প্ৰত্যাশা --- ৰাজীৱ কায়স্থ

বহু দিনেই হ'ল দিনবোৰৰ
কথা মনত নেপেলোৱা;
_
পাহৰণিৰ
শেলুৱৈত
দিনবোৰ বিমূৰ্ত
_
ক্ষণে ক্ষণে
ডাৱৰৰ এন্ধাৰ
ডাৱৰৰ এন্ধাৰ
_
পুৰণি কাপোৰৰ উৱলা সূতাৰ
দৰেই
দিনবোৰো
উৱলি গ'ল ।
_
স্বপ্নৰ ক্ৰীড়া
হেপাহৰ বৃষ্টি
য'ত;
এৰাবাটৰ পংগু পদাৰ্থ ।
_
প্ৰত্যাশাৰ পদাংক দেখি
বিভোৰিত
জীৱন
_
দুটি পাহৰৰ হুমুনিয়াত
শ্ৰান্ত নৈ
থাউনি হেৰুৱাই
স্তৱ্ধ মোহনাত
_
ক্লীষ্ট বেলিৰ বেদনাত
লেধাই শামুক
_
ৰশ্মিৰ
আত্মগোপন ।
_
প্ৰত্যাশাৰ ফুলনিত হেনো
উৰে পখিলা
অযুত ।
_
ক'তেইবা
নিৰ্বাসিত হ'ল দিনবোৰ ।
_
এৰাবাটত খোজ দিলেই প্ৰত্যাশাৰ পোতা হাড় বিন্ধে ।
_
গোট মাৰি তেজ দুহাতত
বিষণ্ণতাৰ হুল
_
প্ৰত্যাশাৰ
পৰিক্ৰমাত নিথৰ
জীৱন নিথৰ
জীৱন নিথৰ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,127
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,826
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,831
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,696
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:906
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,508