হায় নিৰৱতা !
ক'ত হেৰাই গ'ল
তোৰ সেই স্নিগ্ধ সৰলতা ।
মনৰ পঁজাঘৰত নিৰলে
বিচৰণ কৰা মূহূৰ্তবোৰ
নিৰৱে আঁতৰি গ'ল ।
থাকি গ'ল মাথো
এমুঠি যন্ত্ৰণা,
যান্ত্ৰিকতাৰ ।
বেদনাৰ ধুমুহাই গাজিছে
ক্ৰংকিটৰ মাজত ।
নিসংগ- নিৰ্জন নিশাটিতো
দেখোন কোলাহল ।
মানৱ হত্যাৰ কিৰিলীৰ কোলাহল ।
হায় নিৰৱতা !
বিজ্ঞানৰ জোৱাৰৰ গৰাহত
তই দেখোন পৰাজিত
কোনেও তোক আৱিষ্কৃত নকৰে
নিৰৱতা ! তই সঁচাই দুৰ্ভগীয়া ।