বিশ্বাস আৰু অন্ধবিশ্বাসৰ দোমোজাত মই (২) --- মন্জুষা দেৱী

মই বাস কৰো বাক্সা জিলাৰ সৰু পিছপৰা গাওঁ এখনত !! শিক্ষাৰ পোহৰে বহল ৰূপত আৱৰি ধৰি থকা নাই যদিও শিক্ষিত লোকৰ হাৰ কম নহয় !!!

অসমৰ সৰহ সংখ্যক লোকেই গাওঁ বাসী আৰু কৃষিভিত্তিক । তেওঁলোক পৰম্পৰা আশ্ৰয়ী । বিশ্বাস প্ৰৱন সমাজত লোক বিশ্বাস পৰম্পৰাগত ভাৱেই চলি থাকে । লোক বিশ্বাসে বহল পৰিসৰত অন্ধবিশ্বাসক সাঙুৰি লয় !!!

অন্ধবিশ্বাসৰ ইংৰাজী প্ৰতিশব্দ হল superstition !!! লেটিন শব্দ stare ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হল survival (উদ্ধৰ্তন ) |

য'ত বিজ্ঞান বিফল হৈছে তাতে অন্ধবিশ্বাসৰ সৃষ্টি হৈছে !

অন্ধবিশ্বাস যে অকল শিক্ষাৰ পোহৰ নপৰা ঠাইত জন্ম লৈছে সেই কথা নহয় । শিক্ষাৰ পোহৰ পৰা বহুতো উন্নত দেশ বোৰত ও প্ৰৱল ৰূপত অন্ধবিশ্বাসৰ প্ৰচলন আছে !!

ইংলেণ্ডৰ দৰে উন্নত দেশবোৰত ও ডাইনী হত্যাৰ দৰেই কু প্ৰথা চলি আছে !! তেনেহ'লে শিক্ষাৰ পোহৰ নপৰা ঠাইত অন্ধবিশ্বাস যাদু বিদ্যাৰ প্ৰচলন হোৱা তেনেই সাধাৰণ কথা (মোৰ লিখনিৰ মূল বিষয় ডাইনী হত্যা নহয় । সময় সুবিধা পালে নিশ্চয় এই বিষয়ে বিতং ভাৱে আলোচনা কৰিম)

বৰ্তমান ফেচবুক টুইটাৰৰ দিনতো অন্ধবিশ্বাসে নিজকে জনমানসৰ মানস পটত নিজৰ আখন সংৰক্ষিত কৰিবলৈ সক্ষম হৈছে !! এই দৃষ্টি কোণৰ পৰা চাবলৈ গলে সমগ্র আধুনিকতা বাদৰ প্ৰক্ৰিয়া টোকে ভেঙুচালি কৰি আজিও জয়জয় ময়ময় খোপনি পুতি আছে আমাৰ মনত এই অন্ধবিশ্বাস কু সংস্কাৰ বোৰে !!

মোৰ একমাত্র পুত্ৰ সন্তান দৰ্শিল !! দহ মহীয়া মোৰ শিশু সন্তানৰ যোৱা কালিৰ পৰা বসন্ত হৈছে !! অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি এইয়া কোনো বেমাৰ নহয় !!! মা মনসাৰ জীয়ৰী শীতলা মায়ে পুত্ৰ সন্তানৰ গাত আশীৰ্বাদ হিচাবে ফুল দিছে !!! পুজা পাঠ চাফ চিকুণতাই ইয়াৰ চিকিৎসা !! হয় পূজা পাঠ নাম কীৰ্ত্তন কৰিলে আমাৰ মন শান্ত হয় তেনেহলে পূজা কৰাত আপত্তি কিহৰ কিন্তু পুজা পাঠৰ ঠাইত অন্ধবিশ্বাসে প্ৰৱল ৰূপত থিতাপি লয় তেতিয়া আপত্তি আহি পৰে ।

আমাৰ ঘৰত ও আজি শীতলা মাক সন্তুষ্ট কৰিবলৈ নাম কীৰ্ত্তন কৰা হ'ল !! দেউতাকে শীতলা পানী জাৰি দিব জনা মানুহৰ হতুৱাই জাৰি আনি পুত্ৰ দৰ্শিলৰ গাত দিলে ! বিশ্বাস যে সি শান্তি পাব কিয়নো তাৰ গাত শীতলা মা আছে !!!

ভগৱানৰ ওপৰত আস্থা মোৰ আছে সেই বুলি ভাইৰাছক আই ভগৱান বুলি মানি নানান কাৰণ ব্যাখ্যা কৰি ইয়াক আৰু বেছি ভয়াবহতা দান কৰিব নোৱাৰো !!

বসন্ত ৰোগ হ'ল তিনি বিধ ।

বৰ আই(small pox)
মাজু আই( chickenpox) আৰু
সৰু আই (measles)

ভেৰিঅলা ভাইৰাছৰ পৰা বৰ আই হয় !! বৰ আই বৰ্তমান পৃথিৱীৰ পৰা বিলুপ্ত হৈছে ।

মাজু আই ভেৰিচেলা ভাইৰাছৰ পৰা হয় । এই ৰোগ গোটেই বিশ্বতে ব্যাপ্ত !!!

আৰু তৃতীয় বিধ হ'ল সৰু আই ৰুবিঅলা নামৰ ভাইৰাছে কৰা সংক্ৰামক ৰোগ ! এইটো বাল্যকালত হোৱা ৰোগ ! চৰ্দি কাহ জৰ পেটচলা আদি বোৰ লক্ষণ দেখা দিয়ে !

উন্নয়ন শীল দেশসমূহত ৬ মাহৰ পৰা ৯ মাহত সৰু আইৰ প্ৰতিৰোধক ছিটা দিয়া হয় !! আমি ও ৯ মাহত এই চিটা ব্যক্তিগত চিকিৎসা কেন্দ্রত গৈ লৈছিলো ! তেনেহ'লে দৰ্শিলক সৰু আই হ'ল কিয় ??

সৰু আইৰ উন্নত চিকিৎসা নললে কাণৰ নাকৰ মগজুৰ নিউমনিয়াৰ দৰে জটিলতাৰ বেমাৰে ধৰা দিয়ে !!!
অসমত ফাগুন চ'ত মাহত পচোৱা বতাহ বলে যাৰ ফলত ধুলিৰে বায়ু মণ্ডল উপচি পৰে সেই সময়ত মানুহৰ বসন্ত ৰোগ হয় !! কিন্তু প্ৰকৃতিৰ মহিমা অপৰম্পাৰ পুহ মাহত ধুমুহা আহে !! পুহ মাহত বসন্ত ৰ আগমন হয় !!! প্ৰকৃতিৰ ওচৰত আমি মনুষ্য তুচ্ছ !!!

মানৱ জীৱন মূল্যবান !! উন্নত চিকিৎসা কৰি আমি সৰু ডাঙৰ বেমাৰ ভাল কৰিব লাগিব !! এখন সুন্দৰ নিকা সমাজ গঢ়াৰ লক্ষ্যৰে আমি সমাজত প্ৰচলিত কু সংস্কাৰ বোৰক নিৰ্মুল কৰাৰ প্ৰয়াস কৰোঁ আহক !!

এই প্ৰচেষ্টা আমি ফেচবুকৰ পৰাই আৰম্ভ কৰোঁ আহক !! একতাই হ'ল আমাৰ শক্তি !!! ব্যস্ততাৰ মাজতো মোৰ লিখনি পঢ়িবলৈ সময় উলিওৱাৰ বাবে সকলোকে ধন্যবাদ যাচিচো |

(৯.১.২০১৬)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,492
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:111
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,605
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,668
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,764