ভূপেন হাজৰিকাৰ স্মৃতিত --- দলিল আহমেদ

কোনে কয় তুমি অকলশৰীয়া
কোনে কয় তুমি গুছি গ’লা
ধন্য তুমি একমাত্ৰ ডেকা অসমীয়া
তুমিয়েই তো সপ্তাকাশৰ ধ্ৰুব তৰা I

হে বিশ্ববিজয়ী পাহোৱাল ডেকা
তোমাৰ আদেশ তোমাৰ উপদেশ
সিচি গৈছা জন সমূদ্ৰত—
সৃষ্টিৰ শিখাত বিপ্লবৰ ফিৰিঙতি
স্নেহ, প্ৰীতি, মৰম, শ্ৰদ্বা আৰু মানৱতাৰ বাণী I

ডাৱৰৰ আৰত কি খেল খেলিছা ?
শিকাই যোৱা অস্ৰবাণৰ গানেৰে-
জগৎ জিনিব পাৰিলে নিশ্চয়
তুমি আকৌ আহিবা !
এয়াই নহয়নে তোমাৰ হৃদয়ৰ কথা I
ভোকাতুৰৰ আৰ্তনাত কিমান নো শুনিবা
কৃষক মজদুৰৰ যাতনা বোৰ কিমান নো উপলব্দি কৰিবা
সংসাৰৰ দূখ যাতনাক উঘালি-
ত্ৰিলোকৰ প্ৰান্তৰৰ পৰা বঞ্চিত জনক
এচেৰঙা পোহৰ বিলাই
বিজয় ধ্বজা উৰুৱাবলৈ
তুমিয়ে্ই তো শিক্ষা দিলা I
মাৰ্ক টোৱেনৰ লগৰ পৰাই হওক
গৰ্কীৰ কাষৰ পৰাই হওক
তোমাৰ সংগীতৰ মূৰ্ছনাৰ ঝংকাৰত
অধীৰ আগ্ৰহৰে ৰৈ আছে অসংখ্য জনতা
জীৱন যুজত জয়ী হবলৈ বিচাৰিছে তোমাৰ উদাত্ত কন্ঠস্বৰ
নহলে নো মানৱ ৰুপী দানৱক ৰুধিব কোনে, কোৱা ?
নতুন দেশলৈ যাত্ৰা তোমাৰ শুভ হওক
পাৰা যদি লক্ষ্য জনৰ মাথো খবৰ এটি লবা
তোমাৰে্ই ছাঁ এই দেশৰ অগনন জনতাI
হে জীবন আকাশৰ নতুন যাত্ৰাৰ অক্লান্ত মহীৰুহ
তুমি নহয় অকলশৰীয়া,
কৃষক বনুৱাই নহয়, সকলোৱেই তোমাৰ লগৰীয়া,
হে বিশ্ববিজয়ী জাগ্ৰত প্ৰহৰি
জানানে – তুমিয়েই যে অনন্যা সমাজ গঢ়োতা I

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,329
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,586
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,967
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,084
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,470
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,351