বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ মানুহ --- ৰিয়ান স্মিথ্

ফুটপাথৰ ওপৰত নতুবা

ৰাস্তাৰ কাষৰ ভঙা পজাৰ তলত

শুই থাকে সিহঁতৰ সপোনবোৰ,

ফাটি যোৱা কাপোৰেৰে লুকাবলৈ চেষ্টা কৰে

বুকুৰ শুকাই যোৱা কামিহাৰবোৰ,

এমুঠি ভাত আৰু এখন ৰুটিৰ বাবে

কনমাণি কলিজাটি কৰে হাহাকাৰ………!

সিহঁতৰো এটি জীৱন আছে

আছে জীয়াই থকাৰ অধিকাৰ,

সিহঁতেও পৰিচয় দিয়ে মানুহ বুলি |

একেখন আকাশৰ তলতেই

আৰু থাকে কিছুমান মানুহ

যাৰ সপোনবোৰ আকাশত উৰে,

থাকিবলৈ ৰাজ-অট্টালিকা আছে

কাপোৰ থাকিও যি নগ্ন হৈ ঘূৰে,

একেই পথৰে যাত্ৰী আমি

একেটাই আমাৰ লক্ষস্হান,

একেখন পৃথিৱীৰে বাসিন্দা আমি

তথাপি বিভাজন উচ্চ-নীচৰ |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,321
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,571
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,603
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,329