প্ৰবন্ধ :: বিশ্বাস আৰু অন্ধবিশ্বাসৰ দোমোজাত মই --- মন্জুষা দেৱী

আদিম মানুহে যিদিনাৰ পৰা অঘৰী জীৱন ত্যাগ কৰি সমাজ পাতি সভ্য ভাৱে জীৱন নিৰ্বাহ কৰিব লৈছিল তেতিয়াৰ পৰা অন্ধবিশ্বাসৰ সুচনা ও হৈছিল ।

বিশ্বাস প্ৰৱন সমাজত লোকবিশ্বাস পৰম্পৰাগত ভাৱে চলি থাকে । লোক বিশ্বাসে বহল পৰিসৰত অন্ধবিশ্বাসকো সামৰি লয় । অন্ধবিশ্বাসৰ ইংৰাজী প্ৰতিশব্দ superstition পদটো লেটিন stareৰ পৰা উদ্ভৱ হৈছে । stareৰ প্ৰতিশব্দ হল survival (উদ্ধৰ্তন ) ।

মানুহ যিমানে শিক্ষা দীক্ষা আদিত আগবঢ়া নহ'ওক কিয় শতকৰা ৯০% ভাগ মানুহেই লোকবিশ্বাস অন্ধবিশ্বাসত আস্হা স্হাপন কৰে !!

বৰ্তমানৰ ইলেক্ট্ৰনিক যুগত মানুহ যিমানেই আধুনিক , আল্ট্ৰা আধুনিক নহ'ওক কিয় সকলোৱে অন্ধবিশ্বাসত আস্হা ৰাখে ।

একবিংশ শতিকাৰ তথ্য প্ৰযুক্তিৰ বিদ্যাৰ যুগতো অন্ধবিশ্বাসে কুসংস্কাৰ বোৰে কলুষিত কৰিছে অসমক ! দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে "ডিজিটেল ইন্ডিয়া " ৰ কথা কৈছে আৰু আমিও সকলোৱে নিজৰ প্ৰফাইল ফটো ডিজিটেল কৰিব লৈছো সেই সময়ত অসমত অন্ধবিশ্বাস কুসংস্কাৰ থকাটো আমাৰ বাবে দুৰ্ভাগ্য জনক কথা !

বিজ্ঞান যত বিফল হৈছে তাতেই অন্ধবিশ্বাসৰ জন্ম হৈছে । বিজ্ঞানে দ্ৰত গতিত আগুৱাই যোৱাৰ পিছত ও বহুতো ঠাইত শিক্ষাৰ পোহৰ পৰাগৈ নাই । অন্ধবিশ্বাস কুসংস্কাৰ যে অকল অশিক্ষিত ঠাইত শিপাইছে তেনে কথা নহয় শিক্ষাৰ পোহৰ পৰা উন্নয়ন শীল দেশ বোৰ ও এই কুসংস্কাৰৰ বলি হৈ আহিছে !
ডাইনী হত্যা এবিধ অন্ধবিশ্বাসৰ মহামাৰী ৰূপত দাত নিকটাই গিজগিজাই আছে আমাক তাচ্ছিল্য কৰি !! "জীৱ শ্ৰেষ্ঠ মানব তহঁত পশুতকৈ অধম"!!

এটা দৃষ্টি কোণৰ পৰা চাবলৈ গলে সমগ্র আধুনিকতাবাদৰ প্ৰক্ৰিয়াটোক ভেঙুচালি কৰি আজিও জয়জয় ময়ময় হৈ খোপনি পুতি আছে মানুহৰ মনত অন্ধবিশ্বাস কুসংস্কাৰ বোৰে ।

প্ৰাক ঐতিহাসিক কালত আৰ্য্য সকল ভাৰতবৰ্ষত বসবাস কৰাৰ পিছৰ পৰাই ভাৰতীয় সভ্যতাৰ আৰম্ভণি বুলি কব পাৰি । আৰ্য সকলে ধৰ্মৰ জৰিয়তে ভগৱানক পূজা পাতল আদিৰ জৰিয়তে মানুহক একত্ৰিত কৰিছিল । মানুহে যাতে বেয়া কাৰ্য্যত লিপ্ত, নহয় সেই হেতু ধৰ্মৰ ভয় দেখুৱাই অন্ধবিশ্বাসৰ বলি কৰিছিল !
প্ৰাক স্বাধীনতা কালতো আমাৰ ভাৰতবৰ্ষ অন্ধবিশ্বাস কুসংস্কাৰেৰে পৰিপূৰ্ণ আছিল । সেই সময়ত শিশু বধ , বাল্য বিবাহ ,সতীদাহ প্ৰথা আদিৰ দৰেই জঘন্য অন্ধবিশ্বাসৰ বলি হৈ নিস্পাপ শিশু ফুলকুমলীয়া কন্যা সন্তানৰ নিৰ্মম ভাৱে হত্যা কৰা হৈছিল !! এতিয়াও ভাৰতবৰ্ষৰ পিছপৰা ঠাইত এইবোৰ অমানৱীয় কাৰ্য্য সংঘটিত হৈ আছে ।

অসমীয়া সমাজত অন্ধবিশ্বাসৰ কবলত আছে মাইকী মানুহৰ মাহেকীয়া ।

আগৰ দিনত মানুহৰ পৰিস্কাৰ পৰিচন্নতাৰ অভাৱত বহুতো বেমাৰ আজাৰ ইজনৰ পৰা সিজনৰ গালৈ বিয়পিছিল । সেইবাবে মাহেকীয়া সময়ত মাইকী মানুহক জিৰণি দিবলৈ কাম কাজ কৰাৰ পৰা মুক্ত কৰা হৈছিল ! ৠতু স্ৰাৱৰ পিছত মাইকী মানুহ দুৰ্বল হয় বাবেই জিৰণি দিছিল কিন্তু নিস্ঠুৰ সময়ৰ মেৰপাকত অন্ধবিশ্বাসী লোকৰ কবলত পৰি মাহেকীয়া ও কু সংস্কাৰত পৰি ৰল । যিহেতু মই অসমীয়া ঘৰৰ বোৱাৰী , মাহেকীয়াৰ সৈতে জড়িত বহুতো অন্ধবিশ্বাসৰ মুখামুখি হৈছোঁ !

মাহেকীয়া হোৱা তিনিটা দিন পৰম শাস্তিৰ দিন , এনে লাগে যেন আমাৰ মূল্য নাই সেয়ে পৰি থাকিব দিয়া হয় ঘৰৰ কোনোবা চুকত ! একো চুব নোৱাৰি কত ও বহিব নোৱাৰি পদুলি মুখত ওলাব নোৱাৰি নানান্তাৰ বাধা বিঘিনি !!

সেই তিনিটা দিন মোৰ পুত্ৰ সন্তানক কোনোবাই চুলেও গা ধুব লগা হয় !

সকলোৱে জানে এইবোৰ নিয়মৰ কোনো যুক্তি নাই ,বহুতো শিক্ষিত লোকে মেল মিটিংত অস্পৃস্যতা দূৰিকৰণ, অন্ধবিশ্বাস কুসংস্কাৰৰ ওপৰত দীঘল দীঘল ভাষণ দি আহে কিন্তু তেওঁলোকৰ ঘৰতেই এইবোৰ কুসংস্কাৰৰ ফোপোলা স্বৰূপ মুখ মেলি থাকে ।

এই মোৰ লিখনিৰ যোগেদি মই ক্ষুদ্ৰ প্ৰয়াস কৰিছো অন্ধবিশ্বাসৰ কবলত অন্ধ হৈ থকা এচাম ৰাইজৰ চকু যাতে মেল খুৱাব পাৰোঁ !! আহকচোন এখন সুন্দৰ নিকা সমাজ গঢ়াৰ লক্ষ্যৰে আমিয়েই নিৰ্মূল কৰাৰ প্ৰয়াস কৰো এই ভয়ংকৰ ব্যাধি স্বৰূপ অন্ধবিশ্বাস , কুসংস্কাৰ বোৰক ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,503
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:127
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:970
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,458
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,661