প্ৰবন্ধ :: বিহু আৰু অসমীয়া সমাজ --- অৰূপ কুমাৰ দাস

বিহু অসমৰ জাতীয় উৎসৱ ।‌ অসম আৰু অসমীয়া জনসমাজৰ নিৰ্ভূল দাপোণ এই বিহু ।‌ বিহু যদিওবা কৃষিভিত্তিক উৎসৱ বৰ্তমান ই কৃষিভিত্তিক উৎসৱ হয় থকা নাই ।‌ ইয়াক এক সামাজিক ৰীতি বুলি হে মানিবলৈ ধৰিলে ।‌ বিহুৰ আধুনিকীকৰণৰ নামত গছৰ তলৰ বিহু আহি পালে মঞ্চলৈ ।‌ এই আধুনিকীকৰণে বিহুৰ সাত্বিক ৰূপটোক ক্ৰমাণ্বয়ে লুকুৱাই আনি আছে ।‌ সময়ৰ লগতে বিহুও আধুনিক হয় পৰিল ।‌ যুগ পৰিবৰ্তনৰ লগতে অসমীয়া সমাজৰ স্বৰূপ,গাঁথনি মূল্যবোৰ সালসলনি হৈছে ।‌ পূৰ্বৰ কৃষিভিত্তিক চহা অসমীয়া হ্ৰাস পাই আহি আছে ।‌ কাৰণ কৃষি-কৰ্মত যন্ত্ৰ ব্যৱহাৰে মানুহৰ শ্ৰম লাঘৱ কৰাৰ লগতে সময় ৰাহি কৰিছে ।‌ সেইবাবেই এতিয়াৰ কৃষকে চ'ত,বহাগ,জেঠ মাহত পথাৰত গৈ শ্ৰম কৰিব নালাগে ।‌ পথাৰত যাব নালাগে যিহেতু পথাৰত গৈ চেনাইক লগ কৰাৰো কোনো প্ৰয়োজন নাই ।‌ সেয়ে পথাৰ বা গছৰ তলৰ বিহু কৰাও তেওঁলোকৰ যেন সমাজঞ্জ্যহীন কাৰবাৰ ।‌ চহা জীৱনৰ এনে ধৰণৰ পৰিবৰ্তনে বিহুৰ লোকাচাৰলৈয়ো পৰিবৰ্তন অনাতো অৱশ্যম্ভবীয় কাৰণ চহাৰ বোকোচাত উঠিয়েই বিহুৱে আধুনিক কালত অসমীয়াৰ জাতীয় মৰ্য্যদা লাভ কৰিছিল ।‌ গাঁৱৰ বোকা-পানী গচকি মতলীয়া হোৱা বাপতিসাহোন বিহুটিয়ে মঞ্চ বিহুলৈ ঢাপলি মেলিলে ।‌ ঠিক তেনেদৰেই বিহুনামতো কৃত্ৰিম ৰং ৰহইচৰ পয়োভৰ আৰু জাকজমকতা পৰিল ।‌ পশ্চিমীয়া বাদ্যযন্ত্ৰৰ অবাধ সংগতকৰণ আদিয়ে বিহু সংস্কৃতিক হ্ৰাস কৰি আহিছে ।‌

অকল চহা লোকসকলক দোষীলে নহয় ।‌ কিছুমান অভিজাত সকলৰ বাবে বিহু আছিল "নিষিদ্ধ নিম্ন শ্ৰেণীৰ অশ্লীল নাচ-গান" ।‌ ইংৰাজ শাসনৰ পাছত সেই সময়ৰ একাংশ শিক্ষক সমাজে বিহুক নিষিদ্ধ কৰিবলৈ খাটনি ধৰিছিল ।‌ আনকি হলিৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য আদি ব্যক্তিসকলে বাতৰি কাকতত বিহুৰ বিৰুদ্ধে লিখিছিল ।‌ ১৮৯৮ চনত বুদ্ধিন্দ্ৰনাথ ভট্টাচাৰ্যদেৱে এই কামৰ বাবে ইংৰাজ চৰকাৰক পৰামৰ্শ আগবঢ়াইছিল ।‌ চৰকাৰেও বিভিন্ন ব্যক্তিৰ প্ৰতিবাদী আলোচনাবোৰ শুনি বিহুক সম্পূৰ্ণ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয় ।‌ এই কথা সেই সময়ৰ নগাওঁ কছাৰীৰ তৰণি আনন্দ দাসে গমপাই গাঁৱত আলোচনা কৰে ।‌ সিদ্ধান্তমৰ্মে গাঁৱৰ ঢুলীয়া মইমত টাটিঙা হাজৰিকাই এটা বিহুৱা দল সাজু কৰি একমাত্ৰ নাচনী হিচাপে ভনীয়েক চেনিমাইক লৈ গুৱাহাটীত চাহাবৰ আগত বিহু দেখুৱাই ।‌ সেই বিহু চাই চাহাবে একো অশ্লীল নেদেখি ধন্যবাদহে দিয়ে ।‌ আনকি গৰ্ডন চাহাবে বিহুৰ সমৰ্থনত কাকতত প্ৰবন্ধও লিখে ।‌ এনেদৰেই সেইবোৰলৈ বিহুলৈ অহা সংকতে মেলানি মাগে । ‌১৯৪১ চনত পোনপ্ৰথমবাৰৰ বাবে মহেশ্বৰ নেওগ আদি ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰৰ, মঞ্চত বিহু প্ৰদৰ্শন কৰা হয় ।‌ ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱাৰ পৃষ্ঠপোষকতাত গুৱাহাটীত বিহু সন্মিলনৰ আয়োজন কৰা হয় ।‌ তাৰপাচতে মঞ্চ বিহুৱে সমগ্ৰ অসমজুৰি অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে ।‌

তাৰ পিছৰে পৰাই বিহু পতাৰ নামত কাম কাজলৈ পিঠি দি তিনি মাহ অপচয় কৰ চান্দ তোলাৰ নামত ঘৰ-বাহিৰে, ৰাস্তাই-ঘাটে, গাড়ী-মটৰে সকলোতে অপ্ৰীতিকৰ পৰিস্থিতিৰ পয়োভৰ ।‌ চন্দা পাৰ্টিৰ উৎপাতত হহাকাৰ অৱস্থা ।‌ বাপতিসাহোন বিহুটিৰ গইনা লৈ চলি থকা অবাস্তবিক আৰু জাতিৰ সভ্যতা-সংস্কৃতি বিকৃতি কাৰক ক্ৰিয়া-কালপে অসমীয়া সমাজক লাভালাভ দিছে ? বিহু অসমীয়া সংস্কৃতিৰ প্ৰান স্বৰূপ ।‌ লুইতপৰীয়া অসমীয়া সমাজৰ বৰেৰহনীয়া, ঐশ্বৰ্যশীল সভ্যতাৰ উপাদানবোৰ যেন নিখুঁত, শুদ্ধ ৰূপত অসমী আইৰ বুকুত অনন্ত কাললৈ ৰৈ বৈ যায় ।‌

---------------------------

(প্ৰবন্ধটিত সংযোজিত ফটোখনি ইণ্টাৰনেটৰ পৰা সংগ্ৰহিত)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,368
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,601
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,537
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,767