প্ৰবন্ধ :: সাধনা : এক ধৈৰ্য্যৰ বাহক --- সমুজ্জ্বল ডেকা

জীৱন! তিনিটি বৰ্ণৰ একত্ৰিত এটি চিনাকি শব্দ ৷ কিন্তু ইয়াৰ পৰিসৰ ইমান বহল যিটো সংক্ষিপ্ত ৰূপত উপস্থাপন কৰিব পৰাতো মোৰ বোধেৰে সম্তৱপৰ নহয় ৷ যদি জীৱন এগছি চাকি হয়; যেতিয়ালৈকে শলিতা আৰু তেলৰে ভৰি থাকিব তেতিয়ালৈকেহে ই উজলি থাকিব ৷ জীৱননো কি? আজি ঠিকেই আছে ; কাইলৈ হয়তো নাই ৷ মানুহক ভাল পাবলৈকেই সময়ৰ অভাৱ; বেয়া পাই জানো কাৰোবাৰ কিবা লাভ আছে ? একো লাভ নাই ! সেয়েহে আমি জীয়াই থকা দিনকেইটা আটাইৰে লগত সহযোগিতাৰে খুব আনন্দ-স্ফূৰ্তিৰে কটাব লাগে ৷ আমি জীৱনৰ দুৰ্দান্ত প্ৰেমিক হোৱাৰ চেষ্টা কৰিব লাগে ৷

কেঁচা তেজ-মঙহৰ জীৱন বুলিলে ঘাট-প্ৰতিঘাট থাকেই ৷ কাৰোবাৰ হয়তো কম আৰু কাৰোবাৰ হয়তো বেছি ৷ আমি যদি ইতিবাচক মনোভাৱেৰে চাওঁ তেন্তে ঘাট-প্ৰতিঘাটে আমাক ভৱিষ্যত জীৱনত ধৈৰ্যশীলতা আৰু সহনশীলতাৰ সুস্থিৰ মনোবল গঢ়ি তোলে ৷ অন্যহাতে যদি নেতিবাচক মনোভাৱেৰে চাওঁ তেন্তে ই জীৱনৰ ৰঙবোৰ নোহোৱা কৰি নিঃশেষ কৰিব পাৰে ৷ আমাৰ প্ৰতিভা কিম্বা কিবা কৰাৰ ক্ষমতা আছে ; সেইবুলিয়েই আমাৰ সীমাহীন অহংকাৰ আছে ৷ এয়াটো মানৱীয় গুণাধিকাৰী কোনো ব্যক্তিৰেই জীৱনৰ মূলমন্ত্ৰ হ'ব নোৱাৰে ৷

আমি জীৱনটোক উপভোগ কৰিবলৈ শিকিব লাগে ৷আমাৰ জীৱনৰ লক্ষ্য থাকিলে আৰু ভবা ধৰণে উপনীত হ'ব পাৰিলে জীয়াই থকাৰ মাদকতা অন্যধৰণে জাগে ৷ যিকোনো লক্ষ্যতে উপনীত হ'বলৈ আমাক সাধনা কিম্বা ধ্যান লাগে ৷ সাধনাই কোনো এটা বিষয়বস্তুৰ ওপৰত একাগ্ৰতাৰে মনোনিবেশ কৰাটোকে বুজায় ৷ আমাৰ যদি সাধনা থাকে অৰ্থাৎ কোনো এটা বস্তুৰ ওপৰত একাণপটীয়াকৈ লাগি থকাৰ ধৈৰ্য্য ৰাখিব পাৰোঁ তেন্তে আমাৰ জীৱনত বিফলতা বুলি শব্দটোৱেই হেৰাই যাব ৷ বিফলতা কিবা কাৰণত আহিলেও ইয়ে আমাক জীৱনক আৰু ভালদৰে উপলব্ধি কৰোৱাতহে অনুপ্ৰেৰণা যোগাব ৷

"ধৈৰ্যৰ ফল মিঠা ৷" —কথাষাৰ একেবাৰে সঁচা ৷ জীৱনত সফলতা অৰ্জন কৰিবলৈ হ'লে ধৈৰ্যই হয়তো একক আৰোহী যিয়ে সাধনাৰ শিখৰলৈ বগাই অন্তিমত হ'লেও সুখী হোৱাৰ নিৰ্দিষ্ট মাত্ৰা প্ৰদান কৰে ৷ অৰ্থ্যাৎ ধৈৰ্যশীল সাধনাই জীৱনৰ শান্তি-উন্নতিৰ পথ প্ৰশস্ত কৰি তোলে ৷

google_ad_client = "ca-pub-7266255229823793"; google_ad_slot = "6391365762"; google_ad_width = 320; google_ad_height = 100;

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,894
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,890
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:111
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,473
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,707
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,570