বেক্টেৰিয়া কি ?

বেক্টেৰিয়া সাধাৰণতে আমি খালী চকুৰে নেদেখো ৷ ই এককোষী ৷ বেক্টেৰিয়াৰ কোষটোৰ চাৰিওফালে এখন কোষবেৰ থাকে ৷ বেক্টেৰিয়া বায়ু, পানী , মাটি সকলোতে থাকিব পাৰে ৷ বেক্টেৰিয়াই খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল কাৰণ ইহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পৰাকৈ ইহঁতৰ কোষত ক্ল’ৰ’ফিল নাথাকে ৷সেইবাবে বেক্টেৰিয়াই পৰজীৱী অথবা মৃতজীৱী হিচাপে জীৱন কটাই ৷

বেক্টেৰিয়াই অন্য জীৱৰ উপকাৰ আৰু অপকাৰ দুয়োটাই কৰিব পাৰে ৷ উদাহৰণস্বৰূপে – কলেৰা বেমাৰ বেক্টেৰিয়াৰ পৰা হয় ৷

আনহাতে কিছুমান বেক্টেৰিয়াই আমাৰ উপকাৰ সাধন কৰে যেনে – লেক্ট’বেছিলাছ নামৰ বেক্টেৰিয়াই গাখীৰ দৈ হোৱাত সহায় কৰে৷ ঠিক তেনেদৰে ৰাইয’বিয়াম বেক্টেৰিয়াই মাহজাতীয় উদ্ভিদৰ মূলত থাকি নাইট্ৰ’জেন যুক্ত সাৰৰ পৰিমান বৃদ্ধি কৰাত উলেখ্যযোগ্য ভূমিকা পালন কৰে ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,566
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,772
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,797
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,032