প্ৰসংগক্ৰমে --- ইনতাজ হক

যেতিয়া তাৰ জন্ম হয় নৰকত:
নিষিদ্ধ গলিৰ এন্ধাৰ এচুকত
জন্মনিৰোধ বিচাৰি আব্দুল্লাৰ হাহাকাৰ

গোপনবোৰ গোপনেই থাকি যায় দিয়কচোন,
আৰু গোপনীয়তাৰ স্বাৰ্থত হঠাৎ এজনৰ
ডাষ্টবিনতেই আৰম্ভ হয় জীৱনৰ অনুশীলন !

নলাৰ ঘোলাপানী খুচৰি শিকে
বিষয় জীৱনৰ ভোকৰ আদিপাঠ ।

খালীপেটৰ প্ৰতিজনেই বিকাশৰ শ্লোগাণ,
মাৰ্ক্স বা লেণিন-
ফুটপাথত নিৰুদ্দিষ্ট দুটি অচল মুদ্ৰা;
সিহতে যেন চিঞৰি চিঞৰি সুধিব গান্ধাৰীক:
শ কৌৰৱ জন্ম দি কি কাহাণিও তুমি পুষ্টিহীণতাত ভোগা নাচিলা ?

চুৱাপাতৰ এৰেহা চেলেকি
সিহতবোৰো গাভৰু হয়,
মাংসৰ বজাৰত কেন্সাৰৰ দৰ দাম,
যৌৱনৰ ভৰত উখহা বুকুত
গাথি যায় জীৱনে নসহা গাথা ।

নিশান্তত যেতিয়া উচুপে গোপনে
কোনো এক অইল পেইন্টিংত
তুলিকা এপাটৰ আচোৰ পৰে ,
যেন এক বিষন্ন নাৰীৰ খহিব খোজা আচল
কিন্নৰেহে চাব খোজে গোপনে গোপনে ।

আৰু শেষত উৎসৱ বসন্ত ,
আৰ্টফেড বা বিগ বজাৰত
দৰদাম নকৰিবা মোৰ জীৱনৰ,
বিনামুল্যেই তুমি পাব পাৰা
মাথো প্ৰয়োজন এখিলা বেলটৰ ।

বি.দ্ৰ: কাৰো ধৰ্মীয় আবেগক খোছ মাৰিবলৈ নহয়,কেবলমাত্ৰ ৰুপকতাৰ স্বাৰ্থতহে আব্দুল্লা-গান্ধাৰীক ভাড়া কৰা হৈছে ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,727
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,275
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,649
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,915
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,620
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,107