প্ৰেয়সীৰ অপেক্ষাত --- মৃণালৰাজ কলিতা

যদি তুমি মোক এবাৰ কোৱা

মোৰ হৃদয় বাগিচাখনত

লহ-পহকৈ বাঢ়ি আহিবা

কেইটিমান মৰমৰ গোলাপ কলি,

কুমলিয়া মাটিৰ গুণৰ সৈ’তে উমলিব

হিয়াত মৰমৰ ডলিচা,

পাৰি দিব আল-ফুলকৈ

তোমাৰ সেই লাহি-পাহি খোজকেইটিৰ বাবে ।

যদি তুমি মোক এবাৰ কোৱা

মোৰ মন – সগৰত

অলেখ-অলেখ হেঁপাহৰ ঢৌ উঠিব

আৰু ভাগৰুৱা কৰিব সেই

সাগৰোখনৰ পিতৃস্বৰূপ অৱবাহিকাবোৰক ।

হেজাৰ হেজাৰ বছৰ জুৰি

নিজৰ দেহৰ অংগক নাইকিয়া কৰি

নৈখনক ৰক্ষা কৰি অহা অৱবাহিকাবোৰক ।

যদি তুমি মোক এবাৰ কোৱা

আকাশৰ নীৰবতাৰ লগত সম্পৰ্ক

সৃষ্টি কৰি অহা তৰাবোৰ

আকাশৰ পৰা পৃথিৱীলৈ নামি আহি,

মোৰ সৈ’তে উমলিব

নিৰৱতাৰ লগত থকা সম্পৰ্কক নেওঁচি,

মোৰ সৈ’তে প্রেমৰ সম্পৰ্ক গঢ়ি তুলিব

লাহে লাহে কাষলৈ আহি

মোক কবহি......

তোমাৰ বাৰু প্ৰেয়সী কোন ???

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,499
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,536
শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:677
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:995