বৰষুণ ভালপোৱা ছোৱালীজনীৰ নাম সূৰ্যমূখী --- কুমুদ কলিতা

সূৰ্যমূখী
তুমি মৃতদেহত দিব পাৰা জান,
কোচত লৈ ফুৰা পোহৰ,
সূৰ্যমূখী
তুমি কিয় ভালপোৱা সাগৰ ?
তোমাৰ হৃদয়তো সাজে নেকি প্ৰেম চৰাইয়ে ঘৰ,.!

মোক এখন আকাশ দিয়া,
পাৰা যদি দিয়া অলপ ৰ'দ,
তুমি বৰষুণ ভালপোৱা ছোৱালী
মোকো দিয়া তোমাৰ প্ৰিয় বৰষুণ
উটি যাওক মোৰ কলিজাৰ অসূখীয়া তেজৰ চেকুৰা..

সূৰ্যমূখী
তুমি যে সুধিছিলা
নদী হ'ব খুজিও কিয় হব নোৱাৰিলো ৰঙা, নীলা, হালধীয়া

নিজক এৰি আহি কেৱল বগাহে হব পাৰি,
তুমি ক'লা, তোমাৰ হেনো আছে ৰামধেনুৰ ঠিকনা
আছে যদি ভৰাই তোলা মোৰ হৃদয় উপত্য়কা
আকৌ এবাৰ জীয়াই উঠো
তোমাৰ প্ৰেমেৰে..

দিয়ানা সূৰ্যমূখী..
মোক এখন আকাশ
অলপ ৰ'দ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,038
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,328
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,930