নাৰী বিজ্ঞাপন জগতৰ সস্তীয়া সামগ্ৰী নহয় --- পলাশ প্ৰান্তিক

নদী আৰু নাৰী
এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে
নদীয়ে সভ্যতা গঢ়ে
নদীয়ে প্লাবিত কৰে দেশ চহৰ
সেইজীয়া পথাৰ

নাৰীয়ে সৃষ্টি কৰে সমাজ-পৰিয়াল
নাৰীৰ সামূহিক সস্নেহত
জীপাল হৈ পৰে
দেশৰ আৰ্থ সামাজিক ভেটি
নাৰীয়ে ধ্বংস কৰে টয় চহৰ
নাৰীৰ পৰকীয়া প্ৰেমত
নিঃশেষ হৈ পৰে সুখৰ সংসাৰ

বৈদিক যুগৰ পৰা বিশ্বয়ায়নলৈ
সকলো স্তৰতে
নাৰী লাঞ্চিতা বঞ্চিতা আৰু নিৰ্যাতিতা
নিজ পিতৃৰ হাতত ধৰ্ষিতা
নিজ কন্যা
দাইনী সন্দেহত
যৌতুকৰ আতিশাৰ্যত
পশুসুলভ দৃষ্টিৰে হত্যা কৰে নাৰীক

নাৰী যেন সস্তীয়া পণ্য সামগ্ৰী
বিজ্ঞাপন জগতত
সৌন্দৰ্য প্ৰতিযোগিতাত
চিনেমাৰ পৰ্দাত
বেশ্যালয়ত

বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ পৰশত
গৰ্ভাৱস্হাতে কন্যা সন্তানক
বিৰ্সজন দিয়ে নলা নৰ্দমাত

আজিৰ সমাজ ব্যৱস্হাত
নাৰী যেন সঁচাকৈ ভোগবিলাসৰ সামগ্ৰী
সঘনাই সলাব পৰা ৰঙিন পোছাক

হে লাঞ্চিতা বঞ্চিতা নিৰ্যাতিতা নাৰী
তোমালোকৰ সৰলতাক ৰ্দুলতা জ্ঞান কৰা
আইন আদালক সকিয়াই দিয়া
দেৱী দূৰ্গা গোঁসানীৰ যুদ্ধং দেহি শক্তিত
নিপাত হব মহিষা সুৰৰ অপশক্তি

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,793
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,196
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,594
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,000
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,373
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,678