বসন্তৰ দলিচা --- আৰাধনা অধিকাৰী

বৰষা আহিব আজি শুকান আৰু ধূলিময় পঁজাটিত,

সপোনবোৰ জীপাল হৈ উঠিব,

প্ৰথম সূৰুয ৰশ্মিতে জিলিকি উঠিব আগচোতাল,

শালিকি জাঁকি উৰিব উলাহতে সতেজ পুৱাৰ সুবাসত,

বগলী জাঁকি উৰিব নৈ পাৰে পাৰে,

কুঁহিপাতে হুমুনিয়াহ লৈ জিলিকি উঠিব,

সৰাপাতবোৰ বৰষুণজাকত বৈ যাব জুৰিৰ বুকুলৈ,

তৰাবোৰে পিছদিনা সাজলাগি ধিমিকি উঠিব,

ফুলবোৰে মিচিকিয়াই হাঁহিব বৃষ্টিৰ পৰশত,

অনাবিল সুখে শুভ্ৰ চাদৰ এখনেৰে মেৰিয়াই ধৰিব মোৰ দেহে মনে....

ফাগুন আৰু নিদিবা আমনি তোমাক বুকুত সাৱটিলেই খহি খহি পৰে সপোনবোৰ

জিৰিজিৰি কি নামিছে বুকুত,

বসন্ত নে বাৰিষা,

নে তুমি সাঁচি থোৱা মৰমৰ পানচৈ,

নে অসীমৰ এবুকু হেঁপাহ,

জীপাল হ'ল ধৰণী,

ফুলি উঠিল ৰজনীগন্ধাৰ পাহি,

ন বসন্তই ডালে ডালে গীত জুৰিলে,

যৌৱনে উৰণি টানি লাজবোৰ ৰঙা চাদৰৰ বুটাবোৰৰ ভাজে ভাজে সিঁচি দিলে,

পঁপীয়া তৰাটি আজি বৰষাৰ হাঁহিত নাচি উঠিছে,

বতাহত চন্দ্ৰমাৰ ৰূপালী সুবাসে জুৰুলা কৰিলে দুয়োৰে দেহমন,

লাজুকী চাৱণিত জাগে অযুত শিহৰণ চিৰপ্ৰত্যাশাৰ শিঙা পেঁপাটি

বাজিলেই ৰঙা আমঠুত অযুত শিহৰণে সুৰ তোলে,

কুঁহিপাতৰ ভাজে ভাজে বসন্তৰ কুলিজনীয়ে গীত জুৰে,

গগণাৰ তালে তালে ঢোলটি বজাই মূগা চোলা,

টঙালি পিন্ধা ককাইটিয়ে,

মনটি নাচে কেচ্বছা মূগা ৰিহা আৰু বুটাবছা মূগা মেখেলাৰ ভাজে ভাজে....

জানমণিৰ নেঘেৰী খোপাত কপৌ,

কেতেকীয়ে ৰূপে দুগুণে চৰে,

যোজনাৰ সুৰে ঢোল,টকা,সুঁতুলি,পেঁপা,গগণাই

দেহ মন ৰাইজাই কৰে,

তুমি নহ'লে বিহুৰ পথাৰত নবহে মোৰ মন অ'চেনাইটি,

হাতে বোৱা বিহুৱানখনি পিন্ধি আহিবা মোৰেনো অ'দেহাটি নাহৰ,

কেতেকী,কপৌ ৰমকে জমকে মোৰ চোতাল ভৰিলেহি,

ৰঙাকৈ হাঁহি ফুলা কৃষ্ণচূড়া,পলাশ, মদাৰ জোপাই

আউলী বাউলী হৈ গাই কুলি কেতেকীৰ স'তে হিয়া জুৰুৱা গান,

সোণাৰু জোপাই মিনা কৰা জোনবিৰি,ঢোলবিৰি, গলপতাত

আঁকি যায় সোণবৰণীয়া সপোণৰ অযুত আলেখ

বৰদৈচিলাজনীৰ কঁকালৰ ৰিহা সৰি সৰি পৰে

ঢুলীয়াৰ ঢোলৰ তালে তালে যেতিয়া তাই নাচে ঘূৰি ঘূৰি,

ঢোলবিৰিৰ ৰঙামণিবোৰ সৰি সৰি পৰে নাচৰ তালে তালে,

দুহাতৰ জেঁতুকাত চেনাইৰ ব'হাগৰ মৰমৰ ৰঙ জিলিকে,

তিৰবিৰ দুচকুৰ কাজলত ভাহি আহে সাঁচি থোৱা অনুৰাগ অনুভূতিবোৰ....

"ব'হাগ"...

ব'হাগ বাগৰ সলালেই আমনি কৰেহি কুলি

কেতেকীৰ বিননিয়ে,মলয়াৰ সুবাসত নতুনৰ বৰষা.....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:936
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:231
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,960
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:217
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:208
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459