৱৰ পঠিয়ায়
সতৰ্ক সূচক মন্তব্যৰে কয়ঃ আগৰ দৰে
দিনবোৰ নাই দেই বোপাই
সেলেঙি মুখত দুখৰ চিনচাব নাই

নৈপৰীয়া দুখ এটাই
পিতাইৰ কলিজা বুৰায়
পথাৰে দাঁত নিকতাই মাৰা চিঞৰ এটাই
কুৰুকি কুৰুকি পিতাইৰ কলিজা চোবায়
ঘৰত থাকে ভঙুৱা আৰু মদুৱা ককাই

এইমাহত টকা পঠিয়াব নোৱাৰিম অ’ আই
চহৰত গাঁৱৰ দৰে সস্তাত শাক-পাছলি নাপায়
গেছৰ ছিলিণ্ডাৰটো শেষ হৈছে
গেলামালৰ দোকানটো দিবলৈ আছে বাকী
তইটো নাজানা আই প্রাইভেট চাকৰিয়ালৰ বিলাই
পিতাইক কবি আই,কজলা হালোৱা গৰুহাল নেবেচিবলৈ
নহ’লে দৈনতাৰ সাগৰে নিব পিতাইক উটুৱাই

আকাশৰ দুখ লাগিলে বৰষুণ হৈ চকুলো নিগৰায়
জলমল দুচকুৰে বিজুলীয়ায়
খঙত ঘৰৰ বস্তুবোৰ বজ্রপাত কৰি দলিয়ায়
আই,তোৰ আকাশখন কি ধাতুৰে তৈয়াৰী
ইমান দুখৰ মেঘবোৰ অহাৰ পিছতো
ফৰকাল তোৰ নীলিম আকাশ
মই তোৰ আকাশত তৰা এটি হৈ গজিছিলোঁ
তৰাতকৈ বেলি হৈ থাকিবৰহে মোৰ বৰ হেঁপাহ

তই ভৱাৰ দৰে কথাবোৰ ইমান সহজ নহয় অ’ আই
কথাবোৰ চেৰেকী হৈ মহুৰাৰ পাকত সোমায়
মহুৰাৰ পৰা মাকোঁ হৈ তাঁতশালত তৈয়াৰ হয়
চকুলো মোচা এখন ৰুমাল
তৰাবোৰ সৰি সৰি চাঙিত উঠি ছাই হৈ যায়

দায়-দোষ নধৰিবি আই
মই বেলি হৈ পোহৰ বিলাম
জ্বলি থকা জুইকুৰা নুমাই
ছিঁৰালফটা সমাজৰ পথাৰত
উপচি পৰিব সেউজীয়া হাঁহিৰ ৰেঙণি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:936
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:231
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,960
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:217
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:208
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459