বৰলুইতৰ বুকুত যাহ গল এটি সপোন --- দাদুল ভূঞা

শৰতৰ শেৱালি সৰা ৰাতিপুৱা এটা।সি শুনকালে শুই উঠি বাট ললে হাবিতলীয়া
লুঙলুঙীয়া বাটটোৱেদি।সি মানে আমাৰ গুনাধৰ দাইতিৰ পুতেক ঘনকান্ত।যোৱা
বছৰতে সি আহি এই নতুন ঠাইখনত ভৰি দিছিলহি।তেতিয়াৰ পৰাই তাৰ বৰলুইত খনৰ
লগত সম্পৰ্ক।লুইতৰ প্ৰতিটো ঢৌৰ দৰে তাৰ বুকুতো সপোন গঢ়াৰ সোনোৱালী
ঢৌ।বৰলুইতৰ বুকুৱেদি আগতে সি পাৰ হৈ পোৱা নাছিল।এইয়া তাৰ বাবে জীৱনৰ এক
ডাঙৰ অভিজ্ঞতা।প্ৰথম বাৰ যেতিয়া বৰলুইতৰ বুকুৱেদি নাৱৰে যাত্ৰা কৰিছল
সেইদিনাখন সি বৰ ভয় খাইছিল।তথাপি চৰকাৰ আদেশ তথা কৰ্ম সংস্থাপনৰ জটিলতাৰ
বাবে সি আহি ধুবুৰীৰৰ মানকাচৰৰ পালেহি।বুকুত তাৰ অযুত সপোন।সৰুৰে পৰা
বৰলুইতখনক ওচৰৰ পৰা চোৱাৰ হেঁপাহ আছিল।তথাপি বৰলুইতৰ কোৱাল সোঁত দেখি তাৰ
বুকু কেতিয়াবা কপি নুঠা নহয়।বৰলুইত খনৰ বুকুৱেদি পাৰ হলে তাৰ প্ৰথম দিনা
ভয়ে ভয়ে পাৰ হোৱা সেই সময়লৈ মনত পৰে।শৰতৰ সেই শেৱালি সৰা ৰাতিপুৱা
সি,বাপধন আৰু ভদ্ৰ বৰলুইতৰ বুকুৱেদি যাত্ৰা আৰম্ভ কৰিলে ধুবুৰী অভিমুখে।

নদীখনৰ পাৰ পায়ে সিহঁত কেইটা আহি মেচিন নাও এখনত বহি ললে।এজন এজনকে মানুহ
আহি নাওখন পূৰ হ’ল।সকোলেৰে উদ্দেশ্য মাথো লুইতৰ সিটো পাৰ পোৱা।ধপ্ ধপ্
শব্দৰে মেচিন নাওখনে যাত্ৰা আৰম্ভ কৰিলে।বিশাল বৰলুইতৰ জলৰাশিয়েদি নাওখন
আগুৱাই গ’ল।লগে লগে ঢৌ বোৰে যেন এজাক মাছে উজাই যোৱাৰ দৰে নাওখনৰ পিছফালে
উজাই গ’ল। লুইতৰ ফটিক পানীত নীলা আকাশখন জিলিকি উঠিল।লুইতৰ জলৰাশিবোৰ এখন
বিশাল শুভ্ৰ চাদৰৰ দৰে জিলিকি উঠিল সূৰ্য দেৱতাৰ পৰশত।যেন সৰগৰ কোনোবা
অপেশ্বৰীয়েহে সেইখন মেলি দিছে বৰ লুইতৰ বুকুত।লুইতৰ পানীত দুই এটা শিহুৱে
টুপাই বুৰ মৰা সি দেখা পালে। নীলা আকাশৰ বুকুৱেদি নিশ্চিন্তভাৱে পাৰ হৈ
গৈছে এজাক চৰাই।নাওখন লক্ষ্যস্থান অভিমুখে আগুৱাই গৈ আছে।মাজে মাজে বালি
চাপৰিৰ কাষ চাপি যায় আৰু মাজে লুইতৰ মাজ মজিয়াদি যায়।আহিনৰ বতৰত পাৰৰ
কহুৱা ফুল বোৰে হালি যালি নাছিছে।কহুৱাবোৰে হালি জালি কাৰোবাক যেন তাৰ
বুকুৰ মাজলৈ নিমন্ত্ৰন কৰি মাতি আনে।তাৰ মনত পৰিল তাহিনিৰ সেই নৈৰ পাৰে
পাৰে নিৰুৰ সৈতে ঘুৰি ফুৰাৰ মহুৰ্তবোৰ।নিৰুজনীক গাৱঁত এৰি থৈ অহা তাৰ আজি
বহুদিনেই হল।হৰ্থাত নিৰু কথা ভাবি ভাবি সি ভাবাতুৰ হৈ পৰিল।তাৰ মনলৈ ভাহি
আহিল আহিনৰ ৰাতিপুৱা নিৰুৰ সৈতে শেৱালি ফুল বুটলাৰ সময়বোৰৰ কথা।ৰাতিপুৱা
শুই উঠি ঘৰৰ ওচৰৰ ‘গোঁসাই’ ঘৰত গৈ শেৱালি ফুল বুটলা ৰাতিপুৱাৰ পৰিৱেশ।তাৰ
মনত শৈশৱৰ কথাবোৰ শৰতৰ জোনাক ৰাতিটোৰ দৰে জিলিকি উঠিল -

“ ঐ নিৰু চাওঁ চাও তই কিমান শেৱালি বুটলিলি?”

নিৰুৱে তাৰ ফালে শেৱালি ভৰাই ৰখা খৰাহিটো আগবঢ়াই দি কয় “এইখিনি, তোৰ
খিনি চাওঁ?নিৰুক চাই থাকোতে থাকোতে সি বেচিকৈ বুটলিবই নোৱাৰে।নিৰুৱে কয়
“ইমান কম,হোঁ মোৰ পৰা অলপ লৈ যা।খুৰীয়ে শেৱালি ফুলৰ বৰা খাই ভাল পাই
নহয়”।

সি নালাগে বুলি কম বুলি ভাবিও কব নোৱাৰে জানোচা নালাগে বুলি কলে নিৰুৱে
দুখ পাই।“দে এই খৰাহীটোতে ভৰাই দে,মাক গৈ কমগৈ তই দিছ বুলি।ঐ নিৰু শুনছোন
আজি দুপৰীয়া ৰবাব টেঙা খাবলৈ আহিবি দেই।”

নিৰু তাৰ কথাত সহাৰি দিলে “যাম দে, পিছে আজি কাৰ বাৰীত খাবলৈ যাবি!”

আজি "মানিক বামুনৰ বাৰীতে খাবলৈ যাম ,বামুনটো নাই বুলি গম পাইছো।বামুনটো
থাকিলে কাকো বাৰীত সোমাব নিদিয়ে।আজি বামুন নাইকিয়া সুযোগতে বাপধন,ভদ্ৰ মই
আৰু তই একোলগে বামুনৰবাৰী লুৰুকিমগৈ দেই।বামুন বাৰীৰ ৰবাব কেইটাই মোক খা
মোক খা কৰি আছে।”

তাৰ কথাত নিৰুৱে মাত লগালে হব দে “মায়ে গম নোপোৱাকে মই পলাই আহিম ।তই
আমাৰ কৃষ্ণচূড়াৰ জোপাৰ তলতে ৰৈ থাকিবি।এতিয়া ব’ল স্কুল আছে নহয় অলপ পঢ়ি
স্কুল যাবগৈ লাগিব”।

হৰ্থাত তাৰ গাত কোনোবাই হাত থোৱা যেন অনুভৱ হ’ল।ঘুৰি চায় দেখে ভদ্ৰই তাৰ
গাত হাত এখন থৈ নাৱখনৰ বুকুতে টোপনি যাব চেষ্টা কৰিছে।দিনতে দেখা সপোনবোৰ
দেখি তাৰ মনত হাহিঁ এটা বিৰিঙি আহিল।

খনিকৰৰ জীয়েক নীৰু।চিতপখিলীজনীৰে দৰে দৌৰি ফুৰাৰ বয়স তাইৰ।ঘনকান্ত তাইৰ
খেলৰ লগৰী।দুয়ো সৰুৰে পৰাই একেলগে পঢ়া কেৱল সিহঁতৰ মাজত বন্ধুত্বৰ
সম্পৰ্ক নহয় কনমানি বয়সৰ পৰাই ইটোৱে সিটোক নহলে থাকিব নোৱাৰে।যেতিয়া
নিৰুজনী প্ৰথম গাভৰু হৈ কেইবাদিনো ধৰি ভিতৰত থাকিব লগীয়া হৈছিল।সি মনে
মনে গৈ নিৰুহঁতৰ খিড়িকী খনৰে তাইক জুমি জুমি চাই আহে।নিৰুৱে তাক দেখি
লাজ কৰাৰ মহুৰ্ত বোৰ তাৰ মনত পৰিলে আজিও হাহিঁ উঠে।

লুইতৰ বুকুৱেদি যাত্ৰা কৰাৰ সময়ত তাৰ অতীতৰ কথাবোৰে বৰ আমনি কৰে।মনত পৰে
তাৰ গাৱৰ সেই শিঙৰাজান নদী খনলৈ।গাৱলৈ নোযোৱা আজি বহুদিনেই হ’লহি।সি
গাৱলৈ গ’লে নৈ খনৰ ফালে এবাৰ নোযোৱাকৈ নাথাকে।নিৰুৰ হাতত হাত ধৰি আকাশ
চুই চোৱাৰ কথাবোৰ সি কোনোদিনে পাহৰিব নোৱাৰে।সি চাকৰি সুত্ৰে দুৰনিলৈ
আহিবৰ দিন ধৰি নিৰুজনী অকলশৰীয়া হৈ পৰিল।তাইলৈ মনত পৰাত তাৰ চকুত এসাগৰ
বিষাদৰ অশ্ৰুজল নামি আহিল।

তাৰ চকুহাল চলচলীয়া হোৱা দেখি বাপধনে মাত লগালে-“ঐ ইমানকে কিনো ভাবিছ?
অ’ বুজিচো নিৰুলৈ মনত পৰিছে চাগৈ,আজি বহুদিন তই যে ফোন কৰা দেখা নাই
তহঁতৰ মাজত কিবা খেলি মেলি চলিছে নেকি। নে নিৰুক ঘৰৰ মানুহে বিয়া দিব
ওলাইছে তই যে মন মাৰি আছ”।

“নাই নাই তেনেকুৱা একো হোৱা নাই অ’।য়োৱা কালি ব্যস্ততাৰ বাবে তাইলৈ ফোন
এটা কৰিব নোৱাৰিলো,ৰাতিপুৱা লৰালৰি হোৱাত ফোন কৰা নহ’ল।তাইৰ চাগে ওফুন
লাগিছে মোলে।তাইৰ খঙত ফুলি উঠা মুখখন এবাৰ চাবলৈ মন গৈছে।বহুদিন হ’ল তাইৰ
খঙ উঠা মুখখন নেদেখা”।ঘনকান্তই ৰোমিঅটোৰ দৰেই জুলিয়েটৰ কথা কৈ উঠিল।

ঘনকান্তৰ কথাত বাপধনে প্ৰায় হাহিঁ উঠিল “হঁহি কৈ সি কৈ পেলালে এইবাৰ
বহাগত গৈ কাম ফেৰা কৰি নেপেলাৱ কিয়? নহ’লে মুখৰ আগৰ ভাত আনে কাঢ়ি
খাব।তাইয়ো কুৰিৰ ডেউনা পাৰ কৰিলে।এনেই কথাতেই কয় নহয় ‘ছোৱালী কুঢ়িতে
বুঢ়ী’।এইবাৰ তই গৈ হিন্দী চিনেমাৰ হিৰোটোৰ দৰে সিহঁতৰ ঘৰত তহঁতৰ মনৰ
কথাষাৰ কৈ পেলা।নিৰুৱে তোলৈ বহুদিন ধৰি বাট চায় ৰৈছে”।

“তই কথাষাৰ ঠিকেই কৈছে বাপধন।এইবাৰ তাকে কৰিব লাগিব।তাইক আৰুনো কিমান দিন
অকলে ৰাখিম।”

দুয়ো অলপ সময় নিশ্চুপ হৈয়ে বহি পৰিল।নাও খনৰ আন মানুহ বোৰে ইজনে সিজনৰ
লগত কথা পাতি গৈ থাকিল।হৰ্থাত গোৱালপৰীয়া লোকগীতৰ গান এটি বাজি উঠিল
কাৰোবাৰ মোবাইলত।গোৱালপৰীয়া গীত শুনিলে আজি কালিৰ ঘনকান্তৰ মনটো বহুত ভাল
লাগে।নতুন ঠাইখনলৈ অহাৰ পিছত এই ঠাইৰ ভাষাবোৰ সি অলপ অলপ বুজিব আৰু দুই
এটা ভাষা কব পৰাও হৈছে।প্ৰথম যেতিয়া সি লুইতৰ বুকুৱেদি যাত্ৰা কৰিছিল
সেইদিনা নাৱত এই ঠাইৰ ভাষা শুনি একো বুজিব পৰা নাছিল।কাষৰ মানুহ বোৰে
স্থানীয় ভাষাত কথা পাতি গৈ আছে।সি অলপ অলপ ভাষাটো বুজি পাই।তাৰ কাষত বহা
এজন লোকে তাক বাংলাভাষা সমৃদ্ধ ভাষাৰে কৈ উঠিল-
“কোথায় যাবেন,এইখানে কি কাজ কৰেন?

সি সেই ভাষা ভালকৈ নাজানে যদিও সি কলে-“আমি ধুবুব়ী যাবো,এইখানে মাষ্টাৰি
চাকৰি কৰি।
তাৰ ভঙা ভঙা মাতটো শুনি মানুহজনে বুজি উঠিছিল যে সি এটা অসমীয়া ভাষী লৰা
লগে লগে মানুহজনে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলে।সিও নিসংকোচ ভাৱেই তাৰ
পৰিচয় ডাঙি ধৰিলে।এনেদৰে কিছুসময় দুয়োজনৰ মাজত কথা বতৰা চলিল।এটা সময়ত
নাৱৰীয়াৰ লগৰ এজনে আহি ভাৰা বিচাৰিলে। নতুন ঠাইখনৰ স্থানীয় ভাষা সমৃদ্ধ
মাতেৰে কলে-

“তেহা ডেন ভাই?”

সিও নাৱৰীয়াৰ সুৰত সুৰ মিলাইয়ো কলে-“কত’ তেহা?”

নাৱৰীয়া জনে উত্তৰ দিলে –“ডেন ৩০তেহা”।

সি পকেটৰ পৰা ৩০ টকা উলিয়াই নাৱৰীয়াজনক দিলে।নাৱৰীয়া জন তাৰ ওচৰৰ পৰা
আতৰি গ’ল।প্ৰথম দিনা যেতিয়া ধুবুৰীৰ পৰা নাওৱেদি যাত্ৰা কৰিছিল তেতিয়া
‘তেহা’ মানে সি কি বস্তু বুজি পোৱা নাছিল।কিন্তু ইয়াৰ পৰিৱেশত থাকি থাকি
সি তেহা মানে টকা বুলি বুজি উঠিছিল।লুইতৰ পাৰৰ চালে চকু ৰোৱা পৰিৱেশ তাক
সদায়ে আকৰ্শিত কৰিছিল।

লাহে লাহে নাওখন আগুৱাই গৈ থাকিল।সময় তেতিয়া দহমান বাজিছিল।লুইতৰ সোত
বোৰে যেন কাৰোবাক হাত বাওলি দিহে মাতিছে লুইতৰ বুকুলৈ।কৰবাত লুইতৰ ঢৌত
পাৰৰ মাটি খহাৰ শব্দ ভাহিঁ আহিল।সি চাৰিও ফালে ঘুৰি ঘুৰি চালে বহু দুৰৈত
সি দেখা পালে সেই দৃশ্যটি তাৰ বুকুত যেন বিষাদৰ বাৰিষা জাকে আহি খোন্দা
মাৰিলেহি।কিয়নো সেই গৰাখহনীয়াত খহি পৰিছিল এটা জুপুৰি ঘৰ।জুপুৰিৰ
বাসিন্দা সকলক চিনি নাপালেও তাৰ মনত দুখ উপজিছিল।তাৰ শোকাকুল মুখখন দেখি
তাৰ কাষতে বহা ভদ্ৰই মাত লগালে-

“ঐ কি হল তোৰ, ইমান গভীৰ ভাৱে কি চিন্তা কৰিছনো ?”

“নাই একো ভৱা নাই, গৰাখহনীয়াত উটি যোৱা সেই ঘৰটোৰ কথাকে ভাৱিছো।ভাৱিছো
মানুহৰ জীৱনৰ দুখৰ কথা’- বুলি কৈ উঠিল ঘনকান্তই।

তাৰ চিন্তা সুচক মনটো দেখি ভদ্ৰই মাত দিলে-“তই বৰ ভাবুক দেই।কিনো কথাবোৰ
ভাৱি থাক।অকল এটা ঘৰহে তই দেখা পাইছ কিমান ঘৰ প্ৰতি দিনে উটুৱাই নি
আছে।মানুহে গছ গছনি কাটি লুইতৰ পাৰ উন্মুক্ত কৰিছে।গৰাখহনীয়া হ’বই, সকলো
মানুহৰ গাতে দুখ বুজিছ”

ঘনকান্তই একো নামাতিলে।তাৰ মনত ভাহি থাকিল লুইতৰ বুকুত যাহ যোৱা সেই
ঘৰবোৰৰ কথা।লাহে লাহে শৰতৰ আকাশ খন কলীয়া ডাৱৰে চানি ধৰিছিল।নাওখন তেতিয়া
লুইতৰ মাজ মজিয়াত।কোনোফালে চাপৰি দেখা পোৱা নাযায়।সাগৰীয় ঢৌৰ দৰে লুইতৰ
কোবাল ঢৌ।সেই ঢৌত নাওখন প্ৰায় কপি উঠিছিল।সকলো যাত্ৰীৰে বুকু কপি উঠিছিল
ভয় আৰু শংকাত।লগে লগে এজাক বতাহে আহি যোৰেৰে নাওখন খুন্দিয়াইছিল।লুইতৰ
বুকুত টলং ভটং কৰিলে সিহঁতৰ নাৱখনে।নাৱৰীয়া জনে বতাহৰ বিপৰীতে আগুৱাই
নিবলৈ চেষ্ঠা কৰিলে যদিও তীব্ৰ বেগী বতাহক বাধা দিব নোৱাৰিলে।যাত্ৰী সকলে
নাৱৰ ভিতৰত হৈ চৈ আৰম্ভ কৰিলে।সকলো যাত্ৰী নিৰুপায়।মৃত্যু যেন সকলোকে হাত
বাউলী দি মাতিলে।যাত্ৰীসকলে অদৃশ্য ভগৱানৰ নাম লবলৈ আৰম্ভ কৰিলে।তীব্ৰ
বেগেৰে নাওখনত পুনৰ এজাক বতাহে খুন্দিয়ালে।লগে লগে নাওখনৰ ভিতৰলৈ পানী
সোমাই আহিল।কিচুমান যাত্ৰীয়ে ধৈৰ্য হেৰুৱাই ব্ৰহ্মপুত্ৰৰ বুকুত জপিয়াই
সাতুৰিবলৈ আৰম্ভ কৰিলে।ঘনকান্ত.বাপধন আৰু ভদ্ৰই সাতুৰিবও নাজানে।নিশ্চিত
মৃত্যুক দেখি তিনিওয়ে কান্দি উঠিল।ইজনে সিজনক গোবা মাৰি ধৰিলে।কিছুমানে
সাতুৰি সাতুৰি পাৰ পাবলৈ চেষ্ঠা চলাইছিল যদিও লুইতৰ ক্ষিপ্ৰ সোঁতত বিফল
হল।অৱশেষত গোটেই নাওখন পানীৰ তলত বুৰ গ’ল।প্ৰায় এশজন যাত্ৰী লুইতৰ বুকুত
যাহ গ’ল।সকোলোৰে সপোন বোৰ মিলি গ’ল লুইতৰ বুকুত।ঘনকান্ত,বাপধন আৰু ভদ্ৰৰো
ভৱিষ্যতৰ সোনালী সপোন তাতেই স্থবিৰ হ’ল।

ইতিমধ্যে লুইতৰ বুকুত নাও দুৰ্ঘটনা হোৱা ঘটনাটো বিয়পি পৰিল গোটেই
অঞ্চলটোত।নিৰুৱে ভাত কেইটা খাই টেলিভিছনটো অন কৰিৱেই দেখা পালে লুইতৰ
বুকুত নাও দুৰ্ঘটনা হোৱা ঘটনাটো। টেলিভিছনৰ পৰ্দাত ভাহি আহিল ব্ৰীকিং
নিওজ।ব্ৰিকিং নিওজ দেখি নিৰুৰ মনত যেন কিবা এটা সন্দেহ উপজিছিল।টেলিভিছনৰ
পৰ্দাত ভাহি আহিল ঘনকান্ত শইকীয়া,ভদ্ৰ কলিতা আৰু বাপধন শইকীয়াৰ মৃত্যু
হোৱাৰ খবৰ।লগে লগে তাই ফোনটো উলিয়াই ঘনকান্তলৈ ফোন লগালে।প্ৰথম অৱস্থাত
ফোনটো ৰিং হৈছিল।তাই ঘনকান্তৰ মাতৰ বিপৰীতে শুনা পালে –“আপ জিস নাম্বাৰ
পৰ কল .........”।কেইবাবাৰো ডায়েল কৰিলে কিন্তু বাৰে বাৰে একেই শুনা
পালে।বাপধন আৰু ভদ্ৰলৈকো ফোন কৰিলে কিন্তু সহাৰি নাপালে।তাইৰ মূৰৰ ওপৰত
সৰগখন ভাগি পৰা যেন অনুভৱ হ’ল।এটা সময়ত তাইৰ চকুৱেদি চকুলো বৈ আহিব
ধৰিলে।দিন দুপৰতে ঘৰৰ ওপৰত এটা ফেঁচাই আহি নিও নিও কৈ মাতিব ধৰিলে।তাই
শোকত ভগি পৰি কান্দি উঠিল।আৰু ঘনকান্তৰ ঘৰলৈ বুলি ঢাপলি মেলিলে।

তিনিওৰে মৃত্যুৰ বাতৰিয়ে গোটেই গাওঁখনত শোকৰ চাঁ পেলালে।শৰতৰ শাৰদীয় বতৰত
গোটেই গাওখনলৈ নামি আহিল এচোতাল বিষাদ।ঘনকান্তহঁতৰ ঘৰৰ চোতালত গাৱঁৰ
ৰাইজ।বেৰ বাতাম দিয়া ঘৰটোৰ বাৰান্দাৰ এচুকত ঘনকান্তৰ ষাঠি বছৰীয়া বিধৱা
মাক।বাৰান্দাখনৰ খুতা এটাতে আউজি মাকে ৰাউচী জুৰি জুৰি কান্দিছে।কাষত
ঘনকান্তৰ ভনীয়েক মনিয়ে মাতিত মূৰ আঁচাৰি আঁচাৰি কান্দিছে।নিৰুৱে মনিৰ
কাষলৈ গৈ মনিক সাৱটি ধৰিলে। ভনীয়েকে তাইক কান্দি কান্দি সকলো কথা কলে।

নিৰুৱে শুনি শুনি এটা সময়ত পাগলীৰ দৰে হৈ উঠিল আৰু তাই চিঞৰি চিঞৰি কলে
“তহঁতে কন্দা কটা নকৰিবি ভন্টি,তেওঁ আহিব,মোৰ বিস্বাস আছে।তেওঁ হালধীয়া
জোনটো হৈ লুইতৰ বুকুৱেদি উজাই আহিব।এইবুলি কৈ তাই খিল খিলকৈ হাহিঁ
দিলে।শোকে তাইৰ বুকুত খুন্দা মাৰি ধৰিলে।তাই দুখত কান্দিব পাহৰি পুনৰ হাঃ
হাঃ কৈ হাহিঁ উঠিল।

মনিয়ে তাইক মাত দিলেঃ-নিৰু বা ঐ নিৰু বা....

নিৰু নিমাত হৈ ৰল।শুকান কাঠ এচটা পৰাৰ দৰে পৰি থাকিল মাতিত।নাই নিৰুৱে
মাত নিদিলে। তাইৰ বিষাদময় চকু যোৰেৰে মনিলৈ থৰ লাগি চাই ৰল।পুনৰ চিঞৰি
চিঞৰি তাই কলে তেওঁ আহিছে,সৌ আকাশৰ জোনটি হৈ আহিছে।চা..চা মনি।চাচোন
চা.... তেওঁ লুইতেদি ভটিয়াই হালধীয়া জোনটো হৈ আহিছে মোৰ
কাষলৈ,হাঃ...হাঃ....খিল খিলাই হাঃ হাঃ কৈ হাহিঁ উঠিল।
(সমাপ্ত)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,099
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,025
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,788
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,285
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,135