বিহু নামত প্ৰকৃতিৰ সুবাস --- অৰুণাভ কুমাৰ নাথ

বিহু অসমীয়াৰ বাপতি সাহোন ৷ বিহু অসমীয়াৰ জাতীয় জীৱনৰ দাপোণ ৷ বিহু প্ৰকৃততে কৃষিৰ লগত জড়িত, যিয়ে আহোম ৰাজতন্ত্ৰ দিনত স্বীকৃতি লাভ কৰিছিল ৷ স্বৰ্গদেউ কুদ্ৰসিংহই ৰাজকীয় আমোদ- প্ৰমোদৰ লগতে সাধাৰণ প্ৰজাইও যাতে বিহুৰ ৰং ৰইহচ উপভোগ কৰিব পাৰে তাৰে প্ৰয়াস কৰি ৰংঘৰৰ বাকৰিত বিহু নচা বা গোৱাৰ ব্যৱস্থা কৰি দিছিল ৷ তাৰে পৰাই মুকলি বিহুৰ উৎপত্তি হোৱা বুলি কোৱা হয় ৷

অসমৰ বিহু উৎসৱৰ লগত অসমৰ প্ৰকৃতিৰ নিবিড় সম্পৰ্ক আছে ৷ অষ্টিক, দ্ৰাবিড়, তিৰ্ব্বত ধৰ্মী আহোম, মুছলমান আদি বিভিন্ন জনগোষ্ঠিৰ সংস্কৃতিৰে অসমৰ জনসংস্কৃতি পুৰঠ হৈ পৰিছে ৷ বাৰেবৰণীয়া প্ৰকৃতিৰ লগতে ব্ৰহ্মপুত্ৰকে আদি কৰি নৈ, নিজৰা, জান, জুৰি বিল, পুখুৰি আদিৰ মোহনীয় ৰূপে লোক সংস্কৃতিক এক অনন্য ৰূপ প্ৰদান কৰি আহিছে ৷

চাৰিওফালে পৰ্বতমালাই অসমৰ সীমা আগুৰি আছে ৷ নদ-নদীয়ে অসমৰ জাতীয় জীৱন গঢ় দিয়ে ৷ কেতিয়াবা হাহাকাৰৰো সৃষ্টি কৰে ৷ আঘোণত ধান চপায় ৷ মাঘৰ বিহুত ভোগৰ তৃপ্তিয়ে আমোনভোলা হয় ৷ শীতৰ হাড় কপোৱা জাৰৰ অন্তত ফাগুণৰ পৰশে জগত নতুন কুহিপাত আৰু ফুলেৰে জাতিষ্কাৰ কৰি তোলে ৷ কুলিয়ে কু কু কৈ মাতি ডেকা গাভৰুৰ মন বলিয়া কৰে ৷ শুকাই যোৱা নদ নদী, জান জুৰিত আনে ন ঢল ৷ কেতিয়াব ন পানী নাহে - "ন পানী বঢ়া নাই বিহু বিহু লগা নাই গাত" বুলি হুমুনিয়াহ কাঢ়ে ৷

বিহুগীত সমূহ বিশ্লেষণ কৰিলে তাত অসমৰ প্ৰকৃতিৰ প্ৰধান চাৰিটা চবি পৰিস্ফুটিত হয় ৷ সেয়া হৈছে-আমাৰ নদ-নদী, গৰু মহ'ৰ চৰণীয়া উদং চাপৰি আৰু বহল পথাৰ, পৰ্বতৰাজি আৰু বিচিত্ৰ বৰ্ণ আৰু সংগীত সৃষ্টি কৰা পশু পক্ষী বোৰ ৷

অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ ৷ ব্ৰহ্মপুত্ৰক লুইত, চিৰিলুইত, বৰনৈ আদি নামেৰে নামাকৰণ কৰা হয় ৷ ব্ৰহ্মপুত্ৰৰ গতিধাৰাৰ লগত অসমীয়া জনজীৱনৰ গতিধাৰা যুগ যুগ ধৰি প্ৰবাহিত হৈ আছে ৷ ব্ৰহ্মপুত্ৰ বা লুইতক লৈ কিমান বিহুনাম ৰচনা হৈছে তাৰ হিচাপ দিব নোৱাৰি ৷ কাৰণ ব্ৰহ্মপুত্ৰৰ কাষতে বিহুনাম বিহুনৃত্যৰ চৰ্চা হৈছিল ৷ নৈত সাক্ষী কৰি প্ৰণয়ৰ শপত আৰু নিস্ফল হ'লে নৈত জপিয়াই পৰাৰ ভাবুকি এতিয়াৰ নহয় ৷

ব্ৰহ্মপুত্ৰৰ অন্য নাম চিৰিলুইত ৷ " চিৰিক চিৰিক কৰি কাপোৰ ধুই আছিলা চিৰিলুইতলৈ চায়, চিৰিলুইতে কিৰিলি মাৰিলে ধনে নাও মেলি যায় " ৷ বিহু নামত নৈ, নাও, নাৱৰীয়াৰ উদাহৰণ বেছি ৷ নৈৰ গতিপথ লীলাময় ৷ নৈয়ে অকাইপকাই লীলা কৰি বৈ যায় ৷ বৰনৈৰ উপনৈবিলাক ক্ৰমে দিখৌ, দিহিং, ধনশিৰি, কলং, কপিলি আদিয়ে বিহুনামত ইন্ধন যোগাইছে ৷ বিহুমৰা আদি কাৰ্যত নদ-নদীৰ উপমাই ভৰপুৰ হৈ আছে ৷ নৈৰ পানীঘাত হ'ল ডেকা গাভৰুৰ মনৰ কথা কোৱাৰ স্থল ৷ " তুমি কথা কোৱা নৈৰ পানী গৰাত ৰৈ, আমি উত্তৰ দিওঁ কাষত পানী কলহ লৈ " ৷ আকৌ " পৰ্বতত চৰিলে ৰাঙলী হৰিণী আনো ভৈয়ামলৈ টানি, হাঁহিবৰ চলেৰে কান্দি পঠিয়ালো তোমাক পানীঘাটত দেখি " ৷ " দৰিকা দিচাঙে হ'ল ঐ এবুকু দিখৌ এৰাসুতি হ'ল, তোমাৰ হাতৰ তামোলখন মুখলৈ নিওঁতে বুকু চমচমায় গ'ল " ৷ হাতৰ তামোলখন পীৰিতিৰ প্ৰতীক ৷ আগবাৰি শুৱনি কাকিনি তামোলে গ্ৰাম্য জীৱনৰ আৰ্থিক স্বচ্ছলতাক বুজায় ৷ হুচৰি গীততো বাৰীত তামোল পাণ উভৈনদী বুলি আৰ্শীবাদ দিয়ে ৷

প্ৰকৃতিৰ অন্যতম অৱদান হ'ল-অসমৰ চিৰসেউজ পৰ্বতমালা আৰু গছ-গছনিৰ লগতে ঋতুভেদে সুললিত গীতেৰে জাননী দিয়া চৰাই-চিৰিকটিৰ মধুৰ গীতসমুহ ৷ আৱৰ, মিচিমি পৰ্বত পাহাৰত থকা জনগোষ্ঠীসমূহেও বিহুনামত ঠাই পাইছে ৷ " কি পাহৰিম তোকে অই লাহৰী কি খাই পাহৰিম তোক, মিচিমি আহিব বৰবিহ আনিব তাকে খাই পাহৰিম তোক ৷ অসমৰ পৰ্বত পাহাৰৰ সম্প্ৰিতী অতিজৰে পৰা চলি আহিছে ৷

শীতৰ শেষত বসন্ত আহে ৷ শিমলু মদাৰ ফুলি মানুহৰ মন ৰঙীন কৰি তোলে ৷ আমাৰ সমাজত ধনী দুখীয়াৰ প্ৰাচীৰ থকাৰ বাবেই বিয়া কৰাম বুলি আশা পালি থকা ডেকাই আৰ্থিক অৱস্থা সুচল নোহোৱাৰ বাবেই মনে মিলা গাভৰুজনীক বিয়া কৰাবলৈ নাপালে ৷ তাকে গীতৰ মাজেদি প্ৰকাশ কৰিছে এনেদৰে - " হাতী বুঢ়া হ’লে মাউতৰ দোষতে, গৰু বুঢ়া হ'লে হালত, তুমি বুঢ়ী হলা মাৰাৰ ঘৰতে সময়ত নিদিলে বিয়া ৷

বিহু নামত আম, কঠাল, নাহৰ, বগৰী আদিৰ নাম সঘনে পোৱা যায় ৷ ফলভৰা এনেবোৰ গছে অসমীয়া মানুহৰ বাৰী শুৱনি কৰাই নহয় আৰ্থিক স্বচ্ছলতাকো বুজায় ৷ নাহৰৰ কলি, মলখু মদাৰৰ পাত আদিবোৰে গাভৰুৰ যৌৱনক আঙুলিয়াই ৷ কপৌ ফুল এখনি তোমোলৰ দৰেই পিৰীতিৰ প্ৰতীক ৷ কপৌ ফুল আৰু জেতুকা গাভৰুৰ অতি আদৰৰ ৷

অসমীয়া গাভৰুৱে তাতৰপাতত সপোন ৰচে ৷ প্ৰিয়জনলৈ গামোচাত গুটি ফুল বাচে ৷ সেইখনি গামোচা প্ৰিয়জনৰ বাবে পিৰিতীৰ সন্মানৰ প্ৰতিক ৷ অসমীয়া সমাজত গামোচা আৰু চেলেং সন্মানৰ প্ৰতীক ৷

প্ৰকৃতিৰ পৰশত অকল বিহুৱা ডেকা গাভৰুৰ মনেই যে ৰাইজাই কৰে এনে নহয় সমগ্ৰ অসমৰ জনগোষ্ঠীৰ মনবিলাক উন্মনা কৰি তোলে৷ প্ৰকৃতিৰ প্ৰয়োভৰত কিমান গীত মাত ৰচুত হয় তাৰ হিচাপ কোনেও দিব নোৱাৰে ৷ সৃষ্টিৰ দিনৰে পৰা প্ৰকৃতিয়ে আমাৰ জাগতিক জীৱন, লোক জীৱন, আধ্যাত্মিক জীৱনক আগুৰি আছে ৷ আহক আমি সকলোৱে সংস্কৃতিৰ এনাজৰী দালেৰে বান্ধখাই অসমৰ মান বঢ়াও ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,111
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:322
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,395
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,409
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,073