ভগ্ন প্ৰতিচ্ছবি ---- শ্ৰীমুনমী ভট্টাচাৰ্য

শূন্য দুহাতেৰে ৰিক্ত হৃদয়খন লৈ

চাই আছো মোৰ

সেই ভগা
জুপুৰিটো ।

শ্ৰমোপাৰ্জিত
সমলেৰে

আশাৰ পাপৰিবোৰ গাঁঠি

সাজিছিলো
সপোনৰ ঘৰখন ।

কেঁচা মাটিৰ পৰশত

জীপাল হৈ
উঠিছিল

মোৰ সপোনৰ
সোণগুটিবোৰ ।

ভঁৰালটিও ভৰি
আছিল

শস্যৰে
নদন-বদনকৈ ।

কিন্তু আজি ???

একো নাই মোৰ,

মূৰৰ ওপৰত
ৰহস্যময়ী

আকাশ নামৰ
নীলা ছাতিটো

আৰু তলত এখন

বিশাল মৰুভূমি

য’ত হাঁহাকাৰ কৰিলেও

নাই এমুঠি
আহাৰ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:218
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,402
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,598
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:935
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,574