বাবা নোহোৱা হ'ল --- ৰিমকি ভাগৱতী

বাবা নোহোৱা হ'ল

নোহোৱা হ'ল মোৰ

মূৰৰ ওপৰৰ আকাশ ,

চকুৰ পচাৰতে নিয়তিয়ে

আজুৰি নিলে মোৰ পৃথিৱীৰ সূৰুজ ।

তমসাৰ কোবাল সোঁতত

নজনা দিশে উটি গ'ল মোৰ সপোন কঢ়িওৱা নাও......

আন্ধাৰ আৰু আন্ধাৰ

নিঃশব্দতাত বুৰ গ'ল

মোৰ উৎসৱ মুখৰ পৃথিৱী

আনকি মই নুশুনা হ'লো

মোৰ বুকুৰ ধপ্ধপনি

চকুতে শুকালে এসাগৰ অশ্রু

আৰু দেহৰ সমস্ত তেজ

উজাই আহি কৰাল বান্ধিলেহি হিয়াত

ক'ত নমাই থ'ম এতিয়া মই

বুকুৰ সহিব নোৱাৰা ভাৰ বাবা,

এতিয়া যে মোৰ বাবে অচিনাকি হ'ল

তোৰ বুকুলৈ যোৱাৰ বাট ।

জীৱন জুৰি কঢ়িয়াই ফুৰিম

এনিশাৰ ভয়ংকৰ ধুমুহাৰ ধ্বংসাৱশেষ

তোৰ ভৰসাতে দিছিলো জীৱনৰ প্ৰথম টো খোজ......

সেই একেই ভৰসাৰে এতিয়াও

খামুচি আছিলো তোক ...

বাবা ক'ত হেৰুৱালো তোৰ পাহুৱাল হাত

হঠাতে বুকু খালী কৰি খহি পৰিল

হাজাৰতা ৰণুৱা ঘোঁৰাৰ সাহ ।

এতিয়া প্ৰতিটো খোজতে উজুতিত

ৰাঙলী হৈছে দুভৰিৰ আঙুলি

তথাপিও কাঢ়ি আছোঁ খোজ

তই শিকাই যোৱাৰ দৰেই নিৰন্তৰ কৰি আছোঁ

যন্ত্ৰণাক কাবু কৰাৰ যুঁজ ।

তোৰ প্ৰয়োজনত মই

নিজকে সজাব পাৰোঁ দধিচি অথবা কৰ্ণ

আৰু তোৰ সুখৰ বাবে মই নিজৰ

হৃদয় বিদৰা দুখকো

দিব পাৰোঁ সুখৰ প্ৰলেপ

মই বুজিপাঁও বাবা

মাতিবৰ মন গ'লেও তোক আৰু

নোৱাৰোঁ মাতিব এতিয়া

কাহানিও নুশুনিম তোৰ স্নেহ নিগৰা মাত....

তথাপিও মাজে মাজে

হেৰুৱাও ভাৰাসাম্য মনৰ

আৰু গগন ফালি যোৱা চিঞৰ ত

খহাই পেলাবৰ মন যায়

সমস্ত তৰা আৰু চন্দ্ৰক ।

সকলোৱে কয় তই নাই

কিন্তু মই নিজকে চুই চাওঁ

পুনৰ তোক বিচাৰি পাওঁ

শেষত কথা দিছোঁ তোক

তোৰ পৃথিৱীত সুখী হলে তই

তোক হেৰুৱাইও

ভালেৰে থাকিম মই......।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,781
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,120
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,062
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,703