বাপেক চাই পুতেক নহ'ল ( এক মিনিটৰ গল্প) --- ৰঞ্জন ভূঞা

অফিচৰ পৰা সোনকালেই আহি পোৱাৰ বাবে নগেন শইকীয়াৰ ছোৱালীজনীৰ খবৰ এটা লৈ অহাৰ মন মেলি লাহে-লাহে খোজ ল’লো পৰিবাৰে কোৱা কথা বোৰ মনতে পাগুলি-পাগুলি ৷ কিহৰ কাৰনে বাবা আজিকালি স্কুলৰ পৰা অহা পলম হয় , তাৰ পকেট খৰচৰ পৰিমাণো বেচি হৈছে আগত’কে ৷ বাবা হ'ল আমাৰ একমাত্ৰ সন্তান ৷ নৱম মান শ্ৰেণীত পঢ়ে ৷ একে বাৰে সৰু বুলিও ক'ব নোৱাৰি ৷ তাৰ বয়সত মই পিতাই লগত পথাৰত আলি-পাহ কাটিছিলোঁ ৷ জিকি নহ'ওক সময় সলনি হল , চিন্তাও সলনি হল , সলনি হল সা-সুবিধা ৷ বাতৰি কাকত , টেলিভিছনত সিহঁতৰ বয়সৰ ল'ৰা হতে ঘটোৱা ঘটনা বোৰ দেখি-পঢ়ি মোক বাৰুকৈয়ে চিন্তাত পেলালে ৷ অফিচতো এনে বোৰ ঘটনা প্ৰায়েই আলোচনা হয় ৷ মা’কে হয়তো ঠিকেই কৈছে বাপেক হিচাপে মোৰো এটা কৰ্তব্য আছে, সি কি কৰিছে কি নাই কৰা এবাৰ চকু ফুৰোৱা’ত ৷ তিনিজনীয়া সৰু পৰিয়ালতো ভৰণ-পোষণ দিব পৰাকৈ চৰকাৰী চাকৰি এটা যদিও আছে , পৰিয়াল তোৰ বাবে কিবা উদাসিন মনোভাব এটা মোৰ নথকা নহয় ৷ হয়তো পিতৃ সূত্ৰে লাভ কৰিলোঁ সেই বদ অভ্যাস ৷ পিতাই যদিও উদাসিন আমি পাঁচ জন ভাই-ককায়ে পিতাই’ক লাজত পেলোৱাৰ দৰে কাম কৰা নাচিলোঁ ৷ সকলো সন্তানেই তো বাপেকৰ দৰে নহয় ৷ মাকে খঙৰ ভমকতে হলেও মোক অ-সফল পিতৃ বুলি কোৱা কথা সাৰ মানি ল’বলৈ তান লাগিল ৷ সকলো সুবিধাই দেখোন তাক দিছোঁ ৷ তাৰ পাছতো যদি সি বিপথে যাই ভগৱান’লৈকে দোষ তো ঠেলি দিয়াৰ বাহিৰে আৰু একো উপায় নাই ৷ কথাবোৰ ভাবি-ভাবি কেতিয়া আহি জিৰণি চৰা তোৰ ওচৰ পালো গমকেই নাপালোঁ ৷ জিৰণি চৰা তোৰ ওচৰত বাবা ৰ চাইকেল খন দেখি মনতো চিৰিং কৈ মাৰিলে ৷ কি কৰি আছে ইয়াত ? বিভিন্ন আহুকলীয়া প্ৰশ্ন বোৰ মন'ত ঘনে-ঘনে আহিব ধৰিলে ৷ দেখিব লগীয়া সম্ভাব্য ঘটনাৰ বাবে লাহে-লাহে আগবাঢ়িলোঁ ৷ বাবা ক দেখা পোৱাৰ পাছত মোৰ শৰীৰত যেন বিজুলীহে পাৰ হৈ গল ৷ এটা মাহ ধৰি জিৰণি চৰা তোত পৰি থকা অচিনাকি ৰুগীয়া বৃদ্ধ জনৰ ওচৰত সি বহি আছে ৷ বৃদ্ধজনে পৰম তৃপ্তিৰে কি খাই আছে চাবলৈ সাহস মোৰ ন'হল ৷ লৰা-লৰিকে তাৰ পৰা আঁতৰি আহিলোঁ ৷ মনতে ভাব হল যিতো কাম মই কৰিব লাগিছিল সেই কাম আজি মোৰ সন্তানে কৰিলে ৷ ঠিকেই তো সকলো সন্তানেই বাপেকৰ দৰে নহ'য় ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,395
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,885
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,398
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:322
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,409