পিতাইলৈ বৰকৈ মনত পৰে ---- কিশোৰ বড়ো

আকাশত মেঘৰ পুলিবোৰ গজাৰ বতৰত

পিতাইলৈ বৰকৈ মনত পৰে

পথাৰৰ প্রেমত পৰিছিল পিতায়ে

সেয়ে বেলি উঠাৰ আগতে ঢপলিয়াই গৈছিল

কান্ধত নাঙল যুঁৱলি

হাতত ভলুকা বাঁহৰ এডাল এছাৰি

আগে আগে কজলা হালোৱা গৰুহাল

‘…… ঘূৰিয়াহ ঘূৰ ঘূৰ,ডাইনে ঘূৰ ‘

হুৰ হুৰ ভোকৰ চৰাই

পিতাইৰ ক’লা হাত দুখন আৰু

দুভৰিৰ পৰশত আঘোণৰ সাজ পিন্ধা পথাৰে

ভৰি উঠিছিল মোৰ বুকুৰ ভঁৰাল

উৰি আছিল আশাৰ বতা চৰাই

এদিন বেঁকী নৈ উফন্দি উঠিছিল

ৰাতিৰ ভিতৰতে নদীয়ে বিছনা চুইছিল

টানি টানি আন্ধাৰত কজলা হালোৱা গৰুহাল

পিতাইহঁত মথাউৰি গৈ নাপাল

বানত পথাৰ প্রেমৰ লগৰীয়া হেৰাল

পথাৰত বালিৰ আগ্রাসন

উদং চৰু

আইয়ে কৈছিল – পেটত বান্ধিবলৈ গামোছা এখনো নাই

দুখবোৰ আকাশীলতা হৈ বগায়

লুকাভাকু খেলা দিনবোৰত

আমাৰ সমনীয়াহঁতৰ বুকু পুৰিছিল

‘…..জুই লাগিছে ঐ..জুই লাগিছে ’

চাৰিওফালে হৈ চৈ আৰু আৰ্তনাদ বিয়পি পৰিছিল

ভীম কলৰে ভৰপূৰ পদুলিৰে ঘৰটো

নিমিষতে ছাই হৈ গৈছিল

পিতাই কোনোদিনে ঘূৰি নাহে

উলুৱনিত কোনোবাই সাতজাই গুলিৰে

থকাসৰকা কৰিলে পিতাইৰ দেহা

চকুৰ গুৰি ক’লা, বগা সাজ

উকা কপাল লৈ আজিওঁ আইয়ে হুকহুকাই কান্দে

ৰঙা নৈ ফেনে-ফটোকাৰে বাঢ়ি আহে

পিতাইলৈ বৰকৈ মনত পৰে

জুবুৰিয়াই জুবুৰিয়াই মাতবোৰ গোট মাৰে

চিতাৰ ওপৰেদি উৰি গুছি যায়

ছাই হোৱা ঘৰৰ পৰা আশাৰ বতা চৰাই

আজি ঘূনেধৰা নাঙল ডাল আঁতৰাই থওঁতে

পিতাইৰ মাত যেন মাতে গায় –

‘ অ’ মোৰ আপোনাৰ দেশ

অ’ মোৰ চিকুনীৰ দেশ

এনেখন শুৱলা এনেখন সুফলা

এনেখন মৰমৰ দেশ……….’

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,730
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:260
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,735
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,099
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,337