বিলম্বনা স্বাধীনতা

নিজক হত্যা কৰি কৰি জীয়াই থকাৰ

অভিনয় কৰা আমি একো একোজন অভিনেতা

আকাশৰ মায়াবী জোনাক,নক্ষত্ৰমণ্ডলী

চৰাইৰ সুৱদী কণ্ঠ,অৰণ্যৰ সেউজীয়াৰ স’তে

বিনিময় নকৰো আমি অনুভৱী এটা কবিতা

ভেল্টিলেচনেৰে সোমাই অহা অলপ বতাহ,অলপ ৰ’দ

ঘৰৰ চালিৰ ফাঁকেৰে নিগৰি অহা জোনৰ পোহৰ

আমি প্রতিনিয়ত নিজৰ কৰি ৰখাত আত্মবিভোৰ মাথোঁ

এটা ঘৰ,এসাজ আহাৰ

কল্পনাৰ সাগৰত উটি-ভাহি আত্মস্বাৰ্থত বুৰ যাওঁ

অথচ কল্পনাতে শেষ নহয় জীৱনৰ যাত্ৰা

অনাগত প্রতিদিনৰ ৰুটিনৰ ওচৰত

বন্ধকত থওঁ নিজস্ব স্বাধীনতা

কলি কিম্বা গাভৰু ফুলৰ ৰস যেতিয়া পান কৰে

যেতিয়া জনঅৰণ্যৰ সেউজীয়া পথাৰত সিচেঁ মৃত্যুৰ ছৱি

ক্ষুধাত যেতিয়া জ্বলে ক্ষোভৰ জুই

খেতিয়কে যেতিয়া পথাৰৰ ঠিকনা হেৰুৱায়

যেতিয়া পানীত আত্মসমৰ্পণ কৰে ভূচিত্ৰাৱলীয়ে

আমি কি কৰিব পাৰিছো

বাতৰি কাকতত খবৰ পঢ়ি

সাধাৰণ কাগজৰ দৰে জাপি থোৱাৰ বাহিৰে

জাতি-ধৰ্ম,ৰাজনীতিৰ সিৰা-উপসিৰাৰে বৈ আহে

বিভেদৰ ছুনামি,বিচ্ছেদ জীৱণৰ পৰা

যি ছুনামিয়ে চেলেকি ছাই কৰি দিছে সভ্যতা

নেলীৰ পৰা কোকৰাঝাৰ;বঙাইগাওঁ হৈ

বেলতলা আৰু বৰ্তমান………

বোমৰ গাজনি কিম্বা গুলীৰ বৰষুণৰ ভয়ত

মৃত্যুতকৈওঁ দঃসহ শীতলতাৰ একুৱাৰিয়ামত

বিক্ৰি কৰো স্ব-নিৰ্ভৰশীলতা পিন্ধো পৰাধীনতাৰ পোছাক

আহা মোৰ প্রিয় শান্তিকামী মানুহ

দুহাত মেলি আইৰ চকুলো মচি

মৰানদীখনো পাওঁক বৈ যোৱাৰ স্বাধীনতা……………………।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,084
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,470
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,351
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,492
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,781
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704