প্ৰেমৰ অনুভৱ --- কৰবী ফুকন নাথ

তুমি মোৰ অনুভৱৰ

হৃদয়ৰ

কলিজাৰ

ভাল পোৱাৰ দিনৰ পৰাই

গোপনে ৰাখিছোঁ আলফুলে ৷

তুমি মোৰ

অনুভৱৰ

সপোন

আশা

কবিতা সাঁচতিয়া ৷

বুকুৰ পদূলিত

তোমাৰ পৰশৰ উত্তাপ

মনত পৰে

তুমি আঁকি দিয়া

চুমাৰে উপচোৱা

ৰঙচোৱা আবেলি ৷

ওঠৰ জীপাল পৰশ

আহঃ

কিদৰে বুজাম তোমাক

হিয়াৰ মিঠা অনুভুতি ৷

তুমি চুই দিয়া মোৰ

সেউজীয়া এতিয়া ও সজীৱ ৷

কলিজাই বিচাৰে তোমাক

গভিৰ নিশা

তোমাৰ দহো আঙুলিৰ

স্পৰ্শ বিচাৰো বুকুত

তুমি চুই দিয়া

মোৰ দেহৰ খলা বমা

মই অনুভুতিৰেহে জীপাল মাথো ৷ দুভাগ

নিশা চটফটাওঁ

তোমাৰ অবিহনে

তুমি বুজানে ?

তুমি বুজানে মোৰ উন্নমাদনা,

কিয় মই তোমাৰ নামেৰে উশাহ লওঁ ৷

কিয় লিখোঁ কবিতা,

তোমাৰ অনুভুতিৰে ৷৷

google_ad_client = "ca-pub-7266255229823793"; google_ad_slot = "8669829143"; google_ad_width = 336; google_ad_height = 280;

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,753
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,566
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,810
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,977
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:152
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,918