পিতাই --- মৃদুল শইকীয়া (মৃদু জোনাক পয়োভৰ)

পিতাই অ'
তইয়েই ক'চোন ?
তোৰ ঋণ মই
কিদৰে পৰিশোধ কৰো ?
মোৰ বুলিবলৈ
আছিল যি দুটুপি চকুলো
সেইয়া আইৰ নামতে
উৰ্ছগা কৰিলো
এতিয়া মোৰ দুহাত শূণ্য
তইয়েই ক' পিতাই
কি দিওঁ তোক ?

তই নালাগে বুলিলেই হ'বনে !
মোৰ সৃষ্টিত
তোৰ জানো ত্যাগ কম আছিল
তইয়েইটো পঢ়াইছিলি মোক
জীৱনৰ আদিপাঠ
তোৰ গইনাতে
ক্ৰমাত থিয় হব শিকিছিলো মই
তোৰ দুহাতক সাৰথি কৰি
ৰচিবলৈ শিকিছিলো সপোনবোৰ
এইয়া জানো মোৰ বাবে
সামান্য হব পাৰে ?
লুটিয়াই যাওঁ যদি
স্মৃতিৰ পৃষ্ঠাবোৰ
সকলোতেই দেখোন
তোৰেই সানিধ্য পাওঁ
ক' পিতাই
কি দিওঁ তোক.....

+++++++++++++++++++++++++

কবি :: মৃদুল শইকীয়া (মৃদু জোনাক পয়োভৰ)
ঠিকনা :: বকুলনি, দুলিয়াজান

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:994
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,084
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,805
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:310
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,555
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,189