দৃশ্য --- ৰাজীৱ কায়স্থ

সেই শিশুটো যাৰ
চকুৰ কোটৰত
এন্ধাৰ নামিছিল
লাহে লাহে... যি
এতিয়া গতিৰ
বিপৰীতে স্থবিৰ
চহৰৰ একোণত
ধূলি আৰু
ফটাকানিৰ
আৱৰণত...।

তাৰ কণ কণ
আঙুলিৰ খলা বমাত
সহস্ৰ তৰা স্খলিত
হয় প্ৰতিনিয়ত ।

সেই শিশুটো দিনৰ
এবেলা; যিয়ে
কাৰখানাৰ ঘামত
তিতি বুৰি এটুকুৰা
ৰুটীত দেখে পোহৰ ।

দুহাত প্ৰসাৰিত কৰি
ধীয়াই...!
আকাশত হেনো
ঈশ্বৰৰ উপস্থিতি ।
তাৰ নিমাখিত
চকুহালত জীৱন
ক্ৰুৰ ।

শীতৰ কঁপা কঁপা
বতাহে উপহাস কৰে
তাক, নতজানু
শিশুটো আঠুৰ
এন্ধাৰত মুখ গুজি
উচুপে ।

বিষণ্ণ নিশাৰ
বন্দৰত হেজাৰ শিশু
যিয়ে এটুকুৰা ৰুটীত
পোহৰ দেখে; আৰু
মোৰ দেশে
ভৱিষ্যতৰ পোহৰ
বুলি সিহঁতক
উপহাস কৰে...।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,671
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,328
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,072
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,410
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,002