প্ৰেমৰ সুগন্ধি --- ৰিয়ান স্মিথ্

কেতিয়াবা আহিবা মোৰ বুকুৰ পথাৰত
সেউজীয়া কঠীয়া ৰুবলৈ
ভৰবাৰিষাৰ বোকা-পানীৰে লুটুৰি পুতুৰি হৈ
খেলিম আমি প্ৰেমৰ খেলা উন্মনা হৈ |

পাৰিলে ফাগুন হৈ আহিবা মনলৈ
পচোৱা বতাহজাক চুলিৰ ভাজত লৈ
তোমাক দেখিলেই ফুলি উঠিব পলাশ
ৰঙীন সপোনবোৰ দুহাতত লৈ |

কবিতা কবিতা লগা তোমাৰ ওঠৰ শব্দবোৰ
বৰষুনৰ দৰেই সৰি পৰে কেতিয়াবা
মোৰ চোতালৰ শুকান বালিৰ ওপৰত
আৰু সজীৱ কৰি তোলে হেৰুৱা প্ৰেমৰ সুগন্ধিবোৰ |

তুমি হয়তো কবিতাৰ শব্দ হৈ ভাল পোৱা
মইও ভালপাও তোমাৰ গানৰ সুৰ হ'বলৈ
জোনাকৰ সন্ধিয়া এটি মোৰ সতে কটাবা এদিন
কথা দিলো ,পাহৰি পেলাবা বুলি দিনৰ পোহৰ !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,894
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:339
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,707
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,570
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:111
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,492